পণ্ডিত টেঙ-ঙাই ম'হুং (জন্ম:১৭১৫ খ্ৰীষ্টাব্দ) অসমৰ প্ৰথম অভিধান প্ৰণেতা, তাঈ আহোম লেখক, সাহিত্যিক,বুদ্ধিজীৱী আছিল।[1][2][3]তেওঁ লিখা হ '-মু'ঙ নামৰ বৰ কাকতখন অসমৰ প্ৰথম অভিধান আছিল।

টেঙ-ঙাই ম'হুং
জন্ম টেঙ-ঙাই
১৭১৫ খ্ৰীষ্টাব্দ
ছে-ৰাই-দয়
মৃত্যু ১৮২৩
খোৱাং,ডিব্ৰুগড় , অসম
সমাধিস্থল টেঙ-ঙাই মৈদাম, খোৱাং, ডিব্ৰুগড়
পেচা অভিধান প্ৰণেতা,লেখক,বুদ্ধিজীৱী
ভাষা আহোম ভাষা
বংশদ্ভূত আহোম জনগোষ্ঠী
সাহিত্যিক বিপ্লৱ তাঈ আহোম পুনৰ উদ্ধাৰ অভিযান
উল্লেখনীয় কৰ্মৰাজি হ '-মু'ঙ (অসমৰ প্ৰথম অভিধান) প্ৰণেতা

জন্ম  সম্পাদনা কৰক

কৰ্মৰাজি সম্পাদনা কৰক

১৭৯৫ চনত তেঁও লিখা টাইআহোম-অসমীয়া অভিধানত টাই-আহোম ভাষাত ২৫০০ টা শব্দ আৰু ইয়াৰ অসমীয়া ভাষাত অৰ্থ সমুহ টাই-আহোম লিপিত লিখা। প্ৰায় একে সময়তে ৰমাকান্ত মলাইঘৰীয়া বৰুৱাই সংকলন কৰা আন এখন টাই-অসমীয়া অভিধানত শব্দসমুহ বিষয়বস্তুৰ বিন্যাসৰ বিপৰীতে শব্দৰ বৰ্ণানুক্ৰমিকভাৱে সজ্জিত কৰা হৈছিল। দ্বিতীয় অসমীয়া অভিধান হেমকোষৰ এক শতিকাৰ আগতেই এই অভিধান লিখা হৈছিল।[3] তেঁও সাঁচিপাতৰ ওপৰত লিখা অভিধানখনত প্ৰতিটো পৃষ্ঠাত টাই-আহোম কেলেণ্ডাৰ আৰু অসমীয়া কেলেণ্ডাৰত তাৰিখ আৰু অভিধানখন সম্পূৰ্ণ হোৱাৰ তাৰিখ পৰ্যন্ত লিখা আছিল।[3] অসম চৰকাৰে ১৯৬৪ চনত তেওঁৰ অভিধানৰ প্ৰথম সংস্কৰণ ছপা কৰি উলিয়াইছিল আৰু ২০১০ চনৰ জানুৱাৰী মাহত টাই-আহোম গৱেষকসকলে দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছিল।[3]

লগতে চাওক সম্পাদনা কৰক

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. Phukan,Nath 2019 Dictionary Writing in Assam: A Study Through Select Classical Texts
  2. বৈচিত্ৰময় অসম,অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড,পৃষ্ঠা ৮-৯
  3. 3.0 3.1 3.2 3.3 Call to recognise Assam lexicographer - The telegraph