থিয়েটাৰ সূৰ্য্য
থিয়েটাৰ সূৰ্য্য অসমৰ এক নতুন ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। ২০১৫ চনত সৰ্থেবাৰীত এই থিয়েটাৰৰ জন্ম দিয়ে মুনীন্দ্ৰ বৰ্মনে। বিশাল আয়োজনেৰে ২০১৫-১৬ নাট্যবৰ্ষত আত্মপ্ৰকাশ কৰে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত নৱ সংযোজন ঘটা থিয়েটাৰ সূৰ্য্যই।
থিয়েটাৰ সূৰ্য্য | |
---|---|
ঠিকনা | সৰ্থেবাৰী, অসম |
দেশ | ভাৰত |
স্বতাধিকাৰী | মুনীন্দ্ৰ বৰ্মন |
প্ৰাৰম্ভ | ২০১৫ |
http://facebook.com/theatresurjya |
ব্যয়বহুল প্ৰযোজনাৰে ভ্ৰাম্যমাণৰ জগতত আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে থিয়েটাৰ সূৰ্য্য। ২০১৫-১৬ বৰ্ষত অভিনীত নাট্যদলটোৰ প্ৰধান অভিনেতা-অভিনেত্ৰী সকল হৈছে - তপন দাস, চিন্ময় কটকী, ৰাজকুমাৰ, দেৱীস্মীতা আৰু ভ্ৰান্তি মেধি। ২০১৬-১৭ নাট্যবৰ্ষৰ বাবে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় অভিনেতা যতীন বৰা।
নাটকৰ সূচী
সম্পাদনা কৰকবৰ্ষ | নাটক | নাট্যকাৰ | অভিনয়ত |
---|---|---|---|
২০১৫–১৬ | আৰ্মি | অভিজিৎ ভট্টাচাৰ্য | তপন দাস, ৰাজকুমাৰ, ভ্ৰান্তি মেধি, চিন্ময় কটকী আদি। |
ভগৱান | |||
দণ্ডনায়ক | সেৱাব্ৰত বৰুৱা | ||
২০১৬–১৭ | ত্যাজ্যপুত্ৰ | অভিজিৎ ভট্টাচাৰ্য | যতীন বৰা, ভ্ৰান্তি মেধি, চিন্ময় কটকী আদি। |
ব'ডিগাৰ্ড | |||
মন্ত্ৰী মহোদয় | |||
২০১৭–১৮ | মহানায়ক | অভিজিৎ ভট্টাচাৰ্য | যতীন বৰা, ইতি ফুকন, মৃদুল ভূঞা আদি। |
ককাদেউতা নাতি আৰু হাতী | |||
দাদাগিৰি | |||
২০১৮–১৯ | মৰমৰ সদাগৰ | অভিজিৎ ভট্টাচাৰ্য | উৎপল দাস, মুনমী ফুকন, সঞ্জীৱ শৰ্মা আদি। |
এজনী বোৱাৰীৰ মৃত্যু | |||
কলিজা | |||
২০১৯–২০ | মাফিয়া কৰ্ণ | অভিজিৎ ভট্টাচাৰ্য | সঞ্জীৱ শৰ্মা, দেৱস্ৰী দাস, মৃদুল ভূঞা আদি। |
ইমান মৰম কিয় লাগে | |||
মহাৰণ | মৃদুল চুতীয়া | ||
২০২২–২৩ | মই সেন্দুৰ নলওঁ | অভিজিৎ ভট্টাচাৰ্য | সঞ্জীৱ শৰ্মা, দেৱস্ৰী দাস আদি। |
শকুন্তলা | |||
পৰশুৰামৰ প্ৰেয়সী | প্ৰশান্ত মেনা | ||
২০২৩–২৪ | ফুলশয্যাত জুই | অভিজিৎ ভট্টাচাৰ্য | মৃদুল ভূঞা, পল্লৱী ফুকন আদি। |
মোৰ কেঁচুৱাই কান্দিছে | |||
কাৰাগাৰত কলিজা | প্ৰশান্ত মেনা |