জাৰোৱা (ইংৰাজী: Jarawa, Järawa, Jarwa) বা অং (জাৰোৱা: Aong, উচ্চাৰণ [əŋ][2]) ভাৰতৰ আন্দামান দ্বীপপুঞ্জৰ এটা আদিবাসী আন্দামানীয়া জাতি। তেওঁলোক দক্ষিণ আন্দামান দ্বীপ আৰু মধ্য আন্দামান দ্বীপত থাকে আৰু বৰ্তমানে তেওঁলোকৰ সংখ্যা ২৫০ৰ পৰা ৪০০গৰাকী। বাহিৰা লোকৰ লগত তেওঁলোকৰ ভাব-বিনিময় নেওচা আৰু তেওঁলোকৰ সমাজ, সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে ভালদৰে জানিব পৰা যোৱা নাই।

জাৰোৱা
অং
মুঠ জনসংখ্যা
মোটামুটি ২৫০-৪০০ (প্ৰাককলন)

৩৮০ (২০১১চনৰ ভাৰতৰ লোকপিয়ল)[1]

উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
দক্ষিণ আন্দামান দ্বীপৰ পশ্চিম ফালে আৰু মধ্য আন্দামান দ্বীপ (ভাৰত)
ভাষাসমূহ

জাৰোৱা, যি এটা অঙীয়া ভাষা

ধৰ্ম

পৰম্পৰাগত

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

আন খিলঞ্জীয়া আন্দামানীয়া মানুহ, বিশেষকৈ অঙে

জাৰোৱা সকলে ভাৰতত আদিবাসী বুলি স্বীকৃতি পাইছে। বাকী আন্দামানীয়া লোকৰ লগতে জাৰোৱা সকলো বহু হেজাৰ বছৰৰ পৰা দ্বীপবিলাকত থাকি আছে। বহু আগৰে পৰা বাহিৰা মানুহে আন্দামান দ্বীপপুঞ্জৰ কথা জানিছিল যদিও খুব শেহতীয়াকৈহে বাহিৰা লোক তেওঁলোকৰ ওচৰলৈ কেতিয়াবা যোৱা হৈছিল আৰু এই সম্পৰ্কবোৰ স্থায়ী হৈ পৰিছে। তেওঁলোকৰ ইতিহাসৰ বেছিভাগ কালত তেওঁলোকৰ সম্পৰ্ক অকল বাকী আন্দামানীয়া লোকৰ লগতহে আছিল। বহু দশকত এই জাতিটোৰ লগত সম্পৰ্ক বৰকৈ কমিছিল।

জাৰোৱাসকলে এতিয়া বিলুপ্ত হোৱা জাঙিল জাতিক তেওঁলোকক জন্মদিয়া জাতি বুলি মানিছিল, আৰু তেওঁলোকৰ পৰা কেইবা শতিকা বা হেজাৰ বছৰৰ আগতে জাৰোৱাসকল বেলেগ হৈছিল (যদিও পিছলৈ জাৰোৱা সকলৰ সংখ্যা জাঙিলসকলতকৈ বেছি হৈ গৈছিল আৰু জাঙিলসকলৰ বিলুপ্তিৰ পিছতো জীয়াই আছে) বুলি কিছুমান ইংগিত দেখা যায়।[3] জাঙিলসকল (যাক ৰুটলেণ্ড দ্বীপৰ আকা-বেয়াও বোলে) ১৯৩১লৈ বিলুপ্ত হৈ গৈছিল বুলি ধাৰণা কৰা হৈছে।[4]

জাৰোৱাসকলক ভাৰতত অনুসূচীত জনজাতি বুলি অভিহিত কৰা হয়।[5]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. http://www.censusindia.gov.in/2011census/PCA/SC_ST/PCA-A11_Appendix/ST-35-PCA-A11-APPENDIX.xlsx
  2. Kumar, Pramod (2012). Descriptive and Typological study of Jarawa (Ph.D.). Jawaharlal Nehru University. 
  3. Maurice Vidal Portman (1898), Notes on the Languages of the South Andaman Group of Tribes, Office of the Superintendent of Government Printing, Government of India, https://books.google.com/books?id=1BYTAAAAYAAJ, "... 'Jangil' is here used for 'Ancestors.' I found that this word was used by the very ancient Aka-Bea-da for the name of the hostile inland tribe in the South Andaman, who are now known as Jarawas and who belong to the Onge group of tribes." 
  4. George van Driem (2001), Languages of the Himalayas: An Ethnolinguistic Handbook of the Greater Himalayan Region : Containing an Introduction to the Symbiotic Theory of Language, BRILL, ISBN 90-04-12062-9, https://books.google.com/books?id=fiavPYCz4dYC, "... The Aka-Kol tribe of Middle Andaman went extinct by 1921. The Oko-Juwoi of Middle Andaman and the Aka-Bea of South Andaman and Rutland Island were extinct by 1931. The Akar-Bale of Ritchie's Archipelago, the Aka-Kede of Middle Andaman and the A-Pucikwar of South Andaman Island soon followed. By 1951, the census counted a total of only 23 Greater Andamanese and 10 Sentinelese. That means that just ten men, twelve women and one child remained of the Aka-Kora, Aka-Cari and Aka-Jeru tribes of Greater Andaman and only ten natives of North Sentinel Island ..." 
  5. "List of notified Scheduled Tribes". Census India. পৃষ্ঠা: 27. Archived from the original on 7 November 2013. https://web.archive.org/web/20131107225208/http://censusindia.gov.in/Tables_Published/SCST/ST%20Lists.pdf। আহৰণ কৰা হৈছে: 15 December 2013.