টিনে মেনা (জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় পৰ্বতাৰোহনকাৰী, যিয়ে ২০১১ চনৰ ৯ মে'ত উত্তৰ-পূব ভাৰতৰ পৰা মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী অৰুণাচলী মহিলা হিচাপে পৰিগণিত।[2][3][4][5]

টিনে মেনা
ব্যক্তিগত তথ্য
মুখ্য পেছা পৰ্বতাৰোহন
জন্ম ১৭ ছেপ্টেম্বৰ, ১৯৮৬ (৩৭ বছৰ)
এছালি,[1] আপাৰ দিবাং ভেলী, অৰুণাচল প্ৰদেশ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
কেৰিয়াৰ
আৰম্ভণিৰ বয়স ১৬
Starting discipline প’ৰ্টাৰ
উল্লেখযোগ্য সাফল্য ২০১১ চনৰ ৯ মে'ত উত্তৰ-পূব ভাৰত আৰু অৰুণাচল প্ৰদেশৰ পৰা মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী মহিলা[2]
Famous Partnerships ৰেজিনা মিহু, পপি মিছো, ইন্নি মেঞ্জো, কুছু মেঞ্জো,পৰেশ মিহু, বাৰুং মিহু
পৰিয়াল
Spouse দেছালি ভিলেজৰ
সন্তান

টিনেৰ জন্ম হৈছিল জিলাৰ সদৰ স্থান ৰয়িঙৰ পৰা ১৭৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত এছালি নামৰ এখন দুৰ্গম গাঁৱত।[6] তেওঁৰ শৈশৱ পাহাৰ আৰু প্ৰকৃতিৰ কোলাত পাৰ হৈছিল। মাত্ৰ ১৭ বছৰ বয়সতে ভাৰতীয় সেনাবাহিনীৰ পৰ্টাৰৰ কাম কৰিছিল। ২০১১ চনত এই এভাৰেষ্ট অভিযানৰ সময়ত তেওঁৰ মুঠ ব্যয় প্ৰায় ২০ লাখ টকাৰ ওচৰত আছিল।[2]

তথ্য সূত্ৰ সম্পাদনা কৰক