দাঁতোন
দাঁতোন বা টুথব্ৰাছ (ইংৰাজী: Toothbrush) হৈছে দাঁত, দাঁতৰ আলু আৰু জিভা পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা এক পৰিচ্ছন্নতা সঁজুলি। আধুনিক টুথব্ৰাছৰ উদ্ভাৱক হ'ল ইংলেণ্ডৰ ক্লাৰ্কনেল্ডৰ উইলিয়াম আড্ডিছ (Willam Addis)। ১৭৮০ চনত তেওঁ গৰুৰ নেজৰ চুলি কাটি টুথব্ৰাছ তৈয়াৰ কৰিছিল। ব্ৰাছৰ নালবোৰো আছিল গৰুৰ তপিনাৰ হাড়ৰ। ১৪৯৮ চনত চীনদেশত প্ৰথম গাহৰিৰ ঠৰঙা নোম ব্যৱহাৰ কৰি টুথব্ৰাছ তৈয়াৰ কৰা হৈছিল। ১৯৩৬ চনৰপৰা ১৯৯৮ চনৰ ভিতৰত পৃথিৱীত ৩০০০টা দাঁতোনৰ পেটেণ্ট হৈছে।[1]
ইতিহাস
সম্পাদনা কৰকইজিপ্তৰ মৈদামত পোৱা সমলমতে ৫০০০ বছৰ পূৰ্বৰেপৰা ইজিপ্তবাসীয়ে টুথব্ৰাছ ব্যৱহাৰ কৰিছিল বুলি জনা যায়। তেতিয়াৰ টুথব্ৰাছবোৰ আছিল গছৰ ঠাৰিৰ। তাৰো আগতে মেছোপটেমিয়াৰ মানুহে কেটেলা পহুৰ কাঁইট,গছৰ কাঁইট,চৰাইৰ পাখি আদিৰে দাঁত পৰিষ্কাৰ কৰিছিল। ভাৰতৰ আয়ুৰ্বেদ শাস্ত্ৰতো বিভিন্ন গছৰ ঠানিৰ 'দাঁতোন' হিচাপে ব্যৱহাৰ কৰাৰ উদাহৰণ আছে। নিম.সৌৰা,বঙালী এৰা,পচতীয়া,বকুল,তেজমুৰী বা তেজমুই লতা,কুমলীয়া বাঁহৰ লেকেচী,দীঘলতি আদি গছৰ ঠানি টুকুৰা কৰি আগটো দাঁতেৰে চোবাই মিহি আৰু কোমল কৰি তাৰে দাঁত ঘঁহিছিল। বিশেষকৈ আমাৰ দেশত ৰে'লত ভ্ৰমণ কৰিলে ৰে'ল ষ্টেচনবোৰত ৰাতিপুৱা 'দাঁতোন' বিক্ৰী কৰা দেখা যায়। খ্ৰীষ্টপূৰ্ব ১৬০০ বছৰ পূৰ্বৰ চীন দেশৰ সাহিত্যত 'দাঁতোন' ব্যৱহাৰ কৰাৰ উল্লেখ আছে। তেওঁলোকে সুগন্ধি গছৰ ঠানিৰে দাঁতোন তৈয়াৰ কৰিছিল। গ্ৰীক আৰু ৰোমান সাহিত্যতো অতীজতে দাঁত-মুখ পৰিষ্কাৰ কৰাৰ বাবে 'দাঁতোন'ব্যৱহাৰ কৰাৰ কথা পোৱা যায়। আজিও পৃথিৱীৰ বিভিন্ন দেশত কোটি কোটি মানুহে গছৰ ঠাৰিৰ দাঁতোন ব্যৱহাৰ কৰি আছে।[1]
আধুনিক দাঁতোন
সম্পাদনা কৰক১৯২০ চনত হেণ্ডেলডালৰ মূৰত ফুটা কৰি ব্ৰাছবোৰ লগোৱাৰ নতুন পদ্ধতি ওলায়। তেতিয়ালৈকে টুথব্ৰাছবোৰ প্ৰাণীদেহৰ নোমৰ পৰাই তৈয়াৰ কৰা হৈছিল। ১৯৩৮ চনত আমেৰিকাত নাইলনৰ ব্ৰাছ উৎপাদন হয়। প্ৰথম মহাসমৰৰ সময়লৈকে টুথব্ৰাছৰ ঠাৰিডাল জন্তুৰ হাড়ৰ পৰা তৈয়াৰ কৰা হৈছিল। নাইলনৰ ব্ৰাছৰ সুবিধা বহুত। কম খৰচতে আৱু অধিক পৰিমাণে বিভিন্ন আকাৰৰ নাইলনৰ ব্ৰাছৰ উৎপাদন কৰিব পাৰি। তদুপৰি নাইলনৰ ব্ৰাছবোৰ সোনকালে শুকায়। ফলত বীজাণুৰ বৃদ্ধি নঘটে। কম দিনৰ ভিতৰতে নাইলনৰ ব্ৰাছৰ বিস্তাৰ ঘটে। আজিকালি বজাৰত বিভিন্ন ধৰণৰ,বিভিন্ন আকাৰৰ,বিভিন্ন ৰঙৰ,বিভিন্ন গুণ সম্পন্ন টুথব্ৰাছ ওলাইছে।[1]
বিদ্যুৎৰ দাঁতোন
সম্পাদনা কৰকবিভিন্ন দেশত বিদ্যুৎৰ দাঁতোন ও পোৱা যায়। এই ক্ষেত্ৰত চীন দেশ আগবঢ়া।
দাঁতোন ব্যৱহাৰ কৰাৰ নিয়ম
সম্পাদনা কৰক- আনৰ টুথব্ৰাছ ব্যৱহাৰ কৰা অনুচিত। যাতে এজনৰ বেমাৰ আন এজনলৈ নাযায়।
- ব্ৰাছ কৰি উঠি ব্ৰাছডাল জোকাৰি লাগি থকা পানীখিনি শুকুৱাব লাগে।
- ব্ৰাছকৰি উঠি ব্ৰাছডাল পানীৰে ভালদৰে ধুব লাগে,যাতে টুথপেষ্ট লাগি নাথাকে।
- টুথব্ৰাছডাল থওঁতে ওপৰলৈ মূৰ কৰি থ'ব লাগে,যাতে বতাহ লাগি শুকাই যায়।
- একেলগে কেইবাডালো টুথব্ৰাছ থ'লে,গাত গা লগাই থ'ব নালাগে,যাতে এডালৰ বীজাণু আনডাল ব্ৰাছলৈ যাব নোৱাৰে।
- টুথব্ৰাছডাল ব্ৰাছ কৰি সদায় শুকাব পৰাকৈ মুকলিকৈ থ'ব লাগে,বাকচ বা ড্ৰয়াৰত ভৰাই থ'ব নালাগে।
- প্ৰতি তিনি মাহৰ মূৰে মূৰে নতুন টুথব্ৰাছ ল'ব লাগে। বেয়া বা চেপেটা হোৱা টুথব্ৰাছডাল কামত নাহে। বৰঞ্চ দাঁতৰ আলুৰ ঘাঁহে লগাব পাৰে।[1]
Brush Color (coded as per ISO 16409) | Brush Size | Wire Size | Passage Hole Diameter (PHD) |
---|---|---|---|
Pink | 0 | 0.4mm | |
Orange | 1 | 0.45mm | <=0.8mm |
Red | 2 | 0.5mm | 0.9 mm-1.0 mm |
Blue | 3 | 0.6mm | 1.1 mm-1.2 mm |
Yellow | 4 | 0.7mm | 1.3 mm-1.5 mm |
Green | 5 | 0.8mm | 1.6 mm-1.8 mm |
Purple | 6 | 1.1mm | >1.9 mm |
Grey | 7 | 1.3mm | |
Black | 7 | 1.5mm |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 শান্তনু তামূলী (এপ্ৰিল ২০০৭). "টুথব্ৰাছ". নতুন আৱিষ্কাৰ খণ্ড ২০শ বছৰ (৪ৰ্থ সংখ্যা): ২৪ - ২৫.