আদিবাসী

ভাৰতীয় উপমহাদেশৰ জনজাতিসকলৰ সম্মিলিত শব্দ

আদিবাসী হ'ল ভাৰতীয় উপমহাদেশৰ জনজাতি (tribe)-সকলৰ সম্মিলিত শব্দ,[1] যিসকলক ভাৰতৰ থলুৱা লোক হিচাপে বিবেচনা কৰা হয়। পিছে ভাৰতে আনুষ্ঠানিক ভাবে জনজাতিসকলক খিলঞ্জীয়া লোক হিচাপে বিবেচনা নকৰে।[2] আদিবাসী লোকসকল কোনো এক অঞ্চলত স্থায়ীভাবে বসবাস কৰে নতুবা যাযাবৰ জীৱন-যাপন কৰে। এই শব্দটো আন দেশৰ জাতিগত সংখ্যালঘু, যেনে বাংলাদেশচাকমা, নেপালথাৰু তথা পাকিস্তানভিল আদিৰ বাবেও ব্যৱহাৰ কৰা হয়।

মধ্যপ্ৰদেশৰ গোণ্ড জনগোষ্ঠীৰ আদিবাদী মহিলা

আদিবাসীসকল ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ৮.৬% বা প্ৰায় ১০.৪ কোটি।[3][4][5] আদিবাসী সমাজ অন্ধ্ৰপ্ৰদেশ, ছত্তিশগড়, গুজৰাট, ঝাড়খণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, পশ্চিমবঙ্গ, উত্তৰ পূব ভাৰত আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বিশেষভাবে দেখা যায়।

যদিও আদিবাসীসকলক ভাৰতৰ আদি বাসিন্দা হিচাবে বিবেচিত কৰা হয়, তথাপিও বৰ্তমানৰ আদিবাসীসকল সিন্ধু সভ্যতাৰ পতনৰ পাছতহে গঠিত হৈছিল, যিসকল প্ৰাচীন চিকাৰী, সিন্ধু সভ্যতাৰ লোক, ইণ্ডো-আৰ্য আৰু অষ্ট্ৰোএচিয়াটিক তথা তিব্বতীয়-বৰ্মণ ভাষীক লোকৰ বিভিন্ন স্তৰৰ বংশধৰ।[6][7][8] আদিবাসী ভাষাসমূহ পাঁচটা ভাষাতাত্ত্বিক গোষ্ঠীত শ্ৰেণীবদ্ধ কৰা যায়: আন্দামানিজ, অষ্ট্ৰোএচিয়াটিক, দ্ৰাবিড়, ইণ্ডো-আৰ্য, চীনা-তিব্বতীয় আৰু ক্ৰা-ডাই[9]

তথ্য সংগ্ৰহসম্পাদনা কৰক