জীৱন সুৰভি

অসমীয়া চলচ্চিত্ৰ

জীৱন সুৰভি (ইংৰাজী: Jeewan Suravee) ১৯৮৪ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। এইখন প্ৰথম অসমীয়া ফিল্মস্কোপ ছবি। এক সপেৰা এক লুটেৰা (১৯৬৫),আগ (১৯৬৭),টাংগেৱালা (১৯৭২),দো জাচুচ (১৯৭৫),গোপীচান্দ জাচুচ (১৯৮২) আদি বলীউডী চলচ্চিত্ৰৰ পৰিচালক নৰেশ কুমাৰে[1] এই ছবিখন পৰিচালনা কৰিছিল। মূল চৰিত্ৰত অভিনয় কৰিছিল নিপন গোস্বামী আৰু বিদ্যা ৰাৱে[2]

জীৱন সুৰভি

জীৱন সুৰভিৰ ভিডিঅ’ চিডি কভাৰ
পৰিচালক নৰেশ কুমাৰ
ৰচনা মহেন্দ্ৰ বৰঠাকুৰ
চিত্ৰনাট্য নৰেশ কুমাৰ
কাহিনী নৰেশ কুমাৰ
প্ৰযোজক বি এন দাগা
অভিনয়ত নিপন গোস্বামী
বিদ্যা ৰাও
চিত্ৰগ্ৰহণকাৰী ৰকী ফানচেৰা
সম্পাদনা বিজয় চৌধুৰী
সংগীত পৰিচালক ভূপেন উজীৰ
মুক্তি
১৯৮৪
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

জীৱন এজন কোম্পানীৰ ট্ৰাক ড্ৰাইভাৰ। ঘাট-মাউৰা সুৰভিয়ে সংসাৰৰ প্ৰতি বিৰাগ ওপজাত ট্ৰাকৰ তলত পৰি আত্মহত্যা কৰিবলৈ আহিছিল। জীৱনে তাইক বচায় আৰু তাইৰ সৈতে সংসাৰ পাতে। তেওঁৰ সততা আৰু পৰিশ্ৰমী গুণটোৰ বাবে কোম্পানীয়ে তেওঁক পদোন্নতি দিয়ে। বৈবাহিক জীৱনৰ চিন স্বৰূপে তেওঁলোকৰ ল’ৰা এটাও জন্ম পালে। নাম থলে ৰূপম। কিন্তু সংগদোষত জীৱনে সুৰাত হাত দিলে আৰু ক্ৰমাৎ ই এটা এৰাব নোৱাৰা অভ্যাসত পৰিণত হ’ল। ঘটনাক্ৰমে তেওঁৰ হাতত এজন লোকৰ মৃত্যু হোৱাত তেওঁ কাৰাবাস খাটিবলগীয়া হয়।

সৎ আচৰণৰ বাবে ছমাহ পূৰ্বে জীৱন কাৰাগাৰৰ পৰা মুক্ত হয়। মুকলি হৈ আহি সি গম পালে যে সুৰভি বৰ্তমান এখন মহাবিদ্যালয়ৰ শিক্ষয়ত্ৰী। তেওঁৰ কলংকিত অতীত জীৱনৰ কথা যাতে প্ৰকাশ নাপায়, তাৰবাবে পৰিচয় গোপন কৰি তেওঁ সেইখন মহাবিদ্যালয়ৰে মালিৰ কামত সোমায়। ৰূপমে সেই মহাবিদ্যালয়ৰ অধ্যক্ষৰ ছোৱালী সংগীতাক ভাল পায়। দুয়োখন ঘৰৰ সন্মতিত সিহঁতৰ বাকদানো সম্পন্ন হয়।

ইফালে ৰূপমহঁত পঢ়া একে মহাবিদ্যালয়ৰ ছাত্ৰ ৰাজেনে সংগীতাক অসৎ ব্যৱহাৰ কৰাত তাক মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হয়। প্ৰতিশোধ লবলৈ সি সংগীতাক অপহৰণ কৰে। ৰুপমে তাৰ দেউতাক জীৱনৰ সহায়ত সংগীতাক উদ্ধাৰ কৰে আৰু অৱশেষত জীৱন আৰু সুৰভিৰ মিলন হয়।[2]

অভিনয় শিল্পী সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

ছবিখনৰ সংগীত পৰিচালনা কৰিছে ভূপেন উজীৰে। গীত লিখিছে হেমন্ত দত্তই।[3][4]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "কিনো অভাগা কপাল হৰি, কিনো তোৰ নিঠুৰ বিধান"  হেমন্ত দত্তভূপেন হাজৰিকা  
2. "মৰমে ওপচা ওমলা বাটেৰে লগৰী"  হেমন্ত দত্তঅৰুণ দাস, শান্তা শৰ্মা  
3. "ঠুৰীয়া তামোলখন চেনাই অ’, যতনাই আনিছো অ’ চেনাই অ’"  হেমন্ত দত্ত   
4. "হিয়াৰ সাঁচতীয়া অ’ চেনাই বা**ৰ সাজ আনিছো অ’ যতনাই মেৰিয়াই লবি (বিহু)"  হেমন্ত দত্তঅৰুণ দাস, মহানন্দ মজিন্দাৰ বৰুৱা, শান্তা শৰ্মা  
5. "পূৰ্ণ ঘৰত শূন্য হৃদয়, যেন সূৰ্য বিহীন দিন"  হেমন্ত দত্তমহানন্দ মজিন্দাৰ বৰুৱা  
6. "মই এটি মুকলি পখী উভতিছো ঘৰলৈ বুলি"  হেমন্ত দত্তঅৰুণ দাস  
7. "আমেজভৰা আউসীৰ ৰাতি মোৰ সতে কোনো নাই"  হেমন্ত দত্তঅৰুণ দাস  

তথ্যউৎস সম্পাদনা কৰক

  1. "Filmography of Naresh Kumar". www.imdb.com. https://www.imdb.com/name/nm0474840/। আহৰণ কৰা হৈছে: 16 November 2021. 
  2. 2.0 2.1 2.2 "Jeevan Surabhi (1984)". youtube.com. https://www.youtube.com/watch?v=I3fA9q_nFxc। আহৰণ কৰা হৈছে: 19 November 2021. 
  3. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 417. 
  4. "Tracks of Jiban Surabhi". Music India Online. Archived from the original on 16 November 2021. https://web.archive.org/web/20211116153537/https://mio.to/album/Jiban+Surabhi+(1984)+-+Assamese। আহৰণ কৰা হৈছে: 16 November 2021.