নেপী ৱাংচা ওৰফে ডালিমী ৱাংচু ৰাজ্যৰ ৰাজকুমাৰী আৰু আহোমৰ স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী আছিল।[2] আহোম ৰাজত্বৰ অন্যতম প্ৰতাপী ৰজা স্বৰ্গদেউ গদাধৰ সিংহই ৱাংচু ৰাজকন্যা নেফে ৱাংচাক বিয়া কৰাইছিল। পৰৱৰ্তী সময়ত নেপী ৱাংচা ডালিমী হিচাপে পৰিচিত হয়।[2] ডালিমীৰ ইচ্ছা অনুসৰি তেওঁৰ মৃত্যুৰ পাছত মৃতদেহ পিতৃগৃহ কানুবাৰীত ঐতিহাসিক লাহদৈগড়ৰ কাষত আহোম পৰম্পৰা অনুসৰি মৈদাম দিয়া হয়। ডালিমী গদাপাণিৰ প্ৰেম কাহিনী মানুহৰ মুখে মুখে প্ৰচলিত।[1] কিছুমানে ইয়াক কাল্পনিক কাহিনী বুলিও অভিহিত কৰে।

ডালিমী
জন্ম নেপী ৱাংচা
ৰুণু ৰাজকুমাৰী[1]

ৱাংচু ৰাজ্য
সমাধিস্থল ডালিমী মৈদাম, কানুবাৰী
দাম্পত্যসঙ্গী গদাধৰ সিংহ[2]

১৬৭০ চনত চক্ৰধ্বজ সিংহৰ মৃত্যু আৰু ১৬৮১ চনত গদাধৰ সিংহৰ ৰাজাভিষেকৰ মাজৰ সময়ছোৱাত ৰাজপাতত ছগৰাকী বেলেগ বেলেগ ৰজা অধিষ্ঠিত হৈছিল। ডেবেৰা বৰবৰুৱাই ষড়যন্ত্ৰ কৰি উদয়াদিত্য সিংহৰ হত্যা কৰোৱাৰ পিছত ৰাজ্যত কুশাসনৰ পাতনি মেলিছিল।[3] তেওঁৰ প্ৰতিদ্বন্দ্বীসকলক হত্যা কৰা আৰু প্ৰভাৱশালী কোঁৱৰসকলৰ অংগক্ষত কৰা হৈছিল। ইয়াৰ লগতে তেওঁ অন্যান্য ৰাজবিষয়াসমূহক নিজ ইচ্ছামতে আঁতৰাই পঠিয়াইছিল। আন কিছুমান বিষয়াই ৰাজধানীলৈ গৈ ডেবেৰাক ধৰি মৃত্যুদণ্ড বিহে আৰু তেওঁলোকৰ পছন্দৰ কোঁৱৰ এজনক ৰাজপাটত বহুৱায়। প্ৰধান মন্ত্ৰী আতন বৰগোহাঁইয়ে ৰাজনৈতিক পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। তেওঁক দুবাৰকৈ ৰজা হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও অস্বীকাৰ কৰে। আতন বৰগোহাঁই আৰু গুৱাহাটীৰ ৰাজবিষয়া লালুকসোলা বৰফুকনৰ মাজত মতাদৰ্শ আৰু ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা বাঢ়িবলৈ ধৰে।

লালুকসোলা বৰফুকনে ৰাজশক্তি অধিকাৰ ৰখাৰ স্বাৰ্থত বংগৰ শাসক চুলতান আজমতৰাৰ লগত গুৱাহাটী মোগলৰৰ হাতলৈ হস্তান্তৰ কৰাৰ চক্ৰান্ত কৰিছিল।[4] বিনিময়ত তেওঁক চাৰি লাখ টকা আৰু স্বৰ্গদেউ হোৱাৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেইমতেই তেওঁ ১৬৭৯ চনত গুৱাহাটী নবাব মনচুৰ খানৰ হাতত সঁপি দিয়ে আৰু চুলতানে তেওঁক ফৌজাদাৰ পাতে। ইয়াৰ পিছত লালুকসোলা দলেবলে গড়গাঁৱলৈ গৈ আতন বৰগোহাঁইক হত্যা কৰে আৰু চৈধ্য বছৰীয়া চুলিক্‌ফা বা ল'ৰা ৰজাক নামত স্বৰ্গদেউ পাতে। তেওঁ নিজৰ পাঁচ বছৰীয়া কন্যাক ল'ৰা ৰজালৈ বিয়া দিয়ে আৰু 'বুঢ়াফুকন' নামৰ নতুন পদ এটা সৃষ্টি কৰি ৰজাৰ হৈ শাসনভাৰ চম্ভালে। প্ৰতিদ্বন্দ্বীতা আশংকা কৰি তেওঁ অংগ খুঁত থকা কোঁৱৰ ৰজা হ'ব নোৱাৰা নিয়মৰ সুযোগ লৈ ৰজা হোৱাৰ উপযুক্ত কোঁৱৰসকলক শাস্তি বিহাত লিপ্ত হয়।[3]

জয়মতী আৰু গদাপাণি

সম্পাদনা কৰক

জয়মতী তুংখুঙীয়া ফৈদৰ কোঁৱৰৰ পত্নী আছিল। বিশ্বাস কৰিছিল যে লালুকসোলাৰ স্বেচ্ছাচাৰী শাসনৰ ওৰ পেলাই গদাপাণিয়ে এদিন ৰাজ্যলৈ শান্তি ঘূৰাই আনিব পাৰিব। সেইবাবে ৰজাৰ চোৰাংচোৱাই ধৰাৰ আগতেই তেওঁ গদাপাণিক ঘৰ এৰি পলাই যাবলৈ অনুৰোধ কৰে। বুৰঞ্জীৰ মতে ঘৰ এৰি যাওঁতে গ্দাপাণিয়ে পত্নী জয়মতী আৰু দুই পুত্ৰ লাই-লেচাইক এৰি গৈছিল। ঘৰৰ পৰা পলাই গৈ গদাপাণি কেইদিনমান মেটেকাত বগী বৰপোহাৰীৰ ঘৰত আছিলগৈ। তাৰ পিছত তেওঁ নগা পাহাৰত আশ্ৰয় লয়।[5]

গদাপাণিক বিচাৰি নাপাই ৰজাৰ সৈন্যই জয়মতীকে ধৰি নিয়ে। ৰাজসভাত থিয় কৰাই সোধ-পোচ কৰাৰ পিছতো গদাপাণিৰ ঠিকনা নাপাই লালুকসোলাই ভাবিলে যে পত্নীক ৰাজহুৱাকৈ অত্যাচাৰ কৰিলে গদাপাণিয়ে নিজেই আহি ধৰা দিব। সেইমতে জেৰেঙা পথাৰত কোটকোৰা গছত বান্ধি লৈ চাওদাঙৰ হতুৱাই জয়মতীক নানা প্ৰকাৰৰ শাস্তি প্ৰদান কৰা হ'ল।[6] ইয়াৰ পিছতো জয়মতীয়ে স্বামীৰ বাতৰি ক'বলৈ অমান্তি হয়। এই শাস্তিৰ বাতৰি গদাপাণিৰ কাণত পৰাত তেওঁ ছদ্মবেশেৰে নগা পাহাৰৰ পৰা জেৰেঙা পথাৰলৈ আহে। এজন অচিনাকি মানুহৰ ৰূপত তেওঁ জয়মতীক শাস্তি খোৱাতকৈ স্বামীৰ কথা কৈ দিবলৈ অনুৰোধ কৰে। কিন্তু জয়মতীয়ে তেওঁক চিনিব পাৰি আঁতৰি যাবলৈ কয়। ১৪ দিনৰ নিৰ্যাতন সহ্য কৰি ১৬০১ শকৰ ১৩ চ'ত বা ১৬৭৯ খ্ৰীষ্টাব্দৰ ২৭ মাৰ্চত জয়মতীৰ মৃত্যু হয়।[7]

ডালিমী আৰু গদাপাণি

সম্পাদনা কৰক

আহোম ৰাজ্যৰ চুবুৰীয়া ৰাজ্যখনত বাস কৰা ৱাংচু জনগোষ্ঠীৰ লোকসকলৰ লগত আহোমৰ সম্পৰ্ক পূৰ্বৰ পৰাই যথেষ্ট বন্ধুত্বপূৰ্ণ। কথিত আছে যে আহোম ৰাজত্বৰ সময়ত আহোম সৈন্য বাহিনীয়ে যেতিয়া মোগল বাহিনীৰ লগত যুদ্ধত নামিছিল, তেতিয়া ৱাংচু জনগোষ্ঠীৰ লোকসকলে আহোম সৈন্যসকলক বিভিন্ন প্ৰকাৰে সহায়-সহযোগ কৰিছিল। ইয়াৰ বিনিময়ত আহোম সৈন্যসকলে ৱাংচু জনগোষ্ঠীৰ লোকসকলক বন্ধুত্বৰ চিনস্বৰূপে বিভিন্ন বয়-বস্তু উপহাৰ হিচাপে দিছিল।[2]

১৬৮১ খ্ৰীষ্টাব্দৰপৰা ১৬৯৬ খ্ৰীষ্টাব্দ পৰ্যন্ত অসমত শাসন কৰা আহোম স্বৰ্গদেউ গদাধৰ সিংহই ইয়াৰ পূৰ্বে ল’ৰা ৰজাৰ আক্ৰোশৰ বলি হৈ নিজ ৰাজ্য ত্যাগ কৰি চুবুৰীয়া ৰাজ্য বৰ্তমানৰ অৰুণাচল, নাগালেণ্ড আদিত আত্মগোপন কৰি অঘৰী জীৱন অতিবাহিত কৰিব লগীয়া হৈছিল।[1] এই সময়ছোৱাত অৰুণাচলৰ ৱাংচু জনগোষ্ঠীৰ লোকসকলে তেওঁক যথেষ্ট আদৰ যত্নৰ মাজতে তেওঁলোকৰ লগত থাকিবলৈ দিছিল। স্বৰ্গদেউ গদাধৰ সিংহই এই সময়ছোৱাত লগ পাইছিল বানফেৰা অঞ্চলৰ ৱাংচু ৰজাৰ কন্যা ৰাজকুমাৰী নেপী ৱাংচা ওৰফে ৰুণু ৰাজকুমাৰীক। সময় অতিবাহিত হোৱাৰ লগে লগে দুয়োজনৰ মাজত এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। পৰৱৰ্ত্তী সময়ত যেতিয়া অসমলৈ ঘূৰি আহি আহোম ৰাজত্বৰ দায়িত্ব গ্ৰহণ কৰে তেতিয়া তেওঁ নিজ প্ৰেমিকা ৰাজকুমাৰী নেপী ৱাংচাক বিবাহ কৰাই নিজ ৰাজ্যলৈ লৈ আহি ডালিমী নামেৰে নামকৰণ কৰি সম্পূৰ্ণ ৰাণীৰ মৰ্যাদা প্ৰদান কৰি নিজৰ লগত ৰাখে।[8] মৃত্যুৰ পাছত ডালিমীৰ নিজ ইচ্ছা মতে তেওঁৰ মৃতদেহ অৰুনাচলৰ নিজৰ পৈতৃক গাঁৱলৈ নি বৰ্তমান অসম অৰুণাচল সীমা লাহদৈগড়ৰ কাষত মৈদাম দিয়া হয়।[1]

ডালিমী মৈদাম

সম্পাদনা কৰক

অৰুণাচল প্ৰদেশৰ কানুবাৰী অঞ্চলৰ মনোমোহা পাহাৰীয়া পৰিবেশৰ মাজত ডালিমীৰ মৈদাম বুলি অনুমান কৰা এডোখৰ ওখ ঠাই অৱস্থিত। অৰুণাচল প্ৰদেশৰ বিধায়ক টিংমাত্ৰাৰ প্ৰচেষ্টাত মৈদামটোৰ লগতে ইয়াক আগুৰি থকা ঠাইডোখৰ সামৰি পকীবেৰ নিৰ্মাণ কৰি মৈদামটোৰ সংৰক্ষণ কৰা হৈছে। ইয়াৰ উপৰি পৰ্যটকক আকৰ্ষণ কৰিবলৈ বন বিভাগৰ জৰিয়তে মৈদাম অঞ্চলটোৰ সৌন্দৰ্যবৰ্দ্ধন কৰি পাৰ্কৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। আনহাতে মৈদামটোৰ সন্মুখত নেপী ৱাংচা (ডালিমী)ৰ প্ৰতিমূৰ্তি স্থাপন কৰা ইয়াৰ কাষতে গদাধৰ সিংহ আৰু ডালিমীৰ প্ৰেম কাহিনীৰ এক চমু আভাসেৰে এখন ফলক লগোৱা হৈছে।[8]

জনপ্ৰিয় মাধ্যমত

সম্পাদনা কৰক

ডালিমী পদ্মনাথ গোহাঞিবৰুৱাৰ 'জয়মতী' আৰু লক্ষ্মীনাথ বেজবৰুৱা 'জয়মতী কুঁৱৰী'ৰ[9] দুয়োখন নাটকৰে অন্যতম মুখ্য চৰিত্ৰ। তদুপৰি লক্ষ্মীনাথ বেজবৰুৱাৰ 'জয়মতী কুঁৱৰী' নাটকৰ আধাৰত জ্যোতিপ্ৰসাদ আগৰৱালায়ে নিৰ্মাণ কৰা প্ৰথম অসমীয়া কথাছবি 'জয়মতী'তো ডালিমীৰ চৰিত্ৰ আছে।[10] ১৯৩৫ চনত মুক্তি লাভ কৰা ছবিখনত স্বৰ্গজ্যোতি বৰুৱায়ে ডালিমীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ২০০৬ বৰ্ষৰ মঞ্জু বৰাৰ দ্বাৰা পৰিচালিত 'জয়মতী' চলচ্চিত্ৰত ডালিমীৰ চৰিত্ৰ নাই যদিও মঞ্জু বৰাই ইয়াত আন এটা ঐতিহাসিক চৰিত্ৰৰ অৱতাৰণা ঘটাইছে। সেয়া হৈছে নগা কন্যা ‘নে’পে’ ওয়ান্‌চা’ কুঁৱৰী ওৰফে ‘জুলুমী’।

  1. 1.0 1.1 1.2 1.3 "অৰুণৰ দেশত ডালিমীৰ অমৰ প্ৰেম কাহিনী". ভাল খবৰ. Archived from the original on 2021-01-15. https://web.archive.org/web/20210115171942/https://bhalkhabar.com/%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A7%B0-%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%A4-%E0%A6%A1%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%AE%E0%A7%80%E0%A7%B0-%E0%A6%85%E0%A6%AE%E0%A7%B0-%E0%A6%AA%E0%A7%8D/। আহৰণ কৰা হৈছে: ২৭ ফেব্ৰুৱাৰী ২০২১. 
  2. 2.0 2.1 2.2 2.3 "অৰুণাচল প্ৰদেশৰ ৱাংচু জনগোষ্ঠীৰ লোকে সংৰক্ষণ কৰি ৰাখিছে আহোম যুগৰ বহু ঐতিহাসিক সম্পদ". জনমভূমি. https://janambhumi.in/VGtSRk5FMUVSVDA9/en/VGtSRk5FMUVSVDA9/অৰুণাচল-প্ৰদেশৰ-ৱাংচু-জনগোষ্ঠীৰ-লোকে-সংৰক্ষণ-কৰি-ৰাখিছে-আহোম-যুগৰ-বহু-ঐতিহাসিক-সম্পদ.html। আহৰণ কৰা হৈছে: ২৭ ফেব্ৰুৱাৰী ২০২১. [সংযোগবিহীন উৎস]
  3. 3.0 3.1 "Sukhaangpha (1923) to Rudra Singha (1714)". Assam Chronicle. February 28, 2011. http://www.assamchronicle.com/node/7। আহৰণ কৰা হৈছে: April 18, 2012. 
  4. "Assam in the Ahom Age (1228-1826)". Govt. of Assam. Archived from the original on March 5, 2016. https://web.archive.org/web/20160305064959/http://online.assam.gov.in/history1?webcontentid=173375। আহৰণ কৰা হৈছে: April 18, 2012. 
  5. "History of Assam: The Medieval Period". Govt. of Assam. Archived from the original on December 23, 2011. https://web.archive.org/web/20111223181225/http://online.assam.gov.in/web/guest/historyofassam?webContentId=109376। আহৰণ কৰা হৈছে: April 18, 2012. 
  6. হিৰণ্ময়ী দত্ত (মাৰ্চ ২৭, ২০১২). "জয়মতী দিৱস উপলক্ষে". দৈনিক বাতৰি আজিৰ দৈনিক বাতৰি. সংগ্ৰহ কৰা হৈছে: মাৰ্চ ২৮, ২০১২.
  7. Dr Kathita Hatibaruah (March 27, 2008). "Remembering Sati Joymoti". Assam Tribune The Assam Tribune. (Web link). সংগ্ৰহ কৰা হৈছে: March 28, 2012. [সংযোগবিহীন উৎস]
  8. 8.0 8.1 "আহোম যুগৰ বহু ঐতিহাসিক সম্পদ আজিও সংৰক্ষণ হৈ আছে অৰুণাচলত". NE focus. http://nefocus.com/অনুভৱ/আহোম-যুগৰ-বহু-ঐতিহাসিক-সম/। আহৰণ কৰা হৈছে: ২৭ ফেব্ৰুৱাৰী ২০২১. 
  9. সুব্ৰত জ্যোতি নেওগ (৬ জুলাই, শনিবাৰ ২০১৩). "লক্ষ্মীণাথ বেজবৰুৱাৰ নাটক – ৬ জুলাই". দৈনিক জনমভূমি: ৭ পৃষ্ঠা. 
  10. Tamuli, Babul (2002) The making of Joymoti Archived 2009-10-27 at the Wayback Machine, The Assam Tribune. আহৰণ কৰা তাৰিখ: ৫ এপ্ৰিল, ২০১২