তুলসী গৌড়া
তুলসী গৌড়া (ইংৰাজী: Tulsi Gowda) হৈছে কৰ্ণাটক ৰাজ্যৰ অন্তৰ্গত উত্তৰ কানাড়া জিলাৰ হোন্নালী গাঁৱৰ এগৰাকী ভাৰতীয় পৰিৱেশকৰ্মী৷ তেখেতে ১০,০০০ জোপাতকৈও অধিক বৃক্ষপুলি ৰোপণৰ লগতে বন বিভাগৰ নাৰ্ছাৰীসমূহ প্ৰতিপালনৰ দায়িত্বও পালন কৰিছে ৷ কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ তুলসী গৌড়াই পৰিৱেশৰ সুৰক্ষালৈ অনবদ্য বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে৷ ভাৰত চৰকাৰৰ উপৰি অন্যান্য সংস্থাই তেখেতৰ এই কৰ্মক সন্মান জনাই বিভিন্ন সময়ত স্বীকৃতি প্ৰদান কৰিছে ৷ তুলসী গৌড়া 'বননিৰ বিশ্বকোষ' বা 'এনচাইক্লোপেডিয়া অৱ ফৰেষ্ট' হিচাপে পৰিচিত৷ [1]
তুলসী গৌড়া Tulsi Gowda | |
---|---|
ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰি থকা সময়ত পৰিৱেশ কৰ্মী তুলসী গৌড়া | |
জন্ম | ১৯৪৪ (বয়স ৭৯–৮০) উত্তৰ কানাড়া, কৰ্ণাটক, ভাৰত |
পেচা | পৰিৱেশকৰ্মী |
২০২১ বৰ্ষৰ ৮ নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰে তেখেতক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে ৷[2][3][4]
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰক১৯৪৪ চনত হাক্কালী নামৰ এটি জনজাতীয় পৰিয়ালত তুলসী গৌড়াৰ জন্ম হয়৷ কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাত অৱস্থিত গ্ৰাম্য আৰু নগৰীয়া ক্ষেত্ৰৰ মধ্যবিন্দুত থকা হোন্নালী গাঁৱৰ এক আৱাসস্থলী আছিল তেখেতৰ জন্মস্থান ৷কৰ্ণাটক হৈছে দক্ষিণ ভাৰতৰ এখন ৰাজ্য, যি পৰিৱেশ-পৰ্যটনৰ বাবে জনাজাত৷ কৰ্ণাটকত পাঁচখন ৰাষ্ট্ৰীয় উদ্যান আৰু পছিশখনতকৈও অধিক বন্যপ্ৰাণী অভয়াৰণ্য আছে ৷ [5]
তুলসী গৌড়াৰ নামৰ প্ৰথমটো শব্দ প্ৰকৃতিৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত আৰু শব্দটো তুলসী নাইবা তুল্সী নামৰ কানাড়া শব্দৰ পৰা লোৱা হৈছে ৷ ইয়াৰ অৰ্থ হৈছে হিন্দু ধৰ্মৰ পবিত্ৰ তুলসী গছ, (Ocimum tenuiflorum)৷ [6]
এটি দৰিদ্ৰ পৰিয়ালত তুলসী গৌড়াৰ জন্ম হৈছিল৷ দুবছৰ বয়সত তেখেতে পিতৃক হেৰুৱায় ৷ ইয়াৰ বাবে তেখেতে মাতৃৰ লগত এখন স্থানীয় নাৰ্চাৰীত শ্ৰমিক হিচাপে খুব সৰুৰেপৰাই কাম কৰিবলগা হৈছিল৷ ফলত পঢ়া-শুনা কৰাত বাধা আহি পৰিছিল৷ সেইকাৰণে তুলসী গৌড়া অশিক্ষিত হৈ থাকে৷ তেওঁলোকৰ জনজাতিৰ ভাষা হৈছে কানাড়া ৷ ইয়াৰ এটা অল্প-পৰিচিত নাম হৈছে-কানাৰিছ৷ কিশোৰী অৱস্থাতে তুলসী গৌড়াক বয়সত ডাঙৰ এজন ব্যক্তি গোৱিন্দে গৌড়াৰ লগত বিবাহ সম্পন্ন কৰোৱা হয়৷ তেতিয়া তেখেতৰ আনুমানিক বয়স আছিল দহ বা বাৰ৷ তেখেতে পঞ্চাছ বছৰ অতিক্ৰম কৰাৰ কেইবছৰ মানৰ পাছতে স্বামীৰ দেহাৱসান ঘটে৷ নাৰ্চাৰীত তুলসী গৌড়াক বৃক্ষপুলিৰ পৰিচৰ্যা কৰাৰ দায়িত্ব দিয়া হৈছিল৷ পাছত এইবোৰ পুলিক কৰ্ণাটকৰ বন বিভাগৰ অধীনত বিকাশ আৰু ফচল সংগ্ৰহ কৰা হৈছিল৷ আগাছুৰ বীজশয্যাৰ অংশ হ'বলগীয়া পুলিবোৰৰ তেখেতে বিশেষভাৱে যত্ন লৈছিল৷ [7] মাতৃৰ লগত তুলসী গৌড়াই দৈনিক হাজিৰা কৰ্মী হিচাপে পয়ত্ৰিছ বছৰ ধৰি কাম কৰিছিল ৷ ইয়াৰ পাছতহে সংৰক্ষণ আৰু উদ্ভিদ বিজ্ঞানৰ প্ৰতি থকা অগাধ জ্ঞানৰ স্বীকৃতিস্বৰূপে তেখেতক এটা স্থায়ী পদ প্ৰদান কৰা হৈছিল ৷ সত্তৰ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে সেই স্থায়ী পদটোত তেখেতে পোন্ধৰ বছৰতকৈও অধিক কাল কাম কৰে ৷ নাৰ্ছাৰীত কটোৱা এই দীৰ্ঘকালীন সময়ছোৱাত, তুলসী গৌড়াই বৃক্ষৰোপনৰ হকে বন বিভাগৰ লগত প্ৰত্যক্ষভাৱে কাম কৰে আৰু অভিজ্ঞতাৰ জৰিয়তে লাভ কৰা পৰম্পৰাগত জ্ঞানৰ জৰিয়তে অৱদান আগবঢ়ায় ৷
জ্ঞান
সম্পাদনা কৰকপৰিৱেশবিদসকলে তুলসী গৌড়াক "বনানিৰ বিশ্বকোষ" (encyclopedia of the forest) বুলি অভিহিত কৰিছে ৷ আনহাতে জনজাতীয় লোকৰ মাজত তুলসী "বৃক্ষ দেৱী" হিচাপে পৰিচিত ৷ বনাঞ্চল আৰু বনাঞ্চলত বিকশিত হোৱা বৃক্ষ সম্বন্ধে তুলসীৰ বিস্তৃত জ্ঞান আছে ৷ তাৰবাবেই তেখেতক এই দুয়োটা নাম দিয়া হৈছে ৷ [8] গছৰ প্ৰতিটো প্ৰজাতিৰেই মাতৃ বৃক্ষজোপা চিনাক্ত কৰাৰ এক বিশেষ দক্ষতাৰ অধিকাৰিনী তুলসী গৌড়া; লাগিলে গছজোপাৰ স্থান য'তেই নহওক কিয় ৷ [9] অৰণ্যত থকা মাতৃ বৃক্ষজোপাই ইয়াৰ আকাৰ আৰু বয়সৰ বাবে বিশিষ্টতা লাভ কৰে আৰু ইয়াৰ লগতেই অৰণ্যৰ সৰ্বাধিকসংখ্যক বৃক্ষবিন্দু সংযুক্ত হৈ থাকে ৷ মাটিৰ তলত থকা এই বিন্দু (Node)বোৰৰ জৰিয়তে মাতৃবৃক্ষৰ লগত পুলিবোৰে সংযোগ স্থাপন কৰে আৰু নাইট্ৰ'জেন আৰু অন্যান্য পৰিপুষ্টিৰ যোগান ধৰে ৷ [10]বীজ সংগ্ৰহৰ ক্ষেত্ৰত তুলসী গৌড়াই উৎকৃষ্টতা অৰ্জন কৰিছে ৷ বৃক্ষৰ প্ৰজাতিৰ পুনৰ সৃষ্টি আৰু পুনৰ বৃদ্ধি কৰিবলৈ মাতৃবৃক্ষৰ পৰা বীজ আহৰণ কৰাটোৱেই হৈছে বীজ সংগ্ৰহৰ উদ্দেশ্য৷ এইটো এটা অতি কঠিন প্ৰক্ৰিয়া৷ কিয়নো পুলিবোৰ জীয়াই থকাটো নিশ্চিত কৰিবলৈ মাতৃবৃক্ষৰ পৰা গজালি ওলাবলৈ ধৰা শীৰ্ষতম সময়তে বীজ সংগ্ৰহ কৰিব লাগিব, আৰু গৌড়াই এই সময়ৰ আগমন সম্বন্ধে সম্পূৰ্ণ জ্ঞাত৷ [11]
অৰণ্য সম্বন্ধে এনে বিস্তৃত জ্ঞান তুলসী গৌড়াই কিদৰে আহৰণ কৰিলে-সেইটো এটা কৌতূহলোদ্দীপক প্ৰশ্ন ৷ ইয়াৰ ব্যাখ্যা আগবঢ়োৱাটো তেখেতৰ পক্ষে সম্ভৱ নহ'ব বুলি জানিবলৈ দিয়ে৷ তেখেতৰ মতে, তেখেত বোধহয় অৰণ্যৰ ভাষা বুজি পোৱাকৈ সক্ষম৷ [7] উল্লেখনীয় যে, তুলসী গৌড়াৰ 'হাল্লাকী ভোক্কালিগা' জনজাতিৰ এটা বৰ গভীৰ ঐতিহ্য আছে৷ তেওঁলোকে মাতৃত্ব আৰু প্ৰকৃতিৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখে আৰু ভূপৃষ্ঠৰ পৰিচৰ্যাকাৰীৰ দায়িত্ব পালন কৰে ৷ [7]
উত্তৰসুৰী
সম্পাদনা কৰকতুলসী গৌড়াই কৰ্ণাটকত নিজা উদ্যোগত এক লাখ বৃক্ষৰ পুলি ৰোপন কৰিছে ৷ [8] এই অৱদানসমূহে তেখেতৰ সমূদায়তো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ উত্তৰ কানাড়া জিলাৰ নাগৰাজা গৌড়াই হালাক্কী জনজাতিৰ হকে কাম কৰে ৷ তেখেতৰ মতে,তুলসী তেওঁলোকৰ বাবে গৌৰৱ৷[9]
য়েলাপ্পা ৰেড্ডী হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া৷ তেখেতেও তুলসী গৌড়াৰ অতুলনীয় কৰ্মক প্ৰশংসা কৰি মন্তব্য কৰিছে যে-তুলসী গৌড়াই তিনিশতাধিক ঔষধী গছ চিনাক্ত কৰিছে আৰু ৰোপন কৰিছে যাৰ জৰিয়তে গাঁৱৰ ব্যাধিগ্ৰস্ত লোকৰ চিকিৎসা কৰাত সুবিধা হৈছে ৷ [9]
কৰ্ণাটক বন বিভাগৰ পৰা অৱসৰ লৈছে যদিও তুলসী গৌড়াই জীৱনৰ অৱশিষ্ট সময়খিনি গাঁৱৰ শিশু-কিশোৰক বনানিৰ গুৰুত্ব বুজাবলৈ ব্যৱহাৰ কৰিছে ৷ ইয়াৰ লগতে পুলি আহৰণ আৰু পৰিচৰ্যাকৰণো তেখেতে শিশুহঁতক শিকাইছে ৷ [7]
পৰিৱেশ-কৰ্মৰ লগতে তুলসী গৌড়াই নিজৰ গাঁৱত নাৰীৰ অধিকাৰ সম্বন্ধে মাত মাতি আহিছে৷ এগৰাকী হালাক্কি মহিলাক যেতিয়া বিবাদৰ পিছত বন্দুকৰে ভাবুকি দিয়া হৈছিল, তেতিয়া গৌড়াই তেওঁক সহায় কৰিবলৈ গৈ কৈছিল যে-"অপৰাধীক শাস্তি নিদিলে তীব্ৰ প্ৰতিবাদ কৰিম।"[7]
স্বীকৃতি
সম্পাদনা কৰককৰ্ণাটক বন বিভাগত দীৰ্ঘকাল সেৱা আগবঢ়োৱা তুলসী গৌড়াই বৃক্ষপুলি বিকাশ আৰু সংৰক্ষণৰ বাবে অনেক বঁটা আৰু সন্মান লাভ কৰিছে ৷
- ১৯৮৬ চনত তুলসীয়ে ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষমিত্ৰ বঁটা লাভ কৰে ৷ এই বঁটাক 'IPVM' বঁটা বুলিও কোৱা হয় ৷ বনানীকৰণ আৰু পতিতভূমি বিকাশৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ব্যক্তিবিশেষ আৰু প্ৰতিষ্ঠানলৈ এই বঁটা আগবঢ়োৱা হয় ৷ [9] পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰদ্বাৰা উক্ত বঁটা ১৯৮৬ চনত প্ৰৱৰ্তন কৰা হৈছিল আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে ৭টা ভিন্ন শিতানত এই বঁটা প্ৰদান কৰা হয় ৷
- ১৯৯৯ চনত তুলসী গৌড়াক কৰ্ণাটক ৰাজ্যোৎসৱা বঁটা প্ৰদান কৰা হয় ৷ এয়া হৈছে কৰ্ণাটক ৰাজ্য চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান৷ [9] [5] এই বঁটাত এটি সোণৰ পদক আৰু দহলাখ ধনৰাশি আগবঢ়োৱা হয় ৷
- ২০২০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে তুলসী গৌড়ালৈ সন্মানীয় পদ্মশ্ৰী বঁটা ঘোষণা কৰে৷ বঁটা গ্ৰহণ কৰি তুলসী গৌড়াই নিজৰ উদ্দেশ্য পুনৰ প্ৰতিষ্ঠিত কৰি কয় যে-বঁটা গ্ৰহণ কৰি মই আহ্লাদিত, কিন্তু বনানি আৰু বৃক্ষৰ মূল্যক মই অগ্ৰাধিকাৰ দিওঁ৷"[9]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ https://www.newindianexpress.com/good-news/2021/nov/09/30000-trees-and-counting-encyclopedia-of-forest-tulasi-gowda-elated-at-receiving-padma-shri-2381475.html
- ↑ "Tulsi Gowda to be felicitated". Samachar. Archived from the original on 2013-11-09. https://web.archive.org/web/20131109083606/http://www.samachar.com/Snake-Marshal-and-Tulsi-Gowda-to-be-felicitated-lgccLQdadbi.html। আহৰণ কৰা হৈছে: 2021-11-09.
- ↑ "‘Plant two saplings a year'". The Hindu. 6 June 2011. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/plant-two-saplings-a-year/article2080738.ece.
- ↑ "‘Snake' Marshal and Tulsi Gowdato be felicitated". The Hindu. 2 June 2011. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/article2070134.ece?css=print.
- ↑ 5.0 5.1 "Karnataka Government". www.karnataka.gov.in. https://www.karnataka.gov.in/page/Awards/State+Awards/Rajyotsava+Awards/en। আহৰণ কৰা হৈছে: 2021-10-19.
- ↑ M. A., English Literature. "What You Should Know About Tulsi or the Holy Basil" (en ভাষাত). Learn Religions. https://www.learnreligions.com/tulsi-the-holy-basil-1770040। আহৰণ কৰা হৈছে: 2021-10-19.
- ↑ 7.0 7.1 7.2 7.3 7.4 "Tree goddess Tulasi Gowda, the barefoot Indian activist protecting the forest" (en-US ভাষাত). LifeGate. 2020-09-01. https://www.lifegate.com/tulasi-gowda-forests-india। আহৰণ কৰা হৈছে: 2021-10-19.
- ↑ 8.0 8.1 Thacker, Hency (2020-02-26). "Tulasi Gowda - One Woman can change the world" (en-GB ভাষাত). The CSR Journal. https://thecsrjournal.in/tulasi-gowda-one-woman-can-change-the-world/। আহৰণ কৰা হৈছে: 2021-10-19.
- ↑ 9.0 9.1 9.2 9.3 9.4 9.5 Menon, Arathi; Chinnappa, Abhishek N. (2021-06-10). "Tulsi Gowda: Barefoot Ecologist Brings Forests to Life" (en-US ভাষাত). The Beacon Webzine. https://www.thebeacon.in/2021/06/10/tulsi-gowda-barefoot-ecologist-brings-forests-to-life/। আহৰণ কৰা হৈছে: 2021-10-19.
- ↑ "About Mother Trees in the Forest" (en-US ভাষাত). The Mother Tree Project. https://mothertreeproject.org/about-mother-trees-in-the-forest/। আহৰণ কৰা হৈছে: 2021-10-19.
- ↑ "Karnataka Forest Department - Home page". aranya.gov.in. https://aranya.gov.in/aranyacms/(S(u5shf1ytgsyqjwahlapbuoz1))/English/Home.aspx। আহৰণ কৰা হৈছে: 2021-10-19.