তিনি জ্ঞানী বান্দৰ (ইংৰাজী: Three wise monkeys; জাপানী: 三猿) জাপানৰ লোক-সংস্কৃতিত প্ৰচলিত একপ্ৰকাৰৰ প্ৰতীক। তিনিটা জাপানী বান্দৰে তিনি ভিন ভিন ভংগীত থকা এই প্ৰতীকে বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা বুজায়।[1] এই তিনি বান্দৰৰ নাম ক্ৰমে মিজাৰু, যিয়ে নিজৰ চকু ঢাকি বেয়া নাচায়; কিকিজাৰু, যিয়ে নিজৰ কাণ ঢাকি বেয়া নুশুনে; আৰু ইৱাজাৰু যিয়ে নিজৰ মুখ ঢাকি বেয়া নকয়।[2] লাফকাদিঅ' হিয়াৰ্ণে এই তিনি বান্দৰক তিনি মায়াময় বান্দৰ হিচাপে অভিহিত কৰিছে।[3]

জাপানৰ নিক্কো ট'শ্ব' গু মন্দিৰত তিনি জ্ঞানী বান্দৰ

এই তিনি বান্দৰৰ প্ৰতীকৰ সৈতে বিভিন্ন অৰ্থ আৰু প্ৰবচন জড়িত হৈ আছে যদিও বেছি ভাগে ভাল মন, বাণী আৰু কৰ্মক সমৰ্থন জনায়।[4]

জাপানৰ বাহিৰত বান্দৰ কেইটাক কেতিয়াবা মিজাৰু, মিকিজাৰু[5] আৰু মাজাৰু,[6] নামেৰেও জনা যায়। জাপানী নামৰ অপভ্ৰংশ ঘটি তেনে হৈছে।[7][8] এই বান্দৰ কেইটা জপানীজ মেকাক প্ৰজাতিৰ। মহাত্মা গান্ধীয়ে এই বান্দৰ কেইটাক জনপ্ৰিয়কৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল সেয়ে ইয়াক গান্ধীৰ বান্দৰ বুলিও কোৱা হয়। গান্ধীৰ তিনি বান্দৰৰ নাম বাপু, কেতন আৰু বান্দৰ

গুজৰাটৰৰে আহমেদাবাদত অৱস্থিত সাবৰমতী আশ্ৰমমহাত্মা গান্ধীৰ তিনি বান্দৰ বাপু, কেতন আৰু বান্দৰৰ মূৰ্তি

তথ্য উৎস সম্পাদনা কৰক

  1. Wolfgang Mieder. 1981. "The Proverbial Three Wise Monkeys," Midwestern Journal of Language and Folklore, 7: 5- 38.
  2. Oldest reference to the correct monkey names in English. Source:
  3. Lafcadio Hearn (1894). Glimpses of unfamiliar Japan, volume 2, p. 127.
  4. Pornpimol Kanchanalak (21 April 2011). "Searching for the fourth monkey in a corrupted world". প্ৰকাশক Thailand: The Nation. Archived from the original on 28 August 2015. https://web.archive.org/web/20150828032149/http://www.nationmultimedia.com/home/2011/04/21/opinion/Searching-for-the-fourth-monkey-in-a-corrupted-wor-30153534.html। আহৰণ কৰা হৈছে: 19 June 2017. 
  5. Oldest references (1926–1984) for Mikazaru in Google Books
  6. Oldest reference of the incorrect Mazaru in Google Books. Source:
  7. Worth, Fred L. (1974). The Trivia Encyclopedia. Brooke House. পৃষ্ঠা. 262. ISBN 978-0-912588-12-4. 
  8. Shipley, Joseph Twadell (2001). The Origins of English Words: A Discursive Dictionary of Indo-European Roots. Johns Hopkins University Press. পৃষ্ঠা. 249. ISBN 978-0-8018-6784-2. https://archive.org/details/originsofenglish00jose/page/249. 

বাহ্যিক সংযোগ সম্পাদনা কৰক