জালুকী কছাৰীয়নী ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। অসমৰ অবিভক্ত শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিত জন্মগ্ৰহণ কৰিছিল।[1] ভাৰতবৰ্ষক ব্ৰিটিছ ৰাজৰ পৰা মুক্ত কৰাৰ সংগ্ৰামত কংগ্ৰেছৰ প্ৰতিটো কাৰ্যসূচীতে তেওঁ অংশগ্ৰহণ কৰিছিল৷‌[2] ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা সমদলত অংশগ্ৰহণ কৰি পুলিচৰ গুলীৰ দ্বাৰা বাওঁকান্ধত গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰে।[3][4]

ঘটনাক্ৰম

সম্পাদনা কৰক

ভাৰত ত্যাগ আন্দোলনৰ প্ৰতিক্ৰিয়া অবিভক্ত দৰং জিলাত আছিল সৰ্বাত্মক। বিশেষকৈ কলাবাৰী, বৰঙাবাৰী, গহপুৰ, বিহালী, চাৰিআলি, চতিয়া আৰু জামুগুৰি অঞ্চলসমূহত স্বতঃস্ফূৰ্তভাৱে উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল।[5]

দৰং জিলা কংগ্ৰেছ কমিটীয়ে ব্ৰিটিছ কৰ্তৃত্বৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা থানা আৰু আদালত ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি পুষ্পালতা দাসৰ নেতৃত্বত ২০ ছেপ্টেম্বৰ তাৰিখে গহপুৰ, ঢেকীয়াজুলি, বিহালী আৰু চতিয়াত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পৰিকল্পনা কৰা হয়।[5]

প্ৰস্তাৱিত দিনা উপৰোক্ত অঞ্চলৰ পুৰুষ-মহিলা উভয়েই নিজৰ নিজৰ আৰক্ষী থানালৈ শান্তিপূৰ্ণ আৰু অনুশাসিতভাৱে শোভাযাত্ৰা উলিয়াইছিল। আৰক্ষীয়ে অতৰ্কিতভাৱে শান্তিপূৰ্ণ শোভাযাত্ৰাকাৰীসকলৰ ওপৰত গুলীচালনা কৰে।[5] ফলত, গহপুৰত কনকলতা বৰুৱা, ঢেকীয়াজুলিত খহুলী দেৱী আৰু কুমলি দেৱী গুলীত আঘাতপ্ৰাপ্ত হৈ থিতাতে মৃত্যু হয়। আকৌ, ঢেকীয়াজুলিত তিলেশ্বৰী বৰুৱা আৰু জালুকী কছাৰিয়নী গুলীৰ আঘাতত মৃত্যু হয়।[6][7]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. "স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী - VOICE 24x7" (en-US ভাষাত). 2024-08-15. https://voice24x7.in/opinion/revolutionary-fighter-in-the-freedom-struggle/। আহৰণ কৰা হৈছে: 2024-10-15. 
  2. Borah, Hiranya (2024-02-06) (en ভাষাত). The Fearless Revolutionary: The true account of Kanaklata Barua's sacrifice for India's freedom ǀ True story of one of the greatest freedom fighters from Assam. Sristhi Publishers & Distributors. ISBN 978-93-95192-60-6. https://books.google.co.in/books?id=3h7wEAAAQBAJ&pg=PA103&dq=jaluki+dhekiajuli&hl=en&newbks=1&newbks_redir=0&source=gb_mobile_search&sa=X&ved=2ahUKEwjnuZaxwZCJAxU24TgGHUpKKiAQ6AF6BAgJEAM#v=onepage&q=jaluki%20dhekiajuli&f=false. 
  3. Bharat, E. T. V. (2024-09-21). "১৯৪২ৰ ২০ ছেপ্টেম্বৰৰ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ কাহিনীৰে : মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে শ্বহীদ উদ্যান - Swahid Nagari Dhekiajuli" (as ভাষাত). ETV Bharat News. https://www.etvbharat.com/as/!state/lets-know-about-the-women-martyrs-of-freedom-movement-from-dhekiajuli-known-as-the-swahid-nagari-assam-news-ass24092105062। আহৰণ কৰা হৈছে: 2024-10-15. 
  4. "দেশৰ হকে প্ৰাণ ত্যাগ কৰা .....". https://blog.mygov.in/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E0%A6%95%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: 25 August 2023. 
  5. 5.0 5.1 5.2 Borah, Hiranya (2024-02-06) (en ভাষাত). The Fearless Revolutionary: The true account of Kanaklata Barua's sacrifice for India's freedom ǀ True story of one of the greatest freedom fighters from Assam. Sristhi Publishers & Distributors. ISBN 978-93-95192-60-6. https://books.google.co.in/books?id=3h7wEAAAQBAJ&pg=PA103&dq=jaluki+dhekiajuli&hl=en&newbks=1&newbks_redir=0&source=gb_mobile_search&sa=X&ved=2ahUKEwjnuZaxwZCJAxU24TgGHUpKKiAQ6AF6BAgJEAM#v=onepage&q=jaluki%20dhekiajuli&f=false. 
  6. Sharma, Dr Dipti (1993) (en ভাষাত). Assamese Women in the Freedom Struggle. Punthi-Pustak. ISBN 978-81-85094-61-8. https://books.google.co.in/books?id=MFZuAAAAMAAJ&q=jaluki+dhekiajuli&dq=jaluki+dhekiajuli&hl=en&newbks=1&newbks_redir=0&source=gb_mobile_search&sa=X&ved=2ahUKEwjnuZaxwZCJAxU24TgGHUpKKiAQ6AF6BAgLEAM. 
  7. (en ভাষাত) Nationalist Upsurge in Assam. Government of Assam. 2000. https://books.google.co.in/books?id=hTduAAAAMAAJ&pg=PA248&dq=jaluki+dhekiajuli&hl=en&newbks=1&newbks_redir=0&source=gb_mobile_search&sa=X&ved=2ahUKEwjnuZaxwZCJAxU24TgGHUpKKiAQ6AF6BAgEEAM#v=onepage&q=jaluki%20dhekiajuli&f=false.