তাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁ

অসমীয়া কবিতাৰ এক সংকলন

তাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁ (ইংৰাজী: Tar Pora Ubhoti Ahiso Ami Jot Nasilo) কবি মৃদুল হালৈয়ে ৰচনা কৰা অসমীয়া কবিতাৰ এক সংকলন। এই সংকলনটো আঁক-বাক প্ৰকাশনে ২০২২ চনৰ জুলাই মাহত প্ৰকাশ কৰে। এইখন হালৈৰ তৃতীয় কাব্য সংকলন। ইয়াত মুঠ ৩৫টা কবিতা সন্নিৱিষ্ট কৰা হৈছে।

তাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁ  

সংকলনখনৰ বেটুপাত
লেখক মৃদুল হালৈ
প্ৰচ্ছদ শিল্পী সুমন দাস
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কাব্য-সংকলন
প্ৰকাশক আঁক-বাক
প্ৰকাশ জুলাই, ২০২২
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৮০
আই.এচ.বি.এন. 978-93-90610-91-4
পূৰ্বৱৰ্তী

কবিতাসমূহ সম্পাদনা কৰক

  • এই উজ্জ্বলতাই
  • তাৰ পৰা উভতি আহিছো আমি য'ত নাছিলোঁ
  • যি হ'ল নহ'বৰ হ'ল
  • কাৰ্ফিউৰ মহানগৰত
  • হয়তো জীৱন
  • এই দেশ কুশলে আছে
  • অন্য আয়োজন
  • আৰুনো কি ক'বলৈ বাকী আছে?
  • যুদ্ধবন্দী
  • যদিও কাল তোমাৰ নাম
  • ধোঁৱাফুল
  • ভালপোৱাৰ কাব্য
  • স্মৃতি
  • অন্তত
  • প্ৰথম জোন
  • আহিনে আমনি কৰা তৰাজাক
  • অন্তৰতম
  • অলপ নিৰ্জনতা
  • মোৰ নদীয়ে
  • অকাল বোধন
  • 'সৰুফুল'ৰ বাবে এটা কবিতা
  • ৰাতিৰ কবিতা
  • খুলি থোৱা খিৰিকীখনে
  • গৰু
  • আৰু এদিন এনেকৈয়ে
  • ম‍ই
  • ম‍ই তোমাৰ প্ৰাচীন উপাসকজন
  • তুমি
  • বালিৰ দুহাত
  • অসম্ভৱ অনুবাদ
  • ৰুমাল-২
  • ক'লা কবিতা
  • বিপন্নতাৰ পদ্য
  • ৰাগি
  • জোন

কবিৰ চমু পৰিচয় সম্পাদনা কৰক

মৃদুল হালৈৰ প্ৰথম কাব্যগ্ৰন্থ 'অকলে আছোঁ‌ কুশলে আছোঁ‌'ৰ বাবে তেওঁ ২০১৩ চনত ‘মুনীন বৰকটকী বঁটা’[1] আৰু ২০১৫ চনত ‘সাহিত্য অকাদেমি যুৱ পুৰস্কাৰ’ লাভ কৰিছিল। অসমীয়া কবিতাক প্ৰতিনিধিত্ব কৰি তেওঁ সাহিত্য অকাদেমিৰ একাধিক সৰ্বভাৰতীয় সন্মিলনত ভাগ লৈছে। তদুপৰি তেওঁ ইন্দোৰত আকাশবাণীয়ে আয়োজন কৰা 'নেশ্যনেল ছিম্পছিয়াম অৱ পয়েটছ', বাজা ফাউণ্ডেশ্যনে নতুন দিল্লীত আয়োজন কৰা 'বাক : দ্য ৰাজা বায়েনেল অব ইণ্ডিয়ান পয়েট্ৰী', 'জয়পুৰ লিটাৰেচাৰ ফেষ্টিভেল' আদি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত ভাগ লৈছে। তেওঁৰ কবিতা হিন্দী, ইংৰাজী, বাংলা আদি ভাষালৈ অনূদিত হৈছে।[2] হালৈ পেছাত এগৰাকী সাংবাদিক।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "মুনীন বৰকটকী সাহিত্য বঁটা বিজয়ীসকল". http://www.muninbarkotoki.org/assamese/trust/awrdlist.html। আহৰণ কৰা হৈছে: 13 May 2023. 
  2. মৃদুল হালৈ (২০২২). তাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁ. আঁ‌ক-বাক. পৃষ্ঠা. প্ৰচ্ছদ. ISBN 978-93-90610-91-4. 
  3. "Mridul Haloi". jaipurliteraturefestival.org. https://jaipurliteraturefestival.org/speaker/mridul-haloi। আহৰণ কৰা হৈছে: 13 May 2023.