টানবাজাৰ
টানবাজাৰ (ইংৰাজী: Tanbazar; বঙালী: টানবাজাব় যৌনপল্লি) মধ্য বাংলাদেশৰ নাৰায়নগঞ্জৰ ২০০০ কোঠাযুক্ত এখন পতিতালয় আছিল, যিখন ১৯৯৯ চনত বন্ধ কৰি দিয়া হৈছে। ৩৫০০জনী পতিতা বাস কৰা এইখনে দেশখনৰ বৃহত্তম পতিতালয় আছিল। [1][2][3]
ইতিহাস
সম্পাদনা কৰকএই পতিতালয়খন ১৮৮৮ চনত ব্ৰিটিছ শাসন কালত স্থাপিত হৈছিল।[4] সেই সময়ত নাৰায়ণগঞ্জ এছিয়াৰ সৰ্ববৃহৎ শুল্ক-মুক্ত নদী বন্দৰ আছিল। তাত বাস কৰা ব্ৰিটিছখিনিৰ উপভোগৰ বাবে বলপূৰ্বকভাৱে গাঁৱৰ পৰা মহিলাসকলক অনা হয়। পিছলৈ এই মহিলাখিনি সামাজিকভাৱে পৰিত্যক্ত হৈ পৰে। ক’তো যাবলৈ সুবিধা নথকাত মহিলাখিনি টানবাজাৰ এলেকাত গোট খায় আৰু এনেকৈয়ে পতিতালয়খন গঢ় লৈ উঠে। [2]
চাব মেহেৰ নামৰ এজনী চৈধ্য বছৰীয়া ছোৱালীক এখন দুখীয়া গাঁৱৰ পৰা কামৰ প্ৰলোভনেৰে নাৰায়ণগঞ্জলৈ মাতি আনে আৰু টানবাজাৰৰ পতিতালয়ৰ চৰ্দাৰনীৰ ওচৰত বিক্ৰি কৰি দিয়ে। তাই পতিতা বৃত্তিত জড়িত হ’ব নিবিচৰাত তাইৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলায়। গুৰুত্বৰভাৱে আহত ছোৱালীজনীক ঢাকা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় যদিও ১৯৮৫ চনৰ ৯ এপ্ৰিলত তাইৰ মৃত্যু হয়। ছোৱালীজনীৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰে আৰু প্ৰচাৰ মাধ্যমত পতিতালয়খনৰ বিৰুদ্ধে প্ৰচুৰ লিখালিখি হয়। [5] এটা আৰক্ষী অভিযানত টানবাজাৰত ৫৫জনী অপ্ৰাপ্তবয়স্ক ছোৱালী উদ্ধাৰ হয়। আৰক্ষীয়ে ১৫জনী চৰ্দাৰনীক বলেৰে এই ছোৱালীখিনিত ব্যৱসায়ত লিপ্ত কৰোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। [6]
যৌনকৰ্মীসকলে তেওঁলোকৰ সুৰক্ষাৰ বাবে আৰক্ষী আৰু সুৰক্ষাকৰ্মীক ধনৰ উপৰিও বিনামূলীয়াকৈ যৌনকৰ্মৰ সুবিধা দিব লাগিছিল। তেওঁলোকে স্থানীয় বিষয়া আৰু ৰাজনৈতিক দলবোৰকো অবৈধভাৱে ধন আদায় দিব লাগিছিল। [7]
উচ্ছেদ
সম্পাদনা কৰক১৯৯৯ চনৰ ২৫ জুনৰ স্থানীয় আৱামী লীগৰ সাংসদ শামিম ওচমানে পতিতালয়খন বন্ধ কৰা আৰু যৌনকৰ্মীসকলৰ পুনৰ সংস্থাপনৰ বাবে ৫০জন সদস্যৰ এখন কমিটি গঠন কৰে। সেই বছৰৰে ২৯ জুনত ১৬ গৰাকী স্বত্বাধিকাৰীৰ ১৩ গৰাকীয়ে পতিতালয়খন বন্ধ কৰাত সন্মতি দিয়ে। [2]
৩০ জুনৰ নিশা আৰক্ষীয়ে অভিযান চলাই ১৬জন গ্ৰাহকক গ্ৰেপ্তাৰ কৰে। পিছদিনাখন দোকমোকালিতে এগৰাকী যৌনকৰ্মীক হত্যা কৰা হয় আৰু পতিতালয়খন ভিতৰে-বাহিৰে উত্তেজনা বিয়পি পৰে। [2]
স্থানীয় প্ৰশাসনৰ হেঁচাত স্বত্বাধিকাৰীসকলে পতিতালয়খন ১৯৯৯ চনৰ ১২ জুলাইত বন্ধ কৰি দিয়ে। [7] কিন্তু যৌনকৰ্মীসকলে সেই ঠাই এৰিবলৈ অমান্তি হয়। বিদ্যুৎ আৰু পানীৰ সংযোগ বন্ধ কৰি দিয়াৰ উপৰিও এটা আৰক্ষীৰ দল সেই স্থানত মোতায়েন কৰা হয়, যাতে তাত কোনো গ্ৰাহকে প্ৰৱেশ কৰিব নোৱাৰে। [8]
পতিতালয়ৰ নেতাবোৰে ১৪ জুলাইত এখন প্ৰেছমেল পাতি তেওঁলোকক উচ্ছেদ নকৰিবলৈ চৰকাৰক আহ্বান জনায়। বহু কেইটা বেচৰকাৰী অনুষ্ঠানে তেওঁলোকক সহযোগিতা আগবঢ়ায়। [2][9]
২৪ জুলাইত ১৪০জন আৰক্ষী আৰু ৩৪জন দণ্ডাধীশে পতিতালয়খনত অভিযান চলায়। বহু কেইজন যৌনকৰ্মীৰ নেতাক গ্ৰেপ্তাৰ কৰা হয় আৰু বহুতে গ্ৰেপ্তাৰৰ ভয়ত পলাই যায়। ২৬৭ গৰাকী যৌনকৰ্মীক কৰায়ত্ব কৰি তেওঁলোকক গাজীপুৰৰ কেন্দ্ৰ এটালৈ পঠিয়াই দিয়ে। [2][10]
তথ্য উৎস
সম্পাদনা কৰক- ↑ Overs & Loff 2013.
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 Banerjee, Chaudhury & Das 2005.
- ↑ Nanneththi 1999.
- ↑ "Bangladesh prostitutes up in arms". BBC News. 13 July 1999. http://news.bbc.co.uk/1/hi/world/south_asia/393332.stm। আহৰণ কৰা হৈছে: 14 July 2020.
- ↑ Haque 2015, পৃষ্ঠা. 8-9.
- ↑ Shahana 1986, পৃষ্ঠা. 114-115.
- ↑ 7.0 7.1 Hossain 1999b.
- ↑ Hossain 1999a.
- ↑ Turshen 2007, পৃষ্ঠা. 79-80.
- ↑ Ditmore 2011, পৃষ্ঠা. 94.
গ্ৰন্থপঞ্জী
সম্পাদনা কৰক- Banerjee, Paula; Chaudhury, Sabyasachi Basu Ray; Das, Samir Kumar (2005) (en ভাষাত). Internal Displacement in South Asia: The Relevance of the UN's Guiding Principles. SAGE Publishing India. ISBN 978-93-5280-016-2. https://books.google.com/books?id=MrFoDwAAQBAJ&q=Sheikh+Hasina+prostitutes&pg=PT175.
- Ditmore, Melissa Hope (2011) (en ভাষাত). Prostitution and Sex Work. ABC-CLIO. ISBN 978-0-313-36289-7. https://books.google.com/books?id=d1Qx3qqRE3kC&q=Tanbazar+bangladesh&pg=PA200.
- Haque, Reazul (2015) (en ভাষাত). Voices from the Edge: Justice, Agency and the Plight of Floating Sex Workers in Dhaka, Bangladesh. LIT Verlag Münster. ISBN 978-3-643-90637-3. https://books.google.com/books?id=jxO5CgAAQBAJ&q=Tanbazar+&pg=PA9.
- Hossain, Mustak (12 July 1999). "2,000-room brothel shut eviction" (en ভাষাত). The Independent. https://www.independent.co.uk/news/2000-room-brothel-shut-eviction-1105974.html। আহৰণ কৰা হৈছে: 14 July 2020.
- Hossain, Mustar (12 July 1999). "Prostitutes in Bangladesh fight eviction: Girls earn about $30 a day, but half goes to pay for rent". walnet.org. https://walnet.org/csis/news/world_99/natpost-990712-2.html। আহৰণ কৰা হৈছে: 14 July 2020.
- Nanneththi, Nandana (27 August 1999). "Bangladesh government crackdown on women engaged in prostitution" (en ভাষাত). www.wsws.org. https://www.wsws.org/en/articles/1999/08/bang-a27.html। আহৰণ কৰা হৈছে: 14 July 2020.
- Overs, Cheryl; Loff, Bebe (June 2013). "Toward a legal framework that promotes and protects sex workers' health and human rights" (en-us ভাষাত). Health and Human Rights Journal খণ্ড 15 (1). https://www.hhrjournal.org/2013/10/toward-a-legal-framework-that-promotes-and-protects-sex-workers-health-and-human-rights/.
- Shahana, Dilruba (1986). "Trafficking in Girls and Women in Bangladesh". Canadian Woman Studies খণ্ড 7 (1–2): 114–116. ISSN 0713-3235.
- Turshen, M. (2007) (en ভাষাত). Women's Health Movements: A Global Force for Change. Springer. ISBN 978-0-230-60712-5. https://books.google.com/books?id=aE-BDAAAQBAJ&q=Tanbazar+&pg=PA243.