ডেল কাৰ্নেগী (ইংৰাজী: Dale Carnegie, ২৪ নৱেম্বৰ, ১৮৮৮ – ১ নৱেম্বৰ, ১৯৫৫) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী লেখক আৰু প্ৰবক্তা আছিল। তেওঁ আত্ম-উন্নয়ন, বিক্ৰয়গুণ, কৰ্পোৰেট প্ৰশিক্ষণ, ৰাজহুৱা কথন আৰু আন্তঃ-ব্যক্তিগত দক্ষতা আদি বিষয়ক পাঠ্যক্ৰমসমূহৰ বিকাশ ঘটাইছিল। মিছৌৰীৰ জন্ম গ্ৰহণ কৰা কাৰ্নেগীয়ে সাম্প্ৰতিক কালতো জনপ্ৰিয় হাও টু ৱিন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল (১৯৩৬) শীৰ্ষক গ্ৰন্থৰ ৰচনা কৰিছিল। হাও টু ষ্টপ ভেৰিং এণ্ড ষ্টাৰ্ট লিভিং (১৯৪৮), লিংকন দ্য আননওন (১৯৩২) আদি তেওঁৰ আন কেইখনমান গ্ৰন্থ।[1] আনৰ প্ৰতি নিজৰ আচৰণ সলনি কৰি তেওঁলোকৰ আচৰণ সলনি কৰা যে সম্ভৱ সেই কথা আছিল তেওঁৰ গ্ৰন্থসমূহৰ এক মূল উপজীৱ্য।

ডেল কাৰ্নেগী
জন্ম ডেল হাৰ্বিছন কাৰ্নাগী
২৪ নৱেম্বৰ, ১৮৮৮
মেৰিভিল, মিছৌৰী, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ১ নৱেম্বৰ, ১৯৫৫ (৬৬ বছৰ)
ফৰেষ্ট হিলছ, নিউয়ৰ্ক
সমাধিস্থল বেল্টন, মিছৌৰী
পেচা লেখক, প্ৰবক্তা
উল্লেখনীয় কৰ্মৰাজি হাও টু ৱিন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল
হাও টু ষ্টপ ৱৰিং এণ্ড ষ্টাৰ্ট লিভিং
দাম্পত্যসংগী
  • ললিতা বুকেৰ (বি. ১৯২৭; বিচ্ছেদ ১৯৩১)
  • ড'ৰথি প্ৰাইচ ভেণ্ডাৰপুল (বি. ১৯৪৪)
সন্তান ডোনা ডেল কাৰ্নেগী

স্বাক্ষৰ

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

২৪ নৱেম্বৰ, ১৮৮৮ চনত তেখেতৰ জন্ম হয়। পিতৃৰ নাম জেমছ কাৰ্নেগী আৰু মাতৃৰ নাম আমাণ্ডা এলিজাবেথ হাৰ বিচ্চন (১৮৫৮-১৯৩৯)।[2]

শিক্ষা সম্পাদনা কৰক

তেখেতে ১৯০৬ চনত হাইস্কুলীয়া শিক্ষা শেষ কৰে। স্নাতক ডিগ্ৰী লাভ কৰে warrensburgৰ state teacher collegeৰ পৰা ১৯০৮ চনত। [3]

চাকৰি জীৱন সম্পাদনা কৰক

কাৰ্নেগীয়ে প্ৰথম চাকৰি হিচাপে খেতিয়কসকলক পঢ়াইছিল আৰু তাৰ পাছতে তেওঁ আমেৰিকাৰ Armour and company (meat packing industry)ত কাম কৰিছিল।

সাহিত্যৰাজি সম্পাদনা কৰক

  • ১৯১৫: আৰ্ট অৱ পাব্লিক স্পীকিং,জোচেফ বাৰ্গ এচেনৱেইনৰ সৈতে।
  • ১৯২০: Public Speaking:the standard course of the United Y.M.C.A Schools
  • ১৯২৬: ৰাজহুৱা ভাষী: ব্যৱসায়ী সকলৰ বাবে এক ব্যৱহাৰিক পাঠ্যক্ৰম। পৰৱৰ্তী সংস্কৰণ আৰু আপডেটসমূহে কিতাপখনৰ নাম কেইবাবাৰো সলনি কৰে: ৰাজহুৱা ভাষী আৰু প্ৰভাৱিত কৰা পুৰুষৰ ব্যৱসায় (১৯৩৭ সংশোধিত), ৰাজহুৱা ভাষী (১৯৫৬) আৰু সফলতাৰ বাবে ৰাজহুৱা ভাৱে কোৱা কেনেকৈ আত্মবিশ্বাস বিকাশ কৰিব আৰু মানুহক প্ৰভাৱিত কৰিব পাৰি।
  • ১৯৩২: Lincoln the Unknown
  • ১৯৩৪: লিটল নোওন ফেক্টছ এবাউট ৱেল নোওন পিপল
  • ১৯৩৬: হাও টু ৱিন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল
  • ১৯৩৭: ফাইভ মিনিটছ বায়োগ্ৰাফীজ
  • ১৯৪৪: Dale Carnegie's Biographical round-up
  • ১৯৪৮: How to stop worrying and start Living
  • ১৯৫৬: Public Speaking: a Practical Course for Business Men. Later editions and updates changed the name of the book several times: Public Speaking and Influencing Men in Business (1937 revised), How to Develop Self-Confidence and Influence People by Public Speaking (1956) আৰু Public Speaking for Success (2005).
  • ১৯৫৯: Carnegie's Scrapbook:a Treasury of the Wisdom of Ages, ডৰথী কাৰ্নেগীৰ দ্বাৰা সম্পাদিত ডেল কাৰ্নেগীৰ লিখনিৰ এটা বাছনি।
  • ১৯৬২: The Quick and easy way to effective Speaking[4]

তথ্যসূত্ৰ সম্পাদনা কৰক

অধিক জানিবলৈ সম্পাদনা কৰক

  • "Carnegie", as opposed to Andrew Carnegie, whose name is supposed to stress the second-syllable. Random House Webster's Unabridged Dictionary.
  • "Books by Dale Carnegie (Author of How to Win Friends and Influence People)". www.goodreads.com. Retrieved March 24, 2021.
  • "Dale Carnegie, American author and lecturer". Encyclopedia Britannica. Retrieved August 19, 2019.