অসমীয়া সাহিত্য

অসমীয়া ভাষাৰ সাহিত্য


অসমীয়া সাহিত্যক লিখিত পৰম্পৰাৰ পৰিৱৰ্তনৰ দিশৰ পৰা লক্ষ্য কৰি কেইবাটাও ভাগত ভগাব পাৰি। যেনে-

  1. চৰ্যাপদ
  2. প্ৰাক্ বৈষ্ণৱ সাহিত্য
  3. বৈষ্ণৱ সাহিত্য
  4. পাঁচালী সাহিত্য
  5. চৰিত পুথি আৰু বংশাৱলী
  6. বুৰঞ্জী সাহিত্য আৰু আহোম যুগৰ সাহিত্য
  7. আধুনিক অসমীয়া সাহিত্য
অসমীয়া সাহিত্য
শ্ৰীশ্ৰীশঙ্কৰদেৱ.JPG Hemchandra Barua.gif
Laksminath Bezbaruah.jpg Hemchandra Goswami.jpg
Kamalakanta Bhattacharya.jpg জ্যোতিপ্ৰসাদ আগৰৱালা.JPG

চৰ্যাপদ পুথি
শ্ৰীমন্ত শংকৰদেৱ, হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা
হেমচন্দ্ৰ গোস্বামী, কমলাকান্ত ভট্টাচাৰ্য্য, জ্যোতিপ্ৰসাদ আগৰৱালা
অসমীয়া সাহিত্য
(শ্ৰেণী: সাহিত্য)
অসমীয়া ভাষা
সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যৰ ইতিহাস
অসমীয়া সাহিত্যিকসকলৰ তালিকা
কালানুক্ৰমিক তালিকা - বৰ্ণানুক্ৰমিক তালিকা
অসমীয়া সাহিত্যিক
ঔপন্যাসিক - গল্পকাৰ - নাট্যকাৰ - কবি - প্ৰবন্ধকাৰ
সাহিত্যধাৰা
প্ৰাচীন আৰু মধ্যযুগীয়
চৰ্যাপদ - প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য - বৈষ্ণৱ যুগৰ সাহিত্য - অৰুণোদই যুগ - অনুবাদ সাহিত্য -মুছলিম সাহিত্য - লোকসাহিত্য
আধুনিক যুগৰ সাহিত্য
উপন্যাস - কবিতা - নাটক - চুটিগল্প - প্ৰবন্ধ - শিশুসাহিত্য - কল্পবিজ্ঞান - অভিধান
প্ৰতিষ্ঠান আৰু পুৰস্কাৰ
ভাষা শিক্ষায়ন
সাহিত্য পুৰস্কাৰ
সম্পৰ্কীয় প্ৰবেশদ্বাৰ
সাহিত্য প্ৰবেশদ্বাৰ
অসম প্ৰবেশদ্বাৰ

চৰ্যাপদসম্পাদনা কৰক

মূল প্ৰবন্ধ: চৰ্যাপদ অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিৰ্দেশন চৰ্যাপদবোৰত পোৱা যায়। চৰ্যাপদবোৰ বৌদ্ধ ধৰ্মৰ মূল আচাৰ-নীতিবোৰ প্ৰচাৰ কৰিবলৈ গীতৰ আকাৰত ৰচনা কৰা হৈছিল। ৰাগ-ৰাগিনী অনুসৰি গোৱা এই গীতবোৰক চৰ্যাগীত, বৌদ্ধগান বা দোহাও বোলে। চৰ্যাপদবোৰ অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি ঠাৱৰ কৰা হৈছে।

প্ৰাক শঙ্কৰী যুগসম্পাদনা কৰক

অসমীয়া সাহিত্যৰ পূৰ্ণাংগ ৰূপত লিখিত সাহিত্যৰ আদৰ্শ স্থাপন হয় ১৪শ শতিকাত ৰচিত হেম সৰস্বতী 'প্ৰহ্লাদ চৰিত' পুথিৰ জৰিয়তে। আনহাতে ১৪শ শতিকাত মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰে। আধুনিক ভাৰতীয় ভাষা তথা উত্তৰ ভাৰতৰ ভিতৰত এইখনেই প্ৰথম ৰামায়ণ। ৰুদ্ৰ কন্দলিয়ে মহাভাৰতৰ 'দ্ৰোণ পৰ্ব' অনুবাদ কৰে। ১৫শ শতিকাত সৃষ্টি হয় দুৰ্গাবৰৰ 'গীতি ৰামায়ণ', একেদৰে পীতাম্বৰ আৰু মনকৰেও পুৰাণৰ পৰা যথেষ্ট সংখ্যক গীত অনুবাদ কৰে। এই শ্ৰেণীৰ সাহিত্যক পাঁচালী সাহিত্য বোলে।

বৈষ্ণৱ যুগসম্পাদনা কৰক

১৫শ শতিকাত জন্ম গ্ৰহণ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) অসমবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিবৰ কাৰণে সংস্কৃত সাহিত্যৰ পৰা অনেক সাহিত্য অনুবাদ কৰাৰ লগতে স্বকীয়ভাৱেও অনেক সাহিত্য সৃষ্টি কৰিছিল। কীৰ্তন-ঘোষা, ভক্তি-প্ৰদীপ, ৰুক্মিণী হৰণ, হৰিচন্দ্ৰ উপাখ্যান আৰু বলি চলন, দশম আদি উল্লেখযোগ্য। ৰাম সৰস্বতীয়ে অনুবাদ কৰে মহাভাৰতৰ বিভিন্ন কাণ্ডসমূহ আৰু বিভিন্ন পুৰাণ-উপপুৰাণৰ পৰা সংগ্ৰহিত 'বধ কাব্যসমূহ'। মাধৱদেৱৰ 'ৰাজসুই যজ্ঞ' আদি এই সময়ৰ অন্যান্য লেখত ল'ব লগিয়া গ্ৰন্থ। এই সময়তে ভট্টদেৱে প্ৰথম বাৰৰ কাৰণে সাহিত্য ৰচনাত গদ্যক একমাত্ৰ প্ৰকাশৰ মাধ্যম হিচাপে গ্ৰহণ কৰে। তেওঁৰ 'কথা-গীতা', 'কথা-ভাগৱত' অন্যতম।

শঙ্কৰোত্তৰ যুগসম্পাদনা কৰক

অসমৰ আহোম ৰাজত্বৰ সময়তো অসমীয়া সাহিত্যৰ যথেষ্ট সংখ্যক নতুন নতুন সাহিত্যৰ সৃষ্টি হৈছিল। আহোম যুগত সৃষ্টি হৈছিল বুৰঞ্জী সাহিত্যসমূহ। ইয়াৰ উপৰিও আহোম যুগৰ অন্যতম সৃষ্টি আছিল ব্যৱহাৰিক সাহিত্যসমূহ। জ্যোতিষ, চিকিৎসা, গণিত, সঙ্গীত, নৃত্য আৰু বিভিন্ন বিষয়ত এই গ্ৰন্থসমূহ ৰচনা কৰা হৈছিল। শঙ্কৰোত্তৰ যুগত চৰিত সাহিত্যসমূহো সৃষ্টি কৰা হৈছিল। কথা গুৰু চৰিত এই সময়ৰ অন্যতম সৃষ্টি। ইয়াৰ উপৰিও দামোদৰ চৰিত, বৰদোৱা চৰিত, বনমালী দেৱৰ চৰিত আদি চৰিত পুথি পোৱা যায়।

ৰোমাণ্টিক যুগৰ সাহিত্য : অৰুণোদই যুগসম্পাদনা কৰক

লগতে চাওক: অসমীয়া সাহিত্যৰ অৰুণোদয় যুগ

আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণি খ্ৰীষ্টান মিছনেৰী নাথান ব্ৰাউন, মাইলছ‌ ব্ৰনচন আদিৰ প্ৰচেষ্টাত অসমীয়া ভাষাত প্ৰকাশ কৰা অৰুণোদয় (১৮৪৬) আলোচনীৰ সময়ৰ পৰাই আৰম্ভ হয়। ইয়াৰ আগতে ১৮১৩ চনত মিছনেৰীসকলৰ উদ্যোগতে আত্মাৰাম শৰ্মাবাইবেল অসমীয়ালৈ অনুবাদ কৰে। এইখনেই অসমীয়া ভাষাত প্ৰথম ছপা পুথি। সেইসময়তে নাথান ব্ৰাউনে ৰচনা কৰে 'গ্ৰামাটিকেল নটিচেছ অৱ দ্যা আছামিছ লেংগুৱেজ' (১৮৪৮) , মাইলছ ব্ৰনছ্নে ৰচনা কৰে 'অসমীয়া-ইংৰাজী অভিধান' (১৮৬৭) আৰু ১৮৩৯ চনত অন্য এজন মিছনেৰী ডব্লিও.ৰবিনচনে ৰচনা কৰে ইংৰাজীত প্ৰথম অসমীয়া ব্যাকৰণ 'এ গ্ৰামাৰ অৱ আছামিছ লেংগুৱেজ'।

১৯শ শতিকাত অসমীয়া সাহিত্যই এক নতুন ধাৰাৰে আগবাঢ়ে। এই সময়তে হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ 'অসমীয়া ব্যাকৰণ' (১৮৯৫) ৰচনা কৰে। আৰু অসমীয়া ভাষাৰ প্ৰথম অভিধান 'হেমকোষ' (১৯০০) ৰচনা কৰে। এই সময়তে প্ৰকাশ পায় অসমীয়া সংবাদ পত্ৰ 'আসাম বন্ধু' (১৮৮৫)। আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা এই সময়ৰ উল্লেখযোগ্য ব্যক্তি। গুণাভিৰাম বৰুৱাৰ 'ৰাম-নৱমী' (১৮৫৭) আৰু হেমচন্দ্ৰ বৰুৱাৰ 'কানীয়াৰ-কীৰ্তন' (১৮৬১) উল্লেখ্যযোগ্য গ্ৰন্থ।

কলিকাতাত পঢ়িবলৈ গৈ চন্দ্ৰ কুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮), লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৭-১৯৩৮) আৰু হেমচন্দ্ৰ গোস্বামী (১৮৭২-১৯২৮)ৰ প্ৰচেষ্টাত প্ৰকাশ পোৱা 'জোনাকী' (১৮৮৯) আলোচনীৰ সময়ৰ পৰাই আধুনিক অসমীয়া সাহিত্যলৈ সম্পূৰ্ণভাৱে ৰোমাণ্টিক কবিতা, চুটিগল্প, নাটক, উপন্যাস, ৰসৰচনা, আত্মজীৱনী, জীৱনী আদিৰ সৃষ্টি হয়। এই সময়তে চন্দ্ৰ কুমাৰ আগৰৱালাৰ 'প্ৰতিমা' (১৯১৩)আৰু 'বীণ-বৰাগী' (১৯২৩) নামৰ দুখন কবিতা পুথি প্ৰকাশ পায়। বেজবৰুৱাই প্ৰকাশ কৰে 'কদমকলি' (১৯১৩) আৰু 'পদুমকলি'। হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম অসমীয়া চনেট সৃষ্টিৰে ৰচনা কৰে কবিতা সংকলন 'ফুলৰ চাকি' (১৯০৭)। ইয়াৰ বাহিৰেও এই সময়তে সাহিত্যৰ অন্যান্য দিশতো যথেষ্ট সংখ্যক অৱদান আগবঢ়ায়।

ইয়াৰ পিছতে যথেষ্ট সংখ্যক কবি নাট্যকাৰৰ জন্ম হয়। ভোলানাথ দাস (১৮৫৮-১৯২৮), কমলাকান্ত ভট্টাচাৰ্য্য (১৮৫৩-১৯২৭), হিতেশ্বৰ বৰবৰুৱা (১৮৭৬-১৯৩৯), বেণুধৰ ৰাজখোৱা (১৮৭২-১৯৩৫), ৰঘুনাথ চৌধাৰী (১৮৭৯-১৯৬৬) আদিয়ে যথেষ্ট সংখ্যক কবিতা পুথি ৰচনা কৰে। আধুনিক অসমীয়া উপন্যাসৰ ধাৰাটো আৰম্ভ কৰে ৰজনীকান্ত বৰদলৈয়ে (১৮৬৭-১৯৩৯)। তেওঁৰ উল্লেখ্যযোগ্য সৃষ্টি হ'ল 'মিৰিজীয়ৰী'(১৮৯৫), 'মনোমতী' (১৯০০), 'দন্দুৱা দ্ৰোহ' (১৯০৯) আৰু 'ৰহদৈ লিগিৰী' (১৯৩০)। পদ্মনাথ গোহাঞি বৰুৱাৰ (১৮৭১-১৯৪৬) কবিতা পুথি 'ফুলৰ চানেকি', 'জুৰণি' (১৯০০) আৰু 'লীলা' (১৯০১) উল্লেখযোগ্য।

এই সময়তে অসমীয়া অতিন্দ্ৰীয়বাদী কবিতাক জনপ্ৰিয় কৰি তোলে ক্ৰমে দুৰ্গেশ্বৰ শৰ্মা (১৮৮২-১৯৬১) আৰু নলিনীবালা দেৱীয়ে (১৮৯৮-১৯৭৮)। ওমৰ খায়াম অসমীয়ালৈ অনুবাদ কৰে যতীন্দ্ৰনাথ দুৱৰাই (১৮৯২-১৯৭৮)। অসমীয়া সাহিত্যলৈ বৰঙনি আগবঢ়োৱা এই সময়ৰ অন্যান্য কবিসকল আছিল ৰত্নকান্ত বৰকাকতী (১৮৯৭-১৯৬৩), পাৰ্বতী প্ৰসাদ বৰুৱা (১৯০৪-১৯৬৪), পদ্মধৰ চলিহা (১৮৯৫-১৯৬৮),জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১), প্ৰসন্নলাল চৌধুৰী(১৯০২), বিনন্দ চন্দ্ৰ বৰুৱা (১৯০৩) আৰু দেৱকান্ত বৰুৱা (১৯১৪) অন্যতম। দেৱকান্ত বৰুৱাৰ 'সাগৰ দেখিছা' কাব্য পুথি অসমীয়া ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ যুগসন্ধিৰ কবিতা বুলিব পাৰি।

আধুনিক যুগৰ সাহিত্যসম্পাদনা কৰক

"ব্যাকৰণ, অভিধান নাথাকিলে ভাষা আৰু সাহিত্য হেদাঙি মেলা গৰুৰ দৰে হ'ব আৰু সেই সাহিত্যৰ, সেই ভাষাৰ উপদ্ৰৱত টাটী-চকোৱা এখনো নাথাকিব। "

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত অসমীয়া সাহিত্যলৈ ভাৱ, ভাষা, আংগিক সকলো ফালে নানা পৰিৱৰ্তনে দেখা দিলে। এই সময়ত ৰচিত কবিতা, চুটিগল্প, নাটক, উপন্যাস সকলোফালে নতুনত্বয় দেখা দিলে। চৈয়দ আব্দুল মালিক, যোগেশ দাস, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, ভবেন্দ্ৰনাথ শইকীয়া, মহিম বৰা, হিতেশ ডেকা, হোমেন বৰগোহাঞি, নিৰুপমা বৰগোহাঞি, মামণি ৰয়চম গোস্বামী আদিৰ গল্প আৰু উপন্যাসে আধুনিক সাহিত্যৰ ভৰাঁল চহকী কৰে। কবিতাৰ ক্ষেত্ৰত হীৰেন ভট্টাচাৰ্য, অজিত বৰুৱা, হৰেকৃষ্ণ ডেকা, নীলমণি ফুকন (কনিষ্ঠ), নিৰ্মলপ্ৰভা বৰদলৈ, নলিনীধৰ ভট্টাচাৰ্য, ধীৰেন্দ্ৰনাথ দত্ত, ৰাম গ‍গৈ আদি উল্লেখ্যযোগ্য। ইয়াৰ লগে লগে ন-ন প্ৰতিভাৱান সাহিত্যিকৰ সৃষ্টিয়ে বৰ্তমান অসমীয়া সাহিত্যক চহকী কৰি তুলিছে।

তথ্য সংগ্ৰহ বতমান যুগৰ অসমীয়া বুৰঞ্জী বিদ সকলৰ ভিতৰত কোন জনপ্ৰিয়সম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক