টিমথী ডেস্কটাৰ (ইংৰাজী: Timothy Dexter; ২২ জানুৱাৰী ১৭৪৭ – ২৩ অক্টোবৰ ১৮০৬) এগৰাকী আমেৰিকান ব্যৱসায়ী আছিল, যাক তেওঁৰ লেখনী, খামখেয়ালী তথা মুৰ্খতাৰ বাবে জনা যায়।

টিমথী ডেস্কটাৰ

টিমথী ডেস্কটাৰ
জন্ম ২২ জানুৱাৰী, ১৭৪৭
মালডেন, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ২৩ অক্টোবৰ, ১৮০৬ (৫৯ বছৰ)
নিউবুৰিপৰ্ট, মাসাচুসেট্‌চ, আমেৰিকা যুক্তৰাষ্ট্ৰ
সমাধিস্থল Old Hill Burying Ground, Dexter Family Plot, Newburyport
বাসগৃহ
  • Tracy House, 201 High Street, Newburyport
  • Chester, New Hampshire
পেচা ব্যৱসায়ী
জনা যায় Absurd business luck, eccentricity
উল্লেখযোগ্য কৰ্ম A Pickle for the Knowing Ones or Plain Truth in a Homespun Dress (1802)
দাম্পত্যসঙ্গী এলিজাবেথ ফ্ৰথিংঘাম
সন্তান

জীৱনী সম্পাদনা কৰক

১৭৪৭ চনৰ ২২ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মালডেনত টিমথী ডেস্কটাৰৰ জন্ম হয়।[1] অতি দুখীয়া ঘৰৰ বাবে ৮ বছৰ বয়সতে পঢ়া শুনা কৰিব নোৱাৰি ডেস্কটাৰে চামৰা চিলোৱা দোকান এখনত কাম কৰিবলৈ লয়।[2] ১৬ বছৰ বয়সত তেওঁ টেনাৰৰ এপ্ৰেণ্টিছ হৈছিল।[3] ১৭৬৯ চনত তেওঁ মেচাচুচেটছৰ নিউবাৰীপোৰ্টলৈ গৈ তাত থাকিবলৈ লয়।[4] তেওঁ চাৰিটা সন্তানৰ ধনী ৩২ বছৰ বয়সীয়া বিধৱা এলিজাবেথ ফ্ৰথিংঘাম (Elizabeth Frothingham)-ক বিয়া কৰায়[5] আৰু প্ৰাসাদ এটা কিনে।[4]

ভাগ্যৰ বলত টকা পইচা আৰ্জি লৈ চহৰৰ সোঁমাজত এটা ডাঙৰ ঘৰ কিনি আত্মবিভোৰ হৈ তেওঁৰ ঘৰৰ চাৰিওফালে পৃথিৱীৰ আটাইতকৈ বিখ্যাত জৰ্জ ৱাশ্বিংটন, নেপোলিয়ন আদিৰ দৰে ব্যক্তিৰ মূৰ্ত্তিৰ লগতে নিজৰো এটা মূৰ্তি সাজি সেই প্ৰতিমূৰ্তিৰ তলত লিখি ল'লে- “I am the first in the East, the first in the West, and the greatest philosopher in the Western world” (মই পূৱতো প্ৰথম, পশ্চিমতো প্ৰথম আৰু পশ্চিমীয়া দেশৰ আটাইতকৈ মহানতম প্ৰথম দাৰ্শনিক।) ১৮০৬ চনৰ ২৩ অক্টোবৰত তেওঁৰ মৃত্যু হয়৷[6]

ৰচনা সম্পাদনা কৰক

টিমথী ডেস্কটাৰে ৫০ বছৰ বয়সত নিজকে আমেৰিকাৰ লৰ্ড আৰু মহান বিচাৰক হিচাপে ঘোষণা (স্বঃপ্ৰশংসা) কৰি আৰু ঘৈণীয়েকৰ বেয়াবোৰৰ লগতে সেইসময়ৰ ৰাজনীতিজ্ঞসকলক কটাক্ষ কৰি ৮,৮৪৭টা শব্দ আৰু ৩৩,৭৬৪টা বৰ্ণ (আখৰ) -ৰে “A Pickle for the Knowing Ones or Plain Truth in a Homespun Dress”[lower-alpha 1] নামেৰে এখন ব্যতিক্ৰমী কিতাপ ৰচনা কৰে। এই কিতাপখনৰ বিশেষত্ব হ’ল এই যে কিতাপখনত য’তে ত’তে ডাঙৰ হাতৰ আখৰ (Capital Letter) -ৰ ব্যৱহাৰ কৰাৰ লগতে আৰু কিতাপখন একেলেথাৰিয়ে অৰ্থাৎ গোটেই কিতাপখনত এটাও ফুলষ্টপ (দাৰি), ক’মা বা আন চিহ্নৰ ব্যৱহাৰ কৰা নাছিল যেন কিতাপখন এটা দীঘল বাক্যহে। কিতাপখনত শব্দ আৰু ব্যাকৰণৰ ভুল ভৰপূৰ আছিল। তেওঁৰ মহানতাক সকলোৱে অনুভৱ কৰিব বুলি কিতাপখন তেওঁ ৰাইজক বিনামূলীয়াকৈ বিতৰণ কৰিছিল।

ব্যতিক্ৰমী তথা বিচিত্ৰতাৰ বাবে তেওঁৰ এই কিতাপখনৰ ডিমাণ্ড বহুত বাঢ়ি গৈছিল আৰু এই কিতাপখনৰ ৮টা সংস্কৰণ প্ৰকাশ পাইছিল।[3] ১৮০৫ চনত এই কিতাপখনৰ দ্বিতীয় সংস্কৰণটো নিউবাৰীপোৰ্টত প্ৰিণ্ট কৰা হয়।[7] দ্বিতীয় সংস্কৰণত ডেস্কটাৰে এটা অতিৰিক্ত পৃষ্ঠা সংযুক্ত কৰি ১৩ লাইন বিৰাম চিহ্নৰ সমন্বয় ঘটাই পাঠকৰ পছন্দ অনুযায়ী যি মন যায় বিতৰণ কৰিব পাৰে বুলি লিখি প্ৰকাশ কৰে।[8]

টোকা সম্পাদনা কৰক

  1. Also known as Plain Truth in a Homespun Dress

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. New England Historical Society|url=https://www.newenglandhistoricalsociety.com/timothy-dexter-ridiculous-millionaire-sold-coals-newcastle/ | আহৰণ কৰা হৈছে : ১৪ মে ২০২০
  2. Margaret Nicholas, The World's Greatest Cranks and Crackpots, আই.এচ.বি.এন. 978-0-7064-1713-5, pp.  147–151.
  3. 3.0 3.1 The Reader's Digest Book of Strange Stories, Amazing Facts. Reader's Digest Association. 1975. পৃষ্ঠা. 501. https://archive.org/details/readersdigestboo00read. 
  4. 4.0 4.1 History of Newburyport, Mass., 1764–1905. Vol. II. Chapter XXVII. Eccentric characters, pp. 419–431 and following. Accessed December 2019 via ancestry.com paid subscription site.
  5. ancestors.familysearch.org/en/LC8G-983/elizabeth-lord-1737-1809
  6. Brief Biographical Account of Lord Timothy Dexter's Life|url=http://www.lordtimothydexter.com/Antiquarian_Transcript.htm | আহৰণ কৰা হৈছে=১৪ মে ২০২০
  7. Currier, John J. (1906). History of Newburyport, Mass., 1764–1905. প্ৰকাশক Newburyport: Dalcassian Publishing Company. পৃষ্ঠা. 495. 
  8. Nelson, Randy F. The Almanac of American Letters. Los Altos, California: William Kaufmann, Inc., 1981: p. 207. আই.এচ.বি.এন. 978-0-86576-008-0

বাহ্যিক সংযোজন সম্পাদনা কৰক