ড্ৰু ৱাইছ্‌মেন

আমেৰিকান চিকিৎসক-বিজ্ঞানী আৰু নোবেল বঁটা বিজয়ী


ড্ৰু ৱাইছ্‌মেন (ইংৰাজী: Drew Weissman; জন্ম: ৭ ছেপ্টেম্বৰ, ১৯৫৯[1]) এজন আমেৰিকান চিকিৎসক-বিজ্ঞানী আৰু নোবেল বঁটা বিজয়ী। তেওঁ আৰএনএ (RNA) জীৱবিজ্ঞানৰ অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁৰ আৰএনএ সম্পৰ্কীয় গৱেষণায়াই mRNA প্ৰতিষেধক প্ৰস্তুত কৰাত সহায় কৰিছে। ইয়াৰে আটাইতকৈ পৰিচিত ভেকচিন হৈছে বায়'এনটেক/ফাইজাৰ আৰু মডাৰ্নাই প্ৰস্তুত কৰা ক'ভিড-১৯ৰ ভেকচিন।[2] ৱাইছ্‌মেন বৰ্তমান ভেকচিন গৱেষণাৰ উদ্বোধনী ৰবাৰ্টছ পৰিয়ালৰ অধ্যাপক, পেন ইনষ্টিটিউট ফৰ আৰ এন এ উদ্ভাৱনৰ পৰিচালক আৰু পেন্‌চিলভেনিয়া বিশ্ববিদ্যালয়ৰ পেৰেলমেন স্কুল অৱ মেডিচিনৰ চিকিৎসা বিজ্ঞানৰ অধ্যাপক। তেওঁ আৰু তেওঁৰ গৱেষক সহকৰ্মী কাটালিন কাৰিক'ৱে যুটীয়াভাৱে লাস্কাৰ-ডিবেকি ক্লিনিকেল মেডিকেল ৰিচাৰ্চ এৱাৰ্ডকে আদি কৰি বহুতো বঁটা আৰু সন্মাম লাভ কৰিছে। কাটালিন কাৰিক'ৰ সৈতে যুটীয়াভাৱে "ক'ভিড-১৯ৰ বিৰুদ্ধে ফলপ্ৰসূ এম আৰ এন এ ভেকচিন প্ৰস্তুত কৰাত সক্ষম কৰা নিউক্লিঅ'চাইড ভিত্তি পৰিৱৰ্তন সম্পৰ্কীয় তেওঁলোকৰ আৱিষ্কাৰৰ বাবে" ২০২৩ চনৰ শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।[3]

ড্ৰু ৱাইছ্‌মেন

২০২২ চনত ৱাইছ্‌মেন
জন্ম ৭ ছেপ্টেম্বৰ, ১৯৫৯ (৬৪ বছৰ)
লেক্সিংটন, মেছাচুচেটছ, আমেৰিকা যুক্তৰাষ্ট্ৰ
শিক্ষানুষ্ঠান ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয় (বি.এ., এম.এ.)
বষ্টন বিশ্ববিদ্যালয় (এম.ডি., পি.এইচ.ডি.)
সংস্থা পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ পেৰেলমেন স্কুল অৱ মেডিচিন
জনা যায় ক'ভিড-১৯ ভেকচিনত ব্যৱহাৰ কৰা পৰিৱৰ্তিত mRNA প্ৰযুক্তি
পদবী চিকিৎসা বিজ্ঞানৰ অধ্যাপক
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰ'জেনষ্টিয়েল বঁটা (২০২০)
লাস্কাৰ-ডিবেকি ক্লিনিকেল মেডিকেল ৰিচাৰ্চ এৱাৰ্ড (২০২১)
ভিনফিউচাৰ বঁটা (২০২২)
জীৱন বিজ্ঞানৰ ব্ৰেকথ্ৰু বঁটা (২০২২)
হাৰ্ভি বঁটা (২০২১ চনৰ বাবে ২০২৩ চনত প্ৰদান কৰা হৈছে)
শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা (২০২৩)

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৫৯ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে মেছাচুচেটছৰ লেক্সিংটনত ড্ৰু ৱাইছ্‌মেনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ইহুদী সম্প্ৰদায়ৰ আৰু মাতৃ ইটালীয়ান আছিল।[4][5] তেওঁ মেছাচুচেটছৰ লেক্সিংটনত ডাঙৰ-দীঘল হৈছিল।[6] তেওঁ ১৯৮১ চনত ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়ৰ পৰা বি.এ. আৰু এম.এ. ডিগ্ৰী লাভ কৰে। ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়ত তেওঁ জৈৱ ৰসায়ন আৰু এনজাইম'লজী মুখ্য বিষয় হিচাপে অধ্যয়ন কৰিছিল আৰু তেওঁ জেৰাল্ড ফাছমেনৰ পৰীক্ষাগাৰত গৱেষণা কৰিছিল। তেওঁ ইমিউন’লজী আৰু মাইক্ৰ’বায়’লজীত স্নাতক ডিগ্ৰী লাভ কৰি ১৯৮৭ চনত বষ্টন বিশ্ববিদ্যালয়ত এম.ডি আৰু পি এইচ ডি লাভ কৰে।[7][8] ইয়াৰ পিছত ৱাইছ্‌মেনে বেথ ইজৰাইল ডিকনেছ মেডিকেল চেণ্টাৰত আৱাসিক চিকিৎসক হিচাপে কাম কৰে। তাৰ পিছত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানত (এন আই এইচ) ফেল’শ্বিপ লাভ কৰে আৰু ৰাষ্ট্ৰীয় এলাৰ্জী আৰু সংক্ৰামক ৰোগ প্ৰতিষ্ঠানৰ সঞ্চালক এণ্টনি ফাউচিৰ তত্ত্বাৱধানত গৱেষণা কৰাৰ সুবিধা লাভ কৰে।[9]

কৰ্মজীৱন সম্পাদনা কৰক

 
২০২২ চনত কাটালিন কাৰিক'ৰ সৈতে ৱেইছমেন

১৯৯৭ চনত ৱাইছ্‌মেন আৰ এন এ আৰু সহজাত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ জীৱবিজ্ঞান অধ্যয়নৰ বাবে পেনচিলভেনিয়া বিশ্ববিদ্যালয়লৈ গৈ নিজৰ পৰীক্ষাগাৰ আৰম্ভ কৰে। বৰ্তমান তেওঁ এই বিশ্ববিদ্যালয়খনৰ ভেকচিন গৱেষণাৰ ৰবাৰ্টছ পৰিয়ালৰ অধ্যাপক।[10]

বিশ্ববিদ্যালয়খনত ভেকচিনৰ বিষয়ে অধ্যয়ন কৰা ৰোগ প্ৰতিৰক্ষাবিদ ৱাইছ্‌মেনে তেওঁৰ সহকৰ্মী আৰু সহযোগী কাটালিন কাৰিক'ক এটা ফটোকপি মেচিনৰ ওচৰত লগ পাইছিল। তেওঁলোকে আৰ এন এ গৱেষণাৰ বাবে ধনৰ অভাৱৰ বাবে সহানুভূতি প্ৰকাশ কৰে। সেই সময়ত কাৰিকোৱে মস্তিষ্কৰ ৰোগ আৰু ষ্ট্ৰোকৰ ওপৰত আৰ এন এ চিকিৎসাৰ চেষ্টা কৰি আছিল।[11] ৱেইছমেনে কাৰিক'ৰ সৈতে সহযোগিতা কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁৰ মনোযোগ ভেকচিনত আৰ এন এ প্ৰযুক্তিৰ প্ৰয়োগলৈ সলনি কৰে। তেওঁলোকে সন্মুখীন হোৱা মূল বাধা আছিল যে আৰ এন এয়ে বিৰূপ প্ৰতিক্ৰিয়া হিচাপে অবাঞ্চিত প্ৰতিৰোধ ক্ষমতা আৰু প্ৰদাহজনিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ২০০৫ চনত তেওঁলোকে এক মাইলৰ খুঁটি স্বৰূপ অধ্যয়নত প্ৰকাশ কৰে য'ত কৃত্ৰিম নিউক্লিঅ'চাইড ব্যৱহাৰ কৰি শৰীৰে ইয়াৰ অৱক্ষয় ৰোধ কৰিবলৈ আৰ এন এৰ পৰিৱৰ্তন ঘটায়।[12] এই অগ্ৰগতিয়ে আৰ এন এ চিকিৎসা পদ্ধতিৰ ব্যৱহাৰৰ ভেটি স্থাপন কৰিলে। ২০০৬ চনত তেওঁ আৰু কাৰিকোৱে আৰ এন এ আৰ এক্সৰ সহ-প্ৰতিষ্ঠা কৰে। তেওঁলোকৰ উদ্দেশ্য আছিল নতুন আৰ এন এ থেৰাপী বিকশিত কৰা। ২০২০ চনত তেওঁলোকৰ পৰিৱৰ্তিত আৰ এন এ প্ৰযুক্তিয়ে ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে বিশ্বজুৰি নিয়োগ কৰা ফাইজাৰ/বায়'এনটেক আৰু মডাৰ্নাই নিৰ্মাণ কৰা ক'ভিড-১৯ প্ৰতিষেধকৰ মূল উপাদান হৈ পৰে। ৱেইছমেনে বিশ্বাস কৰে যে একে প্ৰযুক্তিৰ সহায়ত ইনফ্লুৱেঞ্জা, হাৰপিছ আৰু এইচ আই ভিৰ বিৰুদ্ধে ভেকচিন প্ৰস্তুত কৰিব পৰা যাব।[6]

ৱেইছমেনে থাইলেণ্ডৰ চুলালংকৰ্ণ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ সৈতে সহযোগিতা কৰি দেশখনৰ লগতে চুবুৰীয়া নিম্ন আয়ৰ দেশসমূহৰ বাবে ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰস্তুত কৰি প্ৰদান কৰি আহিছে।[2]

বঁটা আৰু সন্মান সম্পাদনা কৰক

মেচেঞ্জাৰ আৰ এন এ (mRNA) সম্পৰ্কীয় তেওঁলোকৰ গৱেষণাৰ বাবে ৱাইছ্‌মেন আৰু কাৰিক'ৱে যুটীয়াভাৱে ২০২৩ চনৰ শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[3] ইয়াৰ উপৰিও তেওঁলোকে ২০২০ চনৰ ৰ'জেনষ্টিয়েল বঁটা,[13] লুইছা গ্ৰছ হৰৱিট্‌জ বঁটা,[14] আলবানি মেডিকেল চেণ্টাৰ বঁটা,[15] লাস্কাৰ-ডিবেকি ক্লিনিকেল মেডিকেল ৰিচাৰ্চ এৱাৰ্ড[16] আৰু ৰবাৰ্ট এছ. লেংগাৰৰ সৈতে বিবিভিএ ফাউণ্ডেশ্যন ফ্ৰণ্টিয়াৰ্ছ অৱ নোলেজ এৱাৰ্ড লাভ কৰিছে।[17]

ৱেইছমেনে ড্ৰেক্সেল ইউনিভাৰ্চিটি কলেজ অৱ মেডিচিনৰ পৰা সন্মানীয় ডিগ্ৰী লাভ কৰে।[6] ২০২১ চনত তেওঁক "বৈজ্ঞানিক গৱেষণা" শাখাত প্ৰিন্সেছ অৱ আষ্টুৰিয়াছ বঁটাৰে সন্মানিত কৰা হয়।[18] ২০২১ চনত তেওঁ আৰু কাৰিকোৱে লাভ কৰে ২০২২ চনৰ বাবে তেওঁ জীৱন বিজ্ঞানৰ ব্ৰেকথ্ৰু বঁটা, কাটালিন কাৰিকোৰ সৈতে যৌথভাৱে এন এ এছৰ জেছি ষ্টিভেনছন কোভালেংকো পদক[19] লগতে জাপান বঁটা[20] লাভ কৰে। ২০২২ চনত তেওঁ ৰবাৰ্ট কোচ বঁটা লাভ কৰে।[21] তদুপৰি তেওঁ বায়'ফাৰ্মাচিউটিকেল বিজ্ঞানৰ টাং বঁটা, আমেৰিকান একাডেমী অৱ এচিভমেণ্টৰ গোল্ডেন প্লেট বঁটা লাভ কৰাৰ লগতে[22] নেচনেল একাডেমী অৱ মেডিচিন আৰু আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছলৈ নিৰ্বাচিত হয়।[23][24] ২০২৩ চনত তেওঁ ইজৰাইলত ২০২১ চনৰ বাবে প্ৰদান কৰা টেকনিয়নৰ হাৰ্ভি বঁটা লাভ কৰে।[25]

দ্য ৱাশ্বিংটন পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ৱেইছমেনে সমগ্ৰ বিশ্বৰ মানুহৰ ক’ভিড-১৯ৰ ভেকচিন সম্ভৱ কৰি তোলা কামৰ বাবে তেওঁক ধন্যবাদ জনাই মেইল লাভ কৰে — এজনে কৈছিল "আপুনি আকৌ আলিংগন আৰু ঘনিষ্ঠতা সম্ভৱ কৰি তুলিছে" লগতে তেওঁক এখন ছবি বা অটোগ্ৰাফ বিচাৰি মেইল কৰিছিল।[6]

পেটেণ্ট সম্পাদনা কৰক

ৱেইছমেন বহু পেটেণ্টৰ উদ্ভাৱক। তাৰে ভিতৰত উল্লেখযোগ্য হৈছে US8278036B2[26] আৰু US8748089B2।[27] এই দুই পেটেণ্টে আৰ এন এক ভেকচিন আৰু অন্যান্য চিকিৎসাৰ বাবে উপযোগী কৰিবলৈ প্ৰয়োজনীয় পৰিৱৰ্তনৰ বিশদ বিৱৰণ দিয়ে। পিছলৈ এই পেটেণ্টসমূহৰ অনুজ্ঞাপত্ৰ চেলস্ক্ৰিপ্টৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া গেৰী ডাহলক প্ৰদান কৰা হয়। পৰৱৰ্তী সময়ত তেওঁ মডেৰ্না আৰু বায়’এনটেকক এই প্ৰযুক্তিৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে আৰু অৱশেষত তেওঁলোকৰ ক’ভিড-১৯ ভেকচিনত ইয়াক ব্যৱহাৰ কৰে।

তথ্য উৎস সম্পাদনা কৰক

  1. "Drew Weissman". nobelprize.org. October 2, 2023. https://www.nobelprize.org/prizes/medicine/2023/weissman/facts/। আহৰণ কৰা হৈছে: October 2, 2023. )
  2. 2.0 2.1 "This Philly Scientist's Technology Helped Make the Pfizer COVID-19 Vaccine Possible". November 12, 2020. https://www.phillymag.com/healthcare-news/2020/11/12/pfizer-vaccine-covid-19-drew-weissman/. 
  3. 3.0 3.1 "The Nobel Prize in Physiology or Medicine 2023" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/medicine/2023/press-release/। আহৰণ কৰা হৈছে: 2023-10-02. 
  4. "Drew Weissman, Katalin Karikó win Nobel in medicine for enabling mRNA COVID vaccines". www.timesofisrael.com. https://www.timesofisrael.com/drew-weissman-katalin-kariko-win-nobel-in-medicine-for-enabling-mrna-vaccines/. 
  5. "Jewish American scientist wins Nobel Prize in Medicine for COVID vaccine". The Jerusalem Post | JPost.com. October 2, 2023. https://www.jpost.com/breaking-news/article-761306. 
  6. 6.0 6.1 6.2 6.3 Johnson, Carolyn Y. (October 1, 2021). "A scientific hunch. Then silence. Until the world needed a lifesaving vaccine.". The Washington Post. https://www.washingtonpost.com/science/2021/10/01/drew-weissman-mrna-vaccine/. 
  7. "The Brandeis alum whose research may lead to a COVID-19 vaccine" (en ভাষাত). BrandeisNOW. https://www.brandeis.edu/now/2020/september/weissman-vaccine-mrna.html। আহৰণ কৰা হৈছে: January 8, 2021. 
  8. "Drew Weissman | Faculty | About Us | Perelman School of Medicine | Perelman School of Medicine at the University of Pennsylvania" (en ভাষাত). www.med.upenn.edu. https://www.med.upenn.edu/apps/faculty/index.php/g275/p20322। আহৰণ কৰা হৈছে: January 8, 2021. 
  9. Johnson, Carolyn Y.. "A gamble pays off in 'spectacular success': How the leading coronavirus vaccines made it to the finish line" (en-US ভাষাত). Washington Post. ISSN 0190-8286. https://www.washingtonpost.com/health/2020/12/06/covid-vaccine-messenger-rna/. 
  10. "Drew Weissman, MD, PhD profile" (en-US ভাষাত). www.pennmedicine.org. https://www.pennmedicine.org/providers/profile/drew-weissman। আহৰণ কৰা হৈছে: January 8, 2021. 
  11. "Drew Weissman, l'architecte des vaccins contre le Covid-19" (fr ভাষাত). LEFIGARO. December 24, 2020. https://www.lefigaro.fr/sciences/drew-weissman-l-architecte-des-vaccins-contre-le-covid-19-20201224। আহৰণ কৰা হৈছে: January 8, 2021. 
  12. "Understanding mRNA COVID-19 Vaccines". Center for Disease Control and Prevention. March 4, 2021. https://www.cdc.gov/coronavirus/2019-ncov/vaccines/different-vaccines/mrna.html। আহৰণ কৰা হৈছে: October 2, 2021. 
  13. "Lewis S. Rosenstiel Award for Distinguished Work in Basic Medical Research" (en ভাষাত). www.brandeis.edu. https://www.brandeis.edu/rosenstiel/rosenstiel-award/index.html। আহৰণ কৰা হৈছে: January 23, 2021. 
  14. "The Louisa Gross Horwitz Prize". Columbia University Irving Medical Center. June 14, 2018. https://www.cuimc.columbia.edu/research/louisa-gross-horwitz-prize। আহৰণ কৰা হৈছে: December 13, 2021. 
  15. Albany Medical Center Prize 2021
  16. Hofschneider, Mark. "Modified mRNA vaccines". Lasker Foundation. https://laskerfoundation.org/winners/modified-mrna-vaccines/। আহৰণ কৰা হৈছে: December 13, 2021. 
  17. "Find out about the BBVA Foundation Frontiers of Knowledge Award.". Premios Fronteras. https://www.frontiersofknowledgeawards-fbbva.es/. 
  18. IT, Developed with webControl CMS by Intermark. "Katalin Karikó, Drew Weissman, Philip Felgner, Uğur Şahin, Özlem Türeci, Derrick Rossi and Sarah Gilbert – Laureates – Princess of Asturias Awards". The Princess of Asturias Foundation. https://www.fpa.es/en/princess-of-asturias-awards/laureates/2021-katalin-kariko-drew-weissman-philip-felgner-ugur-sahin-ozlem-tureci-derrick-rossi-and-sarah-gilbert.html?especifica=0&idCategoria=0&anio=2021&especifica=0। আহৰণ কৰা হৈছে: December 13, 2021. 
  19. "Jessie Stevenson Kovalenko Medal". www.nasonline.org. https://www.nasonline.org/programs/awards/kovalenko-medal.html. 
  20. "The Japan Prize Foundation". The Japan Prize Foundation. https://www.japanprize.jp/. 
  21. "Aktuelle Presse-Informationen". www.robert-koch-stiftung.de. https://www.robert-koch-stiftung.de/aktuelle-presse-informationen. 
  22. "Golden Plate Awardees of the American Academy of Achievement". American Academy of Achievementwww.achievement.org. https://achievement.org/our-history/golden-plate-awards/#science-exploration. 
  23. "Tang Prize | Media | 2022 Tang Prize in Biopharmaceutical Science Honors Three Scientists for Developing COVID-19 mRNA Vaccines". www.tang-prize.org. https://www.tang-prize.org/en/media_detail.php?id=1705. 
  24. "Awards and Accolades | The Weissman Lab | Perelman School of Medicine at the University of Pennsylvania". www.med.upenn.edu. https://www.med.upenn.edu/weissmanlab/awards.html. 
  25. "Harvey Prize 2021". Archived from the original on 2016-06-01. https://web.archive.org/web/20160601112225/https://harveypz.net.technion.ac.il/harvey-prize-laureates/। আহৰণ কৰা হৈছে: 2023-10-02. 
  26. "Espacenet – search results". worldwide.espacenet.com. https://worldwide.espacenet.com/patent/search/family/037772217/publication/US8278036B2?q=pn=US8278036। আহৰণ কৰা হৈছে: January 8, 2021. 
  27. "Espacenet – search results". worldwide.espacenet.com. https://worldwide.espacenet.com/patent/search/family/037772217/publication/US8748089B2?q=pn=US8748089। আহৰণ কৰা হৈছে: January 8, 2021. 

বাহ্যিক সংযোগ সম্পাদনা কৰক