১ নৱেম্বৰ
তাৰিখ
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২৪ |
১ নৱেম্বৰ (ইংৰাজী: 1 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৫তম (অধিবৰ্ষত ৩০৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৫৮ - ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সামৰণি। সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত। ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয়।
- ১৮৮১ - ভাৰতৰ কলকাতাত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয়।
- ১৯৫৬ - ত্ৰিপুৰা আৰু দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা। ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয়।
- ১৯৬৬ - পঞ্জাব দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু হাৰিয়ানা গঠন হয়। উভয়ৰে ৰাজধানী হয় চণ্ডীগড়।
- ১৯৭৩ - মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক কৰা হয়। লাক্ষাদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে লাক্ষাদ্বীপ কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয়।
- ১৯৯৮ - গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয় , বিস্তৰ ক্ষয় ক্ষতি হয়।
- ২০০০ - মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি ছত্তীছগঢ় ৰাজ্য গঠন কৰা হয়।
- ২০০০ - হৰেকৃষ্ণ ডেকাৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
- ২০০২ - এছ পি ভাৰুচাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ এই পদত ২০০২ চনৰ ৫ মে'ই লৈকে কাৰ্যনিবাহ কৰে।
জন্ম
সম্পাদনা কৰক- ১৯১৩ - আজলীতৰা নেওগ, অসমীয়া শিশু সাহিত্যিক আৰু কবি।
- ১৯৩৩ - সমীৰ ৰায়চৌধুৰী, হাংৰি আন্দোলনৰ ভাৰতীয় কবি, চুটিগল্পকাৰ, প্ৰৱন্ধকাৰ, ঔপন্যাসিক আৰু সম্পাদক।
- ১৯৩৮ - মধুৰাম বড়ো, অসমৰ বিশিষ্ট সাহিত্যিক, সম্পাদক তথা শিক্ষাবিদ। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ।
- ১৯৪৫ - নৰেন্দ্ৰ অচ্যুত দাভোলকাৰ, ভাৰতীয় চিকিৎসক, সমাজ কৰ্মী, যুক্তিবাদী আৰু লেখক।
- ১৯৫৫ - ধনেশ্বৰ ইংতি, ভাৰতীয় সাহিত্যিক, গীতিকাৰ তথা শিক্ষাবিদ।
- ১৯৫৫ - কিৰিপ চলিহা, ভাৰতৰ চতুৰ্দশ লোকসভাৰ সাংসদ।
- ১৯৬৩ - নীতা আম্বানী, ভাৰতীয় উদ্যমী, ৰিলাইয়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক।
- ১৯৬৫ - পদ্মিনী কোহলাপুৰী, ভাৰতীয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী।
- ১৯৭৩ - ঐশ্বৰ্যা ৰায় বচ্চন, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৭ - ইলিয়ানা ডি'ক্ৰুজ, ভাৰতীয় অভিনেত্ৰী আৰু মডেল।
মৃত্যু
সম্পাদনা কৰক- ১৯৫০ - বিভূতিভূষণ বন্দ্যোপাধ্যায়, জনপ্ৰিয় ভাৰতীয় লেখক।
- ১৯৫৫ - ডেল কাৰ্নেগী, আমেৰিকা যুক্তৰাষ্ট্ৰৰ লেখক আৰু প্ৰবক্তা।
দিৱস
সম্পাদনা কৰক- বিশ্ব বিশুদ্ধ নিৰামিষভোজী (ভেগান) দিৱস।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |