শান্তনু তামূলী

অসমৰ বিজ্ঞান লেখক, শিশু সাহিত্যিক আৰু আলোচনী সম্পাদক

শান্তনু তামূলী (ইংৰাজী: Santanoo Tamuly; জন্ম: ১৯৪৮-) অসমৰ এগৰাকী বিজ্ঞান লেখক, শিশু সাহিত্যিক আৰু আলোচনী সম্পাদক। তেখেত মৌচাক আৰু নতুন আৱিষ্কাৰ নামৰ দুখন শিশু আলোচনীৰ সম্পাদক। তেখেতৰ প্ৰকৃত নাম প্ৰমোদ চন্দ্ৰ তামূলী। শান্তনু তামূলী তেওঁৰ ছদ্মনামহে। তেখেতে অসমীয়া শিশু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ বৰ্ষৰ সাহিত্য অকাডেমিৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰে।

শান্তনু তামূলী
জন্ম প্ৰমোদ চন্দ্ৰ তামূলী
১ মাৰ্চ, ১৯৪৮ (৭৬ বছৰ)
গোলাঘাট, বেঙেনাখোৱা, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা ভূতত্ত্ব বিষয়ত স্নাতকোত্তৰ
মাতৃশিক্ষায়তন গুৱাহাটী বিশ্ববিদ্যালয়
বিষয় বিজ্ঞান সাহিত্য
দাম্পত্যসংগী কিৰণময়ী তামুলী

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

শান্তনু তামূলীৰ জন্ম হয় ১৯৪৮ চনৰ ১ মাৰ্চ তাৰিখে গোলাঘাট নগৰৰ কাষৰ বেঙেনাখোৱা অঞ্চলত। দেউতাকৰ নাম ডিম্বেশ্বৰ তামূলী আৰু মাতৃৰ নাম ডালিমী তামূলী।[1] তেখেতৰ দেউতাকৰ চাকৰিসূত্ৰে বেঙেনাখোৱাৰ পৰা বৰকাঠনি চাহ বাগিচালৈ পৰিয়ালবৰ্গৰ সৈতে উঠি আহে। তেখেতৰ বাল্যকালটো বৰকাঠনি চাহবাগিচা আৰু কোৱাৰ্টাৰত পাৰ হৈছিল।

শিক্ষা জীৱন সম্পাদনা কৰক

বৰকাঠনি চাহবাগিচাত থকা প্ৰাথমিক বিদ্যালয়খনতে তেখেতৰ স্কুলীয়া শিক্ষাৰ শুভাৰম্ভ ঘটে। সেই বিদ্যালয়খনৰ পৰা তৃতীয় শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত তেখেতে ১৯৫৭ চনত ঢেকীয়াল চৰকাৰী সাহায্যপ্ৰাপ্ত হাইস্কুলত নামভৰ্তি কৰে আৰু সেই স্কুলখনৰ পৰাই দশম শ্ৰেণী উত্তীৰ্ণ হয়।[1] তেখেতে বিজ্ঞান শাখাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডিষ্টিংচনসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল ১৯৬৮ চনত। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূ-তত্ত্ব বিষয়ত এম. এছ. ছি. (M. Sc.) প্ৰথম বিভাগত উত্তীৰ্ণ হয় ১৯৭০ চনত। ২০০০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট মেনেজমেণ্ট (R&D Management) বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ২০০৪ চনত Journalism & Mass Communication বিষয়ত PGT J.M.C ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন সম্পাদনা কৰক

শান্তনু তামূলীয়ে ১৯৭৫ চনত Regional Research Laboratory, Jorhat, CSIRত Senior Scientist Asst. পদত যোগদান কৰে। ২০০৮ চনত সেই চাকৰিৰ পৰা Scientist 'G' হিচাপে অৱসৰ গ্ৰহণ কৰে। তেখেতে শিশু সাহিত্যৰ উন্নতিৰ হকে যথেষ্ট কাম কৰি আহিছে। তেখেতে দুখন শিশু আলোচনী ক্ৰমে মৌচাক আৰু নতুন আৱিষ্কাৰৰ সম্পাদনা কৰাৰ লগতে হেৰিটেজ আছাম নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ লগত থাকি 'অসম গ্ৰন্থ মহোৎসৱ' নামেৰে যোৰহাট জিলাত দুবছৰৰ মূৰে মূৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। তদুপৰি অসমৰ ১০০খন চাহবাগিচাৰ শিশুসকলৰ ’লেংগুৱেজ স্কিল ডেভেলপমেণ্ট’ৰ বাবে ইউনিচেফ (UNICEF) নামৰ সংস্থাৰ পৃষ্ঠপোষকতাত বিশেষকৈ চাহবাগিচাৰ শিশুসকলৰ ভাষাৰ বিকাশৰ ক্ষেত্ৰত ২০০৯ চনৰ পৰা আত্মনিয়োগ কৰি আহিছে।

সাহিত্যিক অৱদান সম্পাদনা কৰক

তেখেতে বহুকেইখন আলোচনীৰ সম্পাদকৰ কাম কৰিছিল যদিও বৰ্তমান মৌচাক আৰু নতুন আৱিষ্কাৰৰ সম্পাদকৰ দায়িত্বত থাকি শিশু সাহিত্যৰ ক্ষেত্ৰখনক সমৃদ্ধিশালী কৰি তুলিছে। মৌচাক আলোচনীখন তেখেতে ৩৪ বছৰে সম্পাদনা কৰি আহিছে[2] আৰু তেখেতৰ সম্পাদনাতেই আলোচনীখনে অসমীয়া শিশু সাহিত্যৰ ধাৰাটোত এটা নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। [উদ্ধৃতিৰ প্ৰয়োজন] নতুন আৱিষ্কাৰ আলোচনীখনো তেখেতে বিগত ৩০ বছৰ ধৰি সম্পাদনা কৰি আহিছে। এই দুখন আলোচনীৰ উপৰিও পূৰ্বতে সম্পাদনা কৰা আন কেইখনমান আলোচনী হৈছে 'ত্ৰিশূল', 'ভূমিকা' ইত্যাদি।[1] এতিয়ালৈকে তেখেতৰ প্ৰায় ৪০টাতকৈ অধিক শিশুৰ কোৱা আৰু খেলা সম্পৰ্কীয় প্ৰবন্ধ প্ৰকাশ পাইছে। NCSTC, Department of Science & Technology (Ministry of Science & Technology, Govt. of India, 1994, and on behalf of Assam Scienceৰ আৰ্থিক অনুদানৰ সহায়ত তেখেত গৱেষকৰূপে 'Preparation of anAnnotated Bibliography of Popular Science Books in Assamese Lenguage' নামৰ এখন ৰাষ্ট্ৰীয় প্ৰকল্প প্ৰতিবেদনৰ কাম সম্পন্ন কৰিছিল।[3]

উপন্যাস আৰু কল্পবিজ্ঞান গ্ৰন্থ সম্পাদনা কৰক

  1. মানী, বাণী আৰু এখন ফুলনি (১৯৬৭)
  2. ইলেকট্ৰনিক নামৰ ল'ৰাটো (১৯৯৩)
  3. মায়ামৃগ (১৯৯৭)
  4. বনত ৰঙৰ মেলা (২০০৯)
  5. বুবু বুলবুলিৰ ফুলনি (২০০৯)

জনপ্ৰিয় বিজ্ঞান গ্ৰন্থ সম্পাদনা কৰক

  1. জোন আৰু জোনলৈ (১৯৭৩)
  2. সৰীসৃপ (১৯৭৪)
  3. বিজ্ঞানৰ যাদু (১৯৭৯)
  4. ফট’গ্ৰাফী(১৯৯৩)
  5. আকাশ মহাকাশ (২০০৬)
  6. কোনে কি কেনেকৈ উদ্ভাৱন কৰিছিল (২০০৮)

অনুবাদ গ্ৰন্থ সম্পাদনা কৰক

  1. ভাৰতৰ বিপন্ন প্ৰাণী আৰু সিহঁতৰ সংৰক্ষণ (১৯৯৫)
  2. মহাকাশৰ তাৰকা (১৯৯৩)
  3. গ্ৰহযুদ্ধ (২০০০)
  4. মোৰ ৰবট ৰব্বী (২০০১)
  5. সইটি-সইটি (২০০২),
  6. ধুমকেতুত উঠি (২০০৮)
  7. মাষ্টাৰ অৱ্ দা ৱৰ্ল্ড (২০১০)

ভ্ৰমণ কাহিনী সম্পাদনা কৰক

  1. টকিয়ত তেৰদিন (২০০৬)
  2. কলম্বোত সাতদিন (২০১৩)

সংকলন আৰু সম্পাদনা সম্পাদনা কৰক

  1. সৰ্বোত্তম জানেনে (২০১০)
  2. প্ৰজ্ঞা (১৯৯৭)
  3. আবৃত্তি (২০০৬)
  4. মজাৰ সাঁথৰ (২০০৬)
  5. পৃথিৱী আমাৰ ঘৰ (২০০৮)
  6. অসমীয়া কল্পবিজ্ঞান গল্প সংকলন, ২০১৭)

শিশু সাহিত্য সম্পৰ্কীয় সংকলন সম্পাদনা কৰক

  1. নিৰ্বাচিত সাধুকথা (২০১৫)
  2. অসমীয়া শিশু-সাহিত্যৰ নিৰ্বাচিত চুটিগল্প (২০১৬)
  3. নিৰ্বাচিত অসমীয়া শিশু-নাট (২০১৮)

আলোচনামূলক গ্ৰন্থ সম্পাদনা কৰক

  1. অসমীয়া শিশু-সাহিত্য সমীক্ষা (২০১০)

সন্মানীয় আসন সম্পাদনা কৰক

  1. সদস্য, Assamese Language Advisory Board, সাহিত্য অকাডেমি, ভাৰত
  2. সদস্য, Board of Management, Jan Shiksha Sansthan, Ministry of Human Resource Development, যোৰহাট
  3. সভাপতি, Haritage Assam, যোৰহাট, অসম
  4. সদস্য, Advisory Board (Ass), নেশ্চনেল বুক ট্ৰাষ্ট, ভাৰত
  5. সভাপতি, Assam Science Writers' Association.

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 ৰাজখোৱা, অৰবিন্দ (সম্পা) (২০১৮). অসমীয়া বিজ্ঞান সাহিত্য. অসম বিজ্ঞান সন্থা. পৃষ্ঠা. ২২৬. 
  2. বৰুৱা, শান্তনু কৌশিক (1 June 2018). "আশীৰ পৰৱৰ্তী অসমীয়া আলোচনী : এক অসম্পূৰ্ণ আলোচনা". ফটাঢোল. http://fotadhol.com/%E0%A6%86%E0%A6%B6%E0%A7%80%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A7%B1%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A7%80-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%86%E0%A6%B2%E0%A7%8B%E0%A6%9A/। আহৰণ কৰা হৈছে: 14 June 2019. 
  3. তালুকদাৰ, হিমজ্যোতি (সাক্ষাৎকাৰ লওঁতা) (15 December 2013). "‘মৌচাক মামা’ৰ সৈতে এখন্তেক". ‌সাহিত্য ডট্‌ অৰ্গ. https://www.xahitya.org/2013/12/15/santanu_tamuli/। আহৰণ কৰা হৈছে: 14 June 2019. [সংযোগবিহীন উৎস]