থায়ী চাহেবা

গিৰীশ কাছাৰৱল্লীৰ দ্বাৰা পৰিচালিত ১৯৯৭ বৰ্ষৰ চলচ্চিত্ৰ

থায়ী চাহেবা (ইংৰাজী: Thaayi Saheba) ১৯৯৭ চনত মুক্তি পোৱা, গিৰীশ কাছাৰৱল্লী পৰিচালিত কানাড়া ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। এই ছবিখন ৰংগনাথ শ্যামৰাও লোকপুৰা ৰচিত একে নামৰ কানাড়া উপন্যাসৰ অভিযোজন আছিল। ছবিখনে চাৰিটা শিতানত ৪৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[1]

থায়ী চাহেবা

পোষ্টাৰ
পৰিচালক গিৰীশ কাছাৰৱল্লী
চিত্ৰনাট্য গিৰীশ কাছাৰৱল্লী
কাহিনী ৰংগনাথ শ্যাম ৰাও লোকপুৰা
ভিত্তি ৰংগনাথ লোকপুৰাৰ থায়ী চাহেবা নামৰ উপন্যাস
প্ৰযোজক জয়মালা
অভিনয়ত জয়মালা
সুৰেশ হেবলিকাৰ
চিত্ৰগ্ৰহণকাৰী এইচ এম ৰামচন্দ্ৰ
সম্পাদনা এম এন স্বামী
সংগীত পৰিচালক আইজাক থমাচ ক’ট্টুকাপাল্লী
প্ৰযোজনা
কোম্পানী
শ্ৰী সৌন্দৰ্য আৰ্টচ্
মুক্তি
৩১ ডিচেম্বৰ ১৯৯৭ (1997-12-31)
দেশ ভাৰত
ভাষা কানাড়া

কাহিনীৰ সাৰাংশ

সম্পাদনা কৰক

নায়িকা নৰ্মদা থায়ী স্বাধীনতা সংগ্ৰামী আপ্পা চাহাবৰ দ্বিতীয় পত্নী। নিঃসন্তান দম্পতীহালে তেওঁলোকৰ ঘনিষ্ঠ আত্মীয় ভেংকোবান্নাৰ সন্তানক দত্তক হিচাপে লোৱাৰ সিদ্ধান্ত লয়। ভেংকোবান্নাই নিজৰ সন্তানক দত্তক দিয়াৰ আঁৰত এটা মতলব আছে, তেওঁ হিচাপ কৰি পায় যে তেওঁৰ পুতেকে আপ্পা চাহাবৰ ধন-সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব। ইয়াৰ মাজতে আপ্পা চাহাবৰ চন্দ্ৰী নামৰ এগৰাকী নাৰীৰ লগতো অবৈধ সম্পৰ্ক আছে আৰু তেওঁলোকৰ ফালৰ পৰা এগৰাকী কন্যা সন্তান জন্ম হয়। নৰ্মদা থায়ী যথেষ্ঠ ধৈৰ্য্যশীল নাৰী আৰু স্বামীৰ চৰিত্ৰৰ সকলো কথা জানিও তেওঁ স্বামী আৰু ঘৰখনক সহায় কৰে। দেশ স্বাধীন হোৱাৰ পিছত আপ্পা চাহাবে তেওঁৰ সকলো ভূমি তেওঁৰ পথাৰত চহ কৰা শ্ৰমিকসকলক এৰি দিয়ে। তেওঁৰ এই দৃষ্টিভংগীৰ বাবে বহু প্ৰত্যাশিত পৰিকল্পনা ছিন্নভিন্ন হোৱাত ভেংকোবান্না ক্ষুব্ধ হৈ পৰে। কিছু সময়ৰ অন্তৰালত আপ্পা চাহাব চৰকাৰৰ প্ৰতিবাদ কৰিবলৈ ঘৰৰ পৰা ওলাই যায় আৰু ঘূৰে নাহে। নৰ্মদাই জানিব পাৰে যে তেওঁৰ স্বামীক চৰকাৰে কাৰাগাৰত বন্দী কৰি থৈছে; কিন্তু স্বামীৰ সম্পৰ্কত সবিশেষ একো গম নাপায়।

ইফালে দম্পতিহালে দত্তক লোৱা পুত্ৰ সন্তানটোৱে যৌৱনত ভৰি দিয়ে। হঠাৎ থায়ী চাহিবাই আৱিষ্কাৰ কৰে যে দত্তক পুত্ৰই আপ্পা চাহাবৰ ৰক্ষিতা চন্দ্ৰীৰ কন্যাৰ প্ৰেমত পৰিছে। আইনৰ দৃষ্টিত দুয়ো ভাই-ভনী। তেওঁ পুত্ৰক সামাজিক নৈতিকতাৰ বিৰুদ্ধে নাযাবলৈ বুজনি দিয়ে। কিন্তু পুত্ৰই এই বুজনিত সৈমান নহয়। আনহাতে থায়ী চাহিবাই যদি এই বিয়াত সন্মতি দিয়ে, তেন্তে আইনৰ দৃষ্টিত তেওঁ জগৰীয়া হ’ব। সেয়েহে তেওঁ পুত্ৰৰ দত্তক চুক্তি বাতিল কৰিবলৈ চেষ্টা চলায়, যদিও সেই সময়ত আইনত তেনে ব্যৱস্থা নাছিল। অৱশেষত তেওঁ পুত্ৰক নিজ ইচ্ছামতে কাম কৰিবলৈ সন্মতি দিয়ে আৰু বিয়াখনৰ ফলত হবলগীয়া ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’বলৈ মানসিকভাবে প্ৰস্তুত হয়।

শেষ দৃশ্যত দেখা যায় যে থায়ী চাহিবা ঘৰৰ চিৰিৰ ওচৰত থিয় হৈ আছে আৰু ক্ষুব্ধ ভেংকোবান্নাই আৰক্ষীৰ সৈতে আহি তেওঁলোকৰ আগমনৰ জাননী দিয়ে।

অভিনয়শিল্পী

সম্পাদনা কৰক
  • জয়মালা
  • সুৰেশ হেবলিকাৰ
  • শিৱৰাম
  • হৰিশ ৰাজু
  • ভাৰত
  • ৰাণুকাম্মা মুৰুগ’ডু
  • বাসৱৰাজ মুৰুগ’ডু
  • সুধা বেলাৱাড়ী
  • বিজয়া এক্কুন্দি
  • ৰথী মঞ্জুনাথ
  • দীপা ৰৱকবি
  • সুনন্দা ৰাডাপট্টি
  • বিশ্বনাথ সুৰাপুত্ৰ
  • ভেংকট ৰাও
৪৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯৭)[1]
  • শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • বিশেষ জুৰি বঁটা- জয়মালা
  • শ্ৰেষ্ঠ বেশ-ভূষা- বৈশালী কাছাৰাৱল্লী
  • শ্ৰেষ্ঠ কলা নিৰ্দেশক- ৰমেশ দেশাই
মাইচোৰ চণ্ডাল গোল্ড বঁটা [2]
  • শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী- এইচ এম ৰামচন্দ্ৰ
  • শ্ৰেষ্ঠ অভিনেত্ৰী- জয়মালা
৪৬তম ফিল্মফেয়াৰ বঁটা দক্ষিণ (কানাড়া ভাষা শিতান)
  • শ্ৰেষ্ঠ কানাড়া চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ পৰিচালক- গিৰিশ কাছাৰাৱল্লী
  • শ্ৰেষ্ঠ অভিনেত্ৰী- জয়মালা
ভি শান্তাৰাম বঁটা
  • শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ পৰিচালক- গিৰিশ কাছাৰাৱল্লী
১৯৯৭-৯৮ কানাড়া ৰাজ্যিক চলচ্চিত্ৰ বঁটা
  • প্ৰথম শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ অভিনেত্ৰী- জয়মালা
  • শ্ৰেষ্ঠ সহযোগী অভিনেতা- শিৱৰাম
  • শ্ৰেষ্ঠ কাহিনী- ৰংগনাথ শ্যাম ৰাও লোকপুৰা
  • *শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী- এইচ এম ৰামচন্দ্ৰ


বাহ্যিক সংযোগ

সম্পাদনা কৰক