তৈয়বউল্লা

ভাৰতৰ স্বাধীনতা সংগ্ৰামী

তৈয়বুউল্লা ওৰফে মৌলানা তৈয়বুল্লাহ(ইংৰাজী: Moulana Taybullah) এগাৰকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কৰ্মী আৰু স্বাধীনতা আন্দোলনৰ সংগ্ৰামী আছিল৷ স্বাধীনোত্তৰ অসমত বিধানসভালৈ নিৰ্বাচিত হৈ তেওঁ মন্ত্ৰীত্বৰ দায়িত্ব পায়ো পালন কৰা নাছিল৷[1] তদুপৰি এগৰাকী লেখক হিচাপেও তেওঁ খ্যাতি লাভ কৰিছিল৷ গুৱাহাটীৰ চৰকাৰী হাকিম মছিয়ৎ উল্লাহৰ সন্তান তৈয়বুল্লাহৰ জন্ম হৈছিল ১৮৯৪ চনত৷[2][3]কাৰাগাৰৰ চিঠি আৰু পোন্ধৰ আগষ্ট’ তেওঁৰ উল্লেখযোগ্য সাহিত্যকৃতি৷

তৈয়বুল্লাহ/মৌলানা তৈয়বুল্লাহ
জন্ম ১৯৯৪ চন
গুৱাহাটী, অসম
মৃত্যু ১৯৬০ চন, ৩০ অক্টোবৰ
সংস্থা ভাৰতীয় জাতীয় কংগ্ৰেছ
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন

শিক্ষা সম্পাদনা কৰক

তৈয়বুল্লাহে গোলাঘাট বেজবৰুৱা হাইস্কুলত আৰু পিছত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পাছ কৰি ১৯০৯ চনত অসম উপত্যকাৰ ভিতৰত প্ৰথম হৈ সোণৰ পদক লাভ কৰে৷ কটন কলেজৰ পৰা প্ৰথম বিভাগত আই,এছ,চি পাছ কৰে৷ পাছত কলিকতা প্ৰেছিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত সন্মানসহ বি,এছ,ছি ডিগ্ৰী লাভ কৰে৷ তেওঁ কলিকতাতৰ অমিশ্ৰ গণিতৰ স্নাতকোত্তৰ পাঠ গ্ৰহণ কৰিছিল যদিও পৰীক্ষা দিয়া নহ’ল৷ কলিকতাৰ পৰাই তেওঁ আইনৰ স্নাতক হৈ অসমলৈ উভতি আহে৷[2][1]

কৰ্মজীৱন সম্পাদনা কৰক

কলিকতাৰ পৰা শিক্ষা সাং কৰি তৈয়বুল্লাহে ১৯১৯ চনত গুৱাহাটীত ওকালতি আৰম্ভ কৰিছিল৷ ১৯২২ চনৰ পৰা ১৯২৪ চনলৈ তেওঁ আলিগড়ৰ “জামিয়া মিলিয়া ইচলামিয়া’’ত দুবছৰ বিজ্ঞান শিক্ষকৰূপে কাম কৰিছিল৷[2][1]

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

স্বাধীনতা আন্দোলনত এগৰাকী কংগ্ৰেছ কৰ্মীৰূপে তৈয়বুল্লাহে সক্ৰিয় ভূমিকা পালন কৰিছিল৷ ১৯২২ চনত তেওঁ গুৱাহাটী জিলা কংগ্ৰেছৰ সম্পাদক আৰু পিছলৈ সভাপতি হৈছিল৷ ১৯২৬ চনত পাণ্ডুত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ আদৰণী সমিতিৰ সম্পাদক হৈছিল৷ বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰি তেওঁ দুবাৰ কাৰাবৰণ কৰিছিল৷ প্ৰথমবাৰ ছমাহ কাল আৰু পিছত ১৯৪২ চনৰ পৰা ১৯৪৫ চনলৈ জেল খাটিছিল৷ স্বাধীনতাৰ পিছত মঙলদৈ সমষ্টিৰ পৰা বিনা-প্ৰতিদ্বন্দিতাৰে তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ বিধায়ক হৈ থকা অৱস্থাত তেওঁক মন্ত্ৰীত্ব যচা হৈছিল যদিও তেওঁ স্বেচ্ছাই সেই পদ ত্যাগ কৰিছিল বুলি জনা যায়৷[2][1][3]

সাহিত্য সম্পাদনা কৰক

মৌলানা তৈয়বুল্লাহে ৰাজনৈতিক জীৱনৰ লগতে সাহিত্যৰ দিশতো মনোনিৱেশ কৰিছিল৷ পদ্মধৰ চলিহা সম্পাদক হৈ থকা সময়ত “অসমীয়া’’ কাকতৰ লগতো তেওঁ জড়িত হৈছিল৷ কাৰাগাৰত থকা সময়ত তেওঁ “কাৰাগাৰৰ চিঠি আৰু পোন্ধৰ আগষ্ট’’ নামে এখনি পুথি ৰচনা কৰিছিল, যিখন ১৯৬২ চনত প্ৰকাশ পাইছিল৷ তদুপৰি তেওঁ উন্মুল কোৰাণ, Islam and Non Violence, Between the Symbol and the Idol at Last নামে তিনিখন পুথি ৰচনা কৰিছিল৷[2][3]

মৃত্যু সম্পাদনা কৰক

১৯৬০ চনৰ ৩০ অক্টোবৰত তেওঁৰ মৃত্যু হৈছিল৷[3]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 ডেকা, কনকচন্দ্ৰ (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃষ্ঠা. ১৪৬. 
  2. 2.0 2.1 2.2 2.3 2.4 বৰ্মন, শিৱনাথ (২০১৮). জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ১৯৯. ISBN 978-81-7339-428-7. 
  3. 3.0 3.1 3.2 3.3 ৰহমান, আবদুৰ (২০০৮). অসমৰ মুছলমানসকল. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ১৮৫.