তাড়কা

ৰামায়ণৰ ৰাক্ষসী চৰিত্ৰ

তাড়কা (সংস্কৃত: ताड़का) বা তাতকা মহাকাব্য ৰামায়ণৰ এক ৰাক্ষসী চৰিত্ৰ। তেওঁৰ সন্তান মাৰিচ আৰু সুবাহুৰ সৈতে তেওঁ অৰণ্যত যজ্ঞ কৰা ঋষিক হাৰাশাস্তি আৰু আক্ৰমণ কৰিছিল। অৱশেষত তেওঁলোকক মহৰ্ষি বিশ্বমিত্ৰৰ নিৰ্দেশত ৰাম আৰু লক্ষ্মণে হত্যা কৰিছিল।[1][2]

তাড়কা
ৰামায়ণৰ চৰিত্ৰ

ৰামৰ দ্বাৰা তাড়কা বধ
তথ্য
পৰিয়াল সুকেতু (পিতা)
দাম্পত্যসঙ্গী সুন্দ
সন্তান মাৰিচ, সুবাহু,

তাড়কা এগৰাকী যক্ষ ৰাজকুমাৰী আৰু যক্ষ ৰজা সুকেতুৰ একমাত্ৰ সন্তান আছিল, তেওঁ প্ৰথমে এগৰাকী ধুনীয়া ৰাজকুমাৰী আছিল। সুন্দ নামৰ এগৰাকী ৰাক্ষস সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। তাড়কা আৰু সুন্দৰ সুবাহু আৰু মাৰিচ নামৰ দুই পুত্ৰ সন্তানৰ জন্ম হয়।[3] যেতিয়া ঋষি অগস্ত্যই সুকেতু আৰু সুন্দ দুয়োকে মৃত্যুদণ্ড দিছিল, তেতিয়া তাড়কাই ঋষিৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে (তেওঁৰ পুত্ৰ সুবাহুৰ সহায়ত) প্ৰতিজ্ঞা কৰে। এই কথাত ক্ৰোধান্বিত হৈ ঋষি অগস্ত্যই তাড়কাক তেওঁৰ সুন্দৰ শাৰীৰিক গঠন হেৰুওৱাব বুলি অভিশাপ দিয়ে আৰু মাক, পুত্ৰ দুয়োকে নিষ্ঠুৰ, নৰখাদক প্ৰকৃতিৰ ঘৃণনীয় পৈশাচিক প্ৰাণীলৈ ৰূপান্তৰিত কৰিছিল।[4]

প্ৰতিশোধ স্বৰূপে, তাড়কা আৰু সুবাহুৱে যিমান পাৰে সিমান ঋষিসকলক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিছিল, তেওঁলোকৰ যজ্ঞবোৰত মাংস আৰু তেজৰ বৰ্ষণ কৰি ধ্বংস কৰিছিল। ব্ৰহ্মঋষি বিশ্বমিত্ৰই বিশেষকৈ তাড়কাৰ নিৰ্যাতনৰ বলি হ'ব লগা হৈছিল আৰু তেওঁৰ দুষ্টতাৰ সৈতে যুঁজিব নোৱাৰি অৱশেষত সহায়ৰ বাবে অযোধ্যাৰ ৰজা দশৰথৰ কাষ চাপে। ৰজাই তেওঁৰ চাৰিজন পুত্ৰৰ মাজৰ দুজন, ১৬ বছৰীয়া ৰাম আৰু লক্ষ্মণক বিশ্বমিত্ৰ আৰু তেওঁৰ যজ্ঞৰ সুৰক্ষাৰ বাবে অৰণ্যলৈ পঠিয়াইছিল।

তাড়কা আৰু সুবাহুৱে বিশ্বামিত্ৰৰ আন এখন যজ্ঞ ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল, ৰামে তেওঁলোকক এনে নকৰিবলৈ সতৰ্ক কৰি দিছিল। ৰামৰ সতৰ্কবাণীক উপহাস কৰি পুনৰ যজ্ঞ ধ্বংস কৰিবলৈ চেষ্টা কৰাৰ পৰিণতিত মাক আৰু পুত্ৰ দুয়োকে ৰাম-লক্ষ্মণে হত্যা কৰে।

তথ্যসূত্ৰ সম্পাদনা কৰক