দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় (বাক্সা)

শৈক্ষিক প্ৰতিষ্ঠান

দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়(ইংৰাজী: Dakshin Bijni Degree College) অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দবজাৰ অঞ্চলৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ অন্যতম।[2] এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধিভুক্ত।

দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়
Dakshin Bijni Degree College
স্থাপিত ২০১৬ চনত
ধৰ্মীয় ভুক্তি বড়োলেণ্ড বিশ্ববিদ্যালয়
অধ্যক্ষ শ্ৰী অমৃত বড়ো
স্থান আনন্দ বজাৰ, বাক্সা, অসম, ভাৰত
উপনাম ডি. বি. ডি. কলেজ
ভুক্তি বড়োলেণ্ড বিশ্ববিদ্যালয়
ৱেবছাইট [1]

দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়খন অসমৰ বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ(বি.টি.চি.) অন্তৰ্ভুক্ত বাক্সা জিলাৰ শালবাৰী মহকুমাৰ আনন্দবজাৰ অঞ্চলৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ অন্যতম। সমগ্ৰ দক্ষিণ বিজনী অঞ্চলৰ উঠি অহা প্ৰজন্মৰ উচ্চ শিক্ষাৰ সুব্যৱস্থা অভাৱ দেখি কেইগৰাকীমান শিক্ষাবিদ,সমাজসেৱক আৰু সচেতন জনসাধাৰণৰ উদ্যোগত ২০১৬ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ এই মহাবিদ্যালয়খনে বিভিন্ন দিশত সুনাম অৰ্জন কৰি আজিৰ দিনত সমগ্ৰ অঞ্চলৰ ভিতৰতে এখন আগশাৰীৰ মহাবিদ্যালয় ৰূপে পৰিগণিত হৈছে। [3]

পাঠ্যক্ৰমসমূহ

সম্পাদনা কৰক

দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়ত স্নাতক পৰ্যায়ত কলা শাখাৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়। শেহতীয়াকৈ এই মহাবিদ্যালয়ৰ ইংৰাজী স্নাতক (গুৰু) বিষয়ৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়ৰ স্নাতক শাখা বড়োলেণ্ড বিশ্ববিদ্যালয় ৰ অধীনস্থ।[4]

বিভাগসমূহ

সম্পাদনা কৰক
  • বড়ো
  • অসমীয়া
  • ইংৰাজী
  • অৰ্থনীতি-বিজ্ঞান
  • তৰ্কবিজ্ঞান আৰু দৰ্শন
  • শিক্ষা
  • ৰাজনীতি-বিজ্ঞান


মহাবিদ্যালয়ৰ সুবিধাসমূহ

সম্পাদনা কৰক
  • গ্ৰন্থাগাৰ
  • মনোবৈজ্ঞানিক পৰীক্ষাগাৰ
  • কেৰিয়াৰ কাউন্সেলিং
  • খেলপথাৰ

বৰটাৰী(আনন্দবজাৰ), পো.অ.:-আনন্দবজাৰ, থানা:-শালবাৰী, জিলা:-বাক্সা(বি.টি.আৰ.), অসম,পিন:-১৭৮৩১৮ ই.মেইল:-dbdcollegeac@gmail.com

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Dakshin Bijni Degree College". dbdcollege.mydurable.com. https://dbdcollege.mydurable.com/। আহৰণ কৰা হৈছে: 11 September 2024. 
  2. "DBD College". https://dbdcollege.mydurable.com/। আহৰণ কৰা হৈছে: 24 August 2024. 
  3. "Dakshin Bijni Degree College 1". dbdcollege.mydurable.com. https://dbdcollege.mydurable.com/। আহৰণ কৰা হৈছে: 10 September 2024. 
  4. "Dakshin Bijni Degree College/Bodoland University". shiksha.com. https://www.shiksha.com/college/dakshin-bijni-degree-college-assam-other-188197। আহৰণ কৰা হৈছে: 10 September 2024.