ভূপেন উজীৰ

ভাৰতৰ কণ্ঠশিল্পী, সুৰকাৰ, বাদ্যযন্ত্ৰী, সংগীত পৰিচালক

ভূপেন উজীৰ (ইংৰাজী: Bhupen Uzir) হৈছে অসম, ভাৰতৰ এগৰাকী সংগীত শিল্পী, সুৰকাৰ, বাদ্যযন্ত্ৰী[2] আৰু সংগীত পৰিচালক৷ তেখেতে জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, প্ৰতিদান, বুকুৰ মাজত জ্বলে, যৌৱনে আমনি কৰে,[3] এই মৰম তোমাৰ বাবেকে ধৰি বিশখনৰো অধিক অসমীয়া ছবিৰ বাবে সংগীত পৰিচালনা কৰিছে৷[2][4] ২০২৩ চনত তেখেতক জীৱনজোৰা সাধনাৰ বঁটা প্ৰদান কৰা হয়৷

ভূপেন উজীৰ
Bhupen Uzir
জন্ম ৫ এপ্ৰিল, ১৯৫৩
যোৰহাট, অসম
মৃত্যু ০৯ জানুৱাৰী, ২০২৪ (৭০ বছৰ)
নেমকেয়াৰ চিকিৎসালয়, গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা সঙ্গীত পৰিচালক, বাদ্যযন্ত্ৰী, সুৰকাৰ, ভাৰতীয় খাদ্য নিগমৰ চাকৰিয়াল[1]
দাম্পত্যসঙ্গী শান্তা উজীৰ
সন্তান প্ৰীতিস্মিতা উজীৰ আৰু কীৰ্তিকা উজীৰ
বঁটা, সন্মান, পুৰস্কাৰ আদি জীৱনজোৰা সাধনাৰ বঁটা (২০২৩)

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

ভূপেন উজীৰৰ জন্ম হৈছিল ১৯৫৩ চনৰ ৫ এপ্ৰিলত, যোৰহাটত। শিল্পীগৰাকীয়ে যোৰহাটতে শৈশৱ পাৰ কৰে৷ [2] তেখেতৰ পিতৃৰ নাম আছিল নীৰেন উজীৰ৷ যোৰহাটৰ চাৰি নম্বৰ ৱাৰ্ড প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ভূপেন উজীৰে পৰৱৰ্তী সময়ত যোৰহাটৰে গৱৰ্ণমেণ্ট বয়জ হাইস্কুলত নামভৰ্তি কৰে৷ ইয়াত শিক্ষা শেষ কৰি পৰৱৰ্তী সময়ত তেখেত গুৱাহাটীৰ বাণিজ্য মহাবিদ্যালয়ত উচ্চশিক্ষাৰ বাবে নামভৰ্তি কৰে৷ বাল্যকালৰে পৰা সংগীতৰ প্ৰতি তেখেতে বিশেষ ৰুচি আছিল৷ গীটাৰকে ধৰি একাধিক বাদ্যযন্ত্ৰ বজাবলৈ তেওঁ শিকিছিল৷ [5]

কৰ্মজীৱন সম্পাদনা কৰক

ভূপেন উজীৰে ভাৰতীয় খাদ্য নিগমত কিছুসময়ৰ বাবে চাকৰি কৰে৷ চাকৰিৰ সময়ছোৱাতো তেখেতে সংগীতৰ অনুশীলন এৰি দিয়া নাছিল। যেতিয়া চাকৰিজীৱনে তেখেতৰ সাংগীতিক যাত্ৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা যেন অনুমান হ'ল, তেতিয়া তেখেতে ভাৰতীয় খাদ্য নিগমৰ চাকৰি ত্যাগ কৰিলে৷[2]

চাকৰি ত্যাগ কৰি ভূপেন উজীৰে গুৱাহাটীৰ গীতানগৰত এটা ভাড়াঘৰ লয়৷ এইটো ভাড়াঘৰতে তেখেতে পোনপ্ৰথমবাৰৰ বাবে নিজাববীয়াকৈ এটা সংগীতৰ ষ্টুডিঅ' সাজু কৰি তুলিলে৷ ষ্টুডিঅ'টোৰ নাম আছিল অডিটেক[2][5][3]ইতিমধ্যে ব্যৱহৃত এটা শব্দগ্ৰহণ যন্ত্ৰ ক্ৰয় কৰি তেখেতে এই ষ্টুডিঅ'টো আৰম্ভ কৰিছিল।[2]

ভূপেন উজীৰে পৰৱৰ্তী সময়ত ভ্ৰাইব্ৰেশ্বন নামেৰে এটি সাংগীতিক বেণ্ডো আৰম্ভ কৰে৷ উল্লেখ্য যে, বেণ্ডটোৱে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়৷ তেখেতে নিজেই গীতাৰ নিৰ্মাণ কৰিছিল৷[5]

সংগীত পৰিচালনা সম্পাদনা কৰক

ভূপেন উজীৰে সংগীত পৰিচালনা কৰা কেইখনমান অসমীয়া চলচ্চিত্ৰ হৈছে:

ব্যক্তিগত জীৱন সম্পাদনা কৰক

ভূপেন উজীৰে অসমীয়া সংগীত জগতৰ এগৰাকী পৰিচিত শিল্পী আৰু একাধিক অসমীয়া ছবি তথা এলবামত কণ্ঠদান কৰা শান্তা উজীৰৰ লগত বিবাহপাশত আবদ্ধ হৈছিল৷ পৰৱৰ্তী সময়ত ভূপেন-শান্তাৰ যুটিটোক অসমীয়া সংগীত জগতৰ এক উল্লেখযোগ্য যুটি বুলি অভিহিত কৰা হয়৷ [5] পৰৱৰ্তী সময়ত দম্পতীটো প্ৰীতিস্মিতা আৰু কীৰ্তিকা নামৰ দুগৰাকী কন্যা সন্তানৰ অভিভাৱকত্ব অৰ্জন কৰে৷

বঁটা-বাহন সম্পাদনা কৰক

২০২৩ চনৰ ২৪ ডিচেম্বৰত ভূপেন উজীৰে অসমৰ ৰেঙনি মিউজিক এৱাৰ্ডৰ পৰা জীৱনজোৰা সাধনাৰ বঁটা লাভ কৰে৷ [5]

মৃত্যু সম্পাদনা কৰক

২০২৪ চনৰ পহিলা জানুৱাৰীৰ পৰা ভূপেন উজীৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল৷ তেখেতক ৬ তাৰিখে গুৱাহাটীস্থ নেমকেয়াৰ চিকিৎসালয়ত উন্নত চিকিৎসাৰ হেতু ভৰ্তি কৰোৱা হয়৷[3] এইখন চিকিৎসালয়তে তেখেতে ৯ জানুৱাৰী, মঙলবাৰৰ নিশা দহ বজাত শেষ নিশ্বাস ত্যাগ কৰে।[2] [1][6] মৃত্যুৰ সময়ত তেওঁ পত্নী শান্তা উজীৰ আৰু দুগৰাকী জীয়ৰীক এৰি থৈ যায়৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "মৃত্যুৰ ওচৰত হাৰ মানিলে ভূপেন উজীৰে". ETV Bharat. 9 January 2024. https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/musician-bhupen-uzir-passes-away/assam20240109230230943943400। আহৰণ কৰা হৈছে: 10 January 2024. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 "বিশিষ্ট সংগীত শিল্পী ভূপেন উজীৰৰ দেহাৱসান, আজি সম্পন্ন কৰা হ’ব শিল্পীগৰাকীৰ শেষকৃত্য". NEWS 18 ASSAM. JANUARY 10, 2024. https://assam.news18.com/news/assam/assam-music-director-bhupen-uzir-passes-away-his-last-rites-to-be-performed-at-navagraha-crematorium-js-sb-351139.html। আহৰণ কৰা হৈছে: 10 January 2024. 
  3. 3.0 3.1 3.2 "Irreplaceable loss...". News Live TV. 10 January, 2024. https://newslivetv.com/irreplacable-loss-assamese-entertainment-industry-mourns-bhupen-uzirs-demise/#google_vignette। আহৰণ কৰা হৈছে: 10 January 2024. 
  4. "Veteran Music Director Bhupen Uzir Passes Away In Guwahati". assam front. 9 January 2024. https://assamfront.com/assam/assam-veteran-music-director-bhupen-uzir-passes-away-in-guwahati/5138/। আহৰণ কৰা হৈছে: 10 January 2024. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 5.6 "সংগীতৰ কালজয়ী সৃষ্টি". দৈনিক জনমভূমি. প্ৰকাশক গুৱাহাটী. ১০ জানুৱাৰী, ২০২৪. পৃষ্ঠা ১ আৰু ১৫. 
  6. "Legendary Music Director Bhupen Uzir". Sentinal. 10 January, 2024. https://www.sentinelassam.com/north-east-india-news/assam-news/assam-legendary-music-director-and-composer-bhupen-uzir-passes-away-685833। আহৰণ কৰা হৈছে: 10 January 2024.