জ্ঞান বিজ্ঞান একাডেমী
জ্ঞান বিজ্ঞান একাডেমী (Gyan Vigyan Academy) অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয়। এইখন মহাবিদ্যালয় ২০০৭ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খন জ্ঞান বিজ্ঞান একাডেমী 'চাইটিয়ে পৰিচালনা কৰে। উক্ত চ'চাইটিখন চ'চাইটি আইন ১৮৮০ৰ অন্তৰ্ভুক্ত। বিদ্যালয়খনৰ পৰিচালক হৈছে অনুজ কুমাৰ বৰপুজাৰী আৰু বৰ্তমানৰ অধ্যক্ষ হৈছে ৰাজীৱ চাহু। বিদ্যালয়খন ব্যক্তিগত খণ্ডৰ অন্তৰ্গত।[1]
জ্ঞান বিজ্ঞান একাডেমী | |
অৱস্থান | |
---|---|
বৈৰাগীমঠ, ডিব্ৰুগড়, অসম, ভাৰত | |
প্ৰাথমিক তথ্যসমূহ | |
প্ৰকাৰ | ব্যক্তিগত |
নীতি | EDUCATION FOR ELEVATION |
প্ৰতিষ্ঠাকাল | ২০০৭ |
অধ্যক্ষ | ৰাজীৱ চাহু |
অৱস্থান আৰু চৌহদ
সম্পাদনা কৰকডিব্ৰুগড় চহৰৰ মাজ মজিয়াৰ বৈৰাগীমঠত অৱস্থিত। বিদ্যালয়খনৰ সন্মুখতে আছে ঐতিহাসিক কনভয় ৰ'ড। জ্ঞান বিজ্ঞান ডিব্ৰুগড় ৰেল ষ্টেচনৰ নিচেই কাষত অৱস্থিত।
সকলো সা-সুবিধাৰে ভৰা জ্ঞান বিজ্ঞানত আধুনিক পৰীক্ষাগাৰ আৰু পুথিভৰাঁল আছে। তদুপৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা, যেনে: JEE (Mains আৰু Advance), AIIMS, NIFT, CLAT, Assam CEE ইত্যাদি আৰু বিভিন্ন উচ্চশিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে ইয়াৰ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ আৰু কেৰিয়াৰ গাইডেন্স দিয়া হয়।
শিক্ষা
সম্পাদনা কৰকজ্ঞান বিজ্ঞান একাডেমীয়ে বিজ্ঞান, বাণিজ্য আৰু কলা - এই তিনিটা বিভাগৰে উচ্চতৰ মাধ্যমিকৰ পাঠদান কৰা হয়। ই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্ভুক্ত।