জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী

"জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী" (দেৱনাগৰী লিপিত: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी; IAST: Jananī janmabhūmiś ca svargād api garīyasī; উচ্চাৰিত: d͡zʌnʌni d͡zʌnmʌbʱumist͡sʌ swʌrɡadʌpi ɡʌrijʌsi) ৰামায়ণৰ এটি সংস্কৃত শ্লোকৰ এশাৰী। ই নেপাল চৰকাৰৰ মূলমন্ত্ৰও।[1]

"মাতৃ আৰু মাতৃভূমি স্বৰ্গতকৈও উত্তম"।[2]

এই বাক্য হিন্দু মহাকাব্য ৰামায়ণৰ কিছু পুনৰাবৃত্তিত প্ৰদৰ্শিত হ'ব পাৰে, যদিও ৰামায়ণৰ সমালোচকীয় সংস্কৰণত ই সন্নিৱিষ্ট নহয়।[3]

তদুপৰি, এই শ্লোকৰ অন্ততঃ দুটি সংস্কৰণ পোৱা যায়। প্ৰথম সংস্কৰণ ১৯৩০ চনত টি আৰ কৃষ্ণচাৰী আৰু টি আৰ ভেম্বকাচাৰীৰ দ্বাৰা মাদ্ৰাচ হিন্দী প্ৰচাৰ প্ৰেছৰ সহায়ত প্ৰকাশিত ৰামায়ণত পোৱা যায়।[4] তাত ভৰদ্বাজে ৰামক কয়:

मित्राणि धन धान्यानि प्रजानां सम्मतानिव |

जननी जन्म भूमिश्च स्वर्गादपि गरीयसी ||

(মিত্ৰাণি ধন ধান্যানি প্ৰজানাং সম্মতানিৱ।

জননী জন্ম ভূমিশ্চ স্বৰ্গাদপি গৰীয়সী।।)

অৰ্থ: মিত্ৰ, ধন আৰু ধান্যক প্ৰজাই অতিকৈ সন্মান কৰে। কিন্তু জননী আৰু জন্মভূমি স্বৰ্গতকৈও উত্তম।


অন্য এক সংস্কৰণত ৰামে লক্ষ্মণক কয়:

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते |

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ||

(অপি স্বৰ্ণময়ী লঙ্কা ন মে লক্ষ্মণ ৰোচতে।

জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী।।)

অৰ্থ: এই স্বৰ্ণময়ী লংকায়ো মোক ৰুচী প্ৰদান কৰা নাই লক্ষ্মণ। জননী আৰু জন্মভূমি স্বৰ্গতকৈও উত্তম।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক