তিলক হাজৰিকা অসমৰ এজন আগশাৰীৰ সাংবাদিক আৰু সাহিত্যিক। তেখেতে প্ৰায় ৬০ বছৰ ধৰি সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছিল।

তিলক হাজৰিকা
জন্ম ৩ অক্টোবৰ, ১৯২১
কলিয়াবৰ, অসম
মৃত্যু ২২ অক্টোবৰ, ২০১৬ (৯৫ বছৰ)
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাংবাদিক, সাহিত্যিক

জন্ম আৰু বাল্যকাল সম্পাদনা কৰক

তেখেতৰ জন্ম হয় ১৯২১ চনৰ ৩ অক্টোবৰত, অসমৰ নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰী গাঁৱত। পিতৃৰ নাম ঈশধৰ হাজৰিকা।[1]

শিক্ষাজীৱন সম্পাদনা কৰক

১৯৪১ চনত কলিয়াবৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে নগাঁও মহাবিদ্যালয়ত নাম ভৰ্তি কৰে আৰু তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে।[1]

কৰ্মজীৱন সম্পাদনা কৰক

স্নাতক হৈয়েই হাজৰিকা দেৱে নগাৱৰ কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। ১৯৫১ চনত তেখেতে নতুন অসমীয়া কাকতত উপ-সম্পাদক হিচাপে যোগদান কৰি, তাৰ পাছত ক্ৰমান্বয়েঅসম বাণী, সাদিন, প্ৰতিদিন আদি কাকত সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে।

সাহিত্য কৃতি সম্পাদনা কৰক

  • আড্ডা -১৯৫৮ ( হাস্যৰসাত্মক)
  • কত কথা - ১৯৬০
  • আবেলিৰ ছাঁ- ২০০০ ( আত্মকথা)

সন্মান সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

২০১৬ চনৰ ২২ অক্টোবৰ তাৰিখে গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়ত পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 বৰেণ্য, নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী, ১৯১২