দণ্ডিনাথ কলিতা
দণ্ডিনাথ কলিতা (ইংৰাজী: Dandinath Kalita) এজন অসমীয়া কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যঙ্গ সাহিত্যিক। পঁচিশখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে তেখেতে এলানি পাঠ্যপুথিও ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। 'সাধনা' উপন্যাসৰ বাবে তেখেতে ১৯২৮ চনত অসম সাহিত্য সভাৰ উপন্যাস প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল।[1]
দণ্ডিনাথ কলিতা | |
---|---|
জন্ম | ৩০ জুন, ১৮৯০ কেতেকীবাৰী, তেজপুৰ |
মৃত্যু | ১৫ মে', ১৯৫৫ নিজা বাসভৱন, তেজপুৰ |
পেচা | লেখক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
দাম্পত্যসংগী | কমলেশ্বৰী কলিতা |
জন্ম সম্পাদনা কৰক
১৮৯০ চনৰ ৩০ জুনত শোণিতপুৰ জিলাৰ তেজপুৰৰ ওচৰৰ কেতেকীবাৰী গাঁৱত দণ্ডিনাথ কলিতাৰ জন্ম হয়[1]। তেখেতৰ পিতাকৰ নাম আছিল মংগলৰাম আৰু মাকৰ নাম জানকীবালা। তেওঁলোকৰ আদি পুৰুষ আছিল উজনি অসমৰ। মানৰ আক্ৰমণৰ সময়ত তাৰ পৰা আহি কেতেকীবাৰীতে স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। তেওঁলোকৰ বংশৰ উপাধি পোনতে 'শইকীয়া'হে আছিল বুলি জনা যায়। পিছলৈ 'কলিতা' উপাধি গ্ৰহণ কৰে। দণ্ডিনাথ কলিতাৰ পিতৃদত্ত নাম দণ্ডিৰাম কলিতাহে আছিল।[1]
শিক্ষা সম্পাদনা কৰক
দণ্ডিনাথ কলিতাই কাঁহদল প্ৰাথমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰে। ১৯০২ চনত তেখেতে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে। ইয়াৰ পৰাই ১৯১১ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেখেতে গুৱাহাটীৰ কটন মহাবিদ্যালয়ত পঢ়িবলৈ লয়। কিন্তু পৰীক্ষাৰ সময়ত হাতৰ আঙুলিৰ গাঁঠিৰ পাবত বিষ হোৱা বাবে তেখেতে বি.এ. পৰীক্ষা দিব নোৱাৰিলে আৰু শিক্ষা অসম্পূৰ্ণ হৈ ৰয়। পিছত ঢাকাৰ পৰা এবছৰীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি এল.টি. উত্তীৰ্ণ হয়।[1]
সাহিত্যিক অৱদান সম্পাদনা কৰক
উপন্যাস
কবিতা পুথি
গল্প সংকলন
ব্যঙ্গ কাহিনী
সাধু
|
নাটক
জীৱনী গ্ৰন্থ
পাঠ্যপুথি
|
মৃত্যু সম্পাদনা কৰক
১৯৫৫ চনৰ ১৫ মে'ত তেজপুৰৰ লম্বোদৰ বৰা পথৰ নিজা বাসভৱনত দণ্ডিনাথ কলিতাৰ মৃত্যু হয়।