তপন ডেকা
তপন কুমাৰ ডেকা (ইংৰাজী: Tapan Kumar Deka; জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আৰু বৰ্তমান ভাৰতীয় চোৰাংচোৱা সংস্থাৰ ২৮ সংখ্যক সঞ্চালক প্ৰধান।[1][2] তেওঁ হিমাচল প্ৰদেশ কেডাৰৰ ১৯৮৮ বৰ্ষৰ (৪১আৰ আৰ) ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া।[3] ২০২১ চনত তেওঁক আৰক্ষী সঞ্চালক প্ৰধানৰ সমপৰ্যায়ত নিযুক্তি দিয়া হয়।[4][5] তেওঁৰ পূৰ্বসূৰী অৰবিন্দ কুমাৰৰ কাৰ্যকাল ২০২২ চনৰ ৩০ জুনত শেষ হোৱাৰ পিছত ডেকাৰ চোৰাংচোৱা সংস্থাৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যকাল ১ জুলাইৰ পৰা আৰম্ভ হয়।[6] ইয়াৰ পূৰ্বে ডেকাই হিমাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান পদ লাভ কৰিছিল যদিও তেওঁ এই পদ অস্বীকাৰ কৰে।[7]
আই পি এছ তপন ডেকা | |
---|---|
ভাৰতৰ চোৰাংচোৱা সংস্থাৰ ২৮ তম সঞ্চালক প্ৰধান | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১ জুলাই ২০২২ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | অৰবিন্দ কুমাৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ২৫ ফেব্ৰুৱাৰী, ১৯৬৩ (৬১ বছৰ) সৰ্থেবাৰী, বৰপেটা জিলা, অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ |
শিক্ষানুষ্ঠান | কটন কলেজ দিল্লী বিশ্ববিদ্যালয় |
পেচা | চোৰাংচোৱা সংস্থাৰ ২৮ তম সঞ্চালক প্ৰধান ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া |
আৰক্ষী সেৱাৰ সময়ছোৱাত তপন ডেকাই বেছিভাগেই ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সৈতে কাম কৰিছিল। তেওঁক শীৰ্ষ চোৰাংচোৱা আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ ঘনিষ্ঠ সহায়ক হিচাপে গণ্য কৰা হয়।[8] ১৯৯৮ চনত ডেকায়ে চোৰাংচোৱা সংস্থাত যোগদান কৰিছিল। কেবিনেটৰ নিযুক্তি সমিতিৰ দ্বাৰা ঘোষণা কৰা অনুসৰি ডেকাৰ কাৰ্যকাল ২০২৫ চনৰ জুন মাহলৈকে চোৰাংচোৱা সংস্থাৰ(আই বি) মুৰব্বী হিচাপে ম্যাদ বৃদ্ধি কৰা হয়।[9] [10]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সম্পাদনা কৰক১৯৬৩ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীত তপন ডেকাৰ জন্ম হৈছিল।[11] তেওঁ প্ৰাৰম্ভিক শিক্ষা তেজপুৰত গ্ৰহণ কৰিছিল। ১৯৭৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কটন কলেজত অধ্যয়ন কৰে। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।[12] ছাত্ৰাৱস্থাৰ পৰাই তপন ডেকা অত্যন্ত মেধাৱী আছিল। অসম আন্দোলনৰ সময়ত তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা হিচাপে সক্ৰিয় আছিল। কটন কলেজত পঢ়ি থকা সময়ত তেওঁ কটনৰ ছাত্ৰ একতা সভাৰ তৰ্ক বিভাগৰ সম্পাদকো আছিল।
তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপেও কিছুদিন কাম কৰিছিল। তেওঁ প্ৰথম প্ৰচেষ্টাতে সংঘ লোকসেৱা আয়োগে অনুষ্ঠিত কৰা অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱা লাভ কৰে।[13]
কৰ্মজীৱন
সম্পাদনা কৰকভাৰত চৰকাৰে তপন ডেকাক কাশ্মীৰৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে।[14][15] তেওঁ আনুষ্ঠানিকভাৱে চোৰাংচোৱা ব্যুৰোৰ উপ-সঞ্চালক, যুটীয়া সঞ্চালক, আৰু অতিৰিক্ত সঞ্চালক, বিশেষ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। অসমত নাগৰিকত্ব সংশোধনী আইনৰ হিংসাত্মক প্ৰতিবাদৰ সময়ত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰামৰ্শ মতে ৰাজ্যৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে দায়িত্ব লাভ কৰিছিল।[16][17]
তেওঁ ২০০৮ চনৰ অসম বোমা বিস্ফোৰণৰ গোচৰৰ তদন্তৰ মুৰব্বীও আছিল।[18] তেওঁ পাথানকোট বিমান ঘাটি আক্ৰমণ আৰু পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব চম্ভালিছিল। নেপালৰ পৰা ইণ্ডিয়ান মুজাহিদিন (আই এম)ৰ প্ৰতিষ্ঠাপক ইয়াচিন ভাটকলক গ্ৰেপ্তাৰ কৰাৰ আঁৰৰ মুখ্য ব্যক্তি হিচাপে তেওঁক গণ্য কৰা হয়।[19] পাকিস্তানৰ বালাকোটত সংঘটিত হোৱা বিমান আক্ৰমণৰ মূল বিষয়া ডেকা বুলি ধাৰণা কৰা হয়।[20]
বঁটা আৰু সন্মান
সম্পাদনা কৰক২০১২ চনত তেওঁ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰে।[21]
তথ্য উৎস
সম্পাদনা কৰক- ↑ Singh, Jitendra Bahadur (24 June 2022). "Tapan Kumar Deka appointed as Director of Intelligence Bureau" (en ভাষাত). India Today (India Today). https://www.indiatoday.in/india/story/tapan-deka-director-intelligence-bureau-1966387-2022-06-24.
- ↑ "Assam's Tapan Kumar Deka to assume office as IB director" (en-US ভাষাত). 2022-06-26. https://thenewsmill.com/2022/06/assams-tapan-kumar-deka-to-assume-office-as-ib-director/। আহৰণ কৰা হৈছে: 2022-09-02.
- ↑ "Alumni Gallery : 41RR". Sardar Vallabhbhai Patel National Police Academy. https://www.svpnpa.gov.in/index.php?option=com_content&view=article&id=384:1988-batch&catid=32&Itemid=170.
- ↑ "Tapan Kumar Deka IPS empanelled as Director General, GoI | Indian Bureaucracy is an Exclusive News Portal" (en ভাষাত). Indian Bureaucracy. 16 February 2021. https://www.indianbureaucracy.com/tapan-kumar-deka-ips-empanelled-as-dg-posts-at-goi/.
- ↑ "Central govt empanelled 29 IPS officers as DG or DG equivalent". 12 February 2021. https://indianmasterminds.com/movements/central-govt-empanelled-29-ips-officers-as-dg-or-dg-equivalent/.
- ↑ Sharma, Neeta (24 June 2022). "Centre's Plan With 2 Appointments At Intelligence Agencies". NDTV (NDTV). https://www.ndtv.com/india-news/tapan-deka-appointed-as-new-intelligence-bureau-director-samant-goel-raw-tenure-extended-centres-plan-with-2-appointments-at-intelligence-agencies-3097332.
- ↑ "आईपीएस तपन कुमार डेका ने डीजीपी की डीपीसी के लिए किया इनकार". Dainik Bhaskar. https://www.bhaskar.com/local/himachal/shimla/news/ips-tapan-kumar-deka-denied-dgp-for-dpc-127299685.html.
- ↑ Mishra, Sunil (8 October 2021). "घाटी पहुंचा असम आंदोलन का हीरो NSA डोवाल के खास Top Indian Spy तपन डेका" (hi-IN ভাষাত). India Ahead Hindi (India Ahead). Archived from the original on 8 October 2021. https://web.archive.org/web/20211008074425/https://hindi.indiaaheadnews.com/india/who-is-tapan-deka-who-will-make-a-strategy-to-deal-with-the-guerrilla-war-of-terrorists-in-kashmir-86460/.
- ↑ "Intelligence Bureau Chief Tapan Deka Gets One Year Extension". NDTV. Press Trust of India. 24 June 2024. https://www.ndtv.com/india-news/intelligence-bureau-chief-tapan-deka-gets-one-year-extension-5961151.
- ↑ "Intelligence Bureau chief Tapan Kumar Deka gets one year extension" (en ভাষাত). The Indian Express. Press Trust of India. 24 June 2024. https://indianexpress.com/article/india/intelligence-bureau-chief-tapan-kumar-deka-gets-one-year-extension-9412557/.
- ↑ "Assam's Tapan Kumar Deka to assume office as IB director" (en-US ভাষাত). 2022-06-26. https://thenewsmill.com/2022/06/assams-tapan-kumar-deka-to-assume-office-as-ib-director/। আহৰণ কৰা হৈছে: 2022-09-02.
- ↑ India; Ministry of Home Affairs. "The Civil list of Indian police service." (English ভাষাত). The Civil List of Indian Police Service. খণ্ড 146: 49. ISSN 0536-9479.
- ↑ Bureau, EastMojo News (26 August 2019). "Ex-AASU leader & top 'spy' Tapan Deka to be next Assam DGP?". East Mojo. https://www.eastmojo.com/news/2019/08/26/ex-aasu-leader-top-spy-tapan-deka-to-be-next-assam-dgp/.
- ↑ "At least 500 detained and questioned in J&K over killing of civilians" (en ভাষাত). Hindustan Times. 11 October 2021. https://www.hindustantimes.com/india-news/at-least-500-detained-and-questioned-in-j-k-over-killing-of-civilians-101633891201497.html.
- ↑ "IB counter-terror chief on ground, security grid holds high-level meeting ahead of PM Narendra Modi's April 24 visit to J&K" (en ভাষাত). Times Now. 12 April 2022. https://www.timesnownews.com/india/ib-counter-terror-chief-on-ground-security-grid-holds-high-level-meeting-ahead-of-pm-narendra-modis-april-24-visit-to-jk-article-90789828.
- ↑ Gupta, Shishir (16 December 2019). "J&K to Assam, government moves swiftly for national security" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/india-news/j-k-to-assam-government-moves-swiftly-for-national-security/story-4urjyhgoqsyhtyff3PwKHP.html.
- ↑ Nanjappa, Vicky (16 December 2019). "Quick thinking: How Amit Shah's top men handled Assam during CAA protests" (en ভাষাত). Oneindia. https://www.oneindia.com/india/quick-thinking-how-amit-shahs-top-men-handled-assam-during-caa-protests-2997433.html.
- ↑ "Ex-AASU Member, IPS Tapan Deka to be Appointed as the Next DGP of Assam". Inside NE. 26 August 2019. https://www.insidene.com/ex-aasu-member-ips-tapan-deka-to-be-appointed-as-the-next-dgp-of-assam/.
- ↑ Tiwary, Deeptiman (24 June 2022). "Tapan Deka is new IB chief, R&AW head Samant Goel gets another extension" (en ভাষাত). The Indian Express. https://indianexpress.com/article/india/tapan-kumar-deka-made-ib-chief-samant-goel-gets-another-year-as-raw-chief-7989032/.
- ↑ "Tapan Kumar Deka to be new chief of Intelligence Bureau, R&AW director Samant Goel gets extension". The New Indian Express. IANS. 24 June 2022. https://www.newindianexpress.com/nation/2022/jun/24/tapan-kumar-deka-to-be-new-chief-of-intelligence-bureau-raw-director-samant-goel-getsextension-2469299.html.
- ↑ "PRESIDENT'S POLICE MEDAL FOR DISTINGUISHED SERVICE : INDEPENDENCE DAY-2012". Ministry of Home Affairs, India. https://www.mha.gov.in/sites/default/files/ppm-id12_0.pdf.