দাদৰা আৰু নগৰ হাভেলী

পশ্চিম ভাৰতৰ জিলা

দাদৰা আৰু নগৰ হাভেলী (/ˈdɑːdrɑː...ˌnʌɡər həˈvɛli/) পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ই দুটা পৃথক ভৌগোলিক অঞ্চলৰে গঠিত। সেই দুই অঞ্চল হৈছে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজত অৱস্থিত নগৰ হাভেলী আৰু তাৰ পৰা ১৮ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত সম্পূৰ্ণৰূপে গুজৰাটে আৱৰা দাদৰা অঞ্চল। ছিলভাচা দাদৰা আৰু নগৰ হাভেলীৰ ৰাজধানী আৰু বৃহত্তম চহৰ। ১৭৮৩ চনৰ পৰা বিংশ শতিকাৰ মাজে ভাগলৈ এই অঞ্চল পৰ্তুগীজ সকলৰ অধীনত আছিল।

দাদৰা আৰু নগৰ হাভেলী
—  কেন্দ্ৰীয় শাসিত অঞ্চল  —
Dadra and Nagar Haveli Silvassa.jpgছিলভাচাৰ দমন গংগা নদী

দাদৰা আৰু নগৰ হাভেলীৰ মোহৰ
দেশ  ভাৰত
স্থাপন ১১ আগষ্ট ১৯৬১
ৰাজধানী আৰু বৃহত্তম চহৰ ছিলভাচা
চৰকাৰ
 - প্ৰশাসক প্ৰফুল খোদা পেটেল
 - সাংসদ মোহনভাই সঞ্জীৱভাই ডেলকাৰ
 - উচ্চ ন্যায়ালয় বোম্বে উচ্চ ন্যায়ালয়
মাটিকালি
 - মুঠ ৪৯১ কি.মি. 
(১৮৯.৬ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ৩২তম
উচ্চতা ১৬ মিটাৰ (৫২.৪৯ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ৩,৪২,৮৫৩ জন
 - স্থান ৩৩rdতম
 - জনঘনত্ব ৬৯৮.৩ প্ৰতি বৰ্গ কি.মি. 
(১,৮০৮.৫ প্ৰতি বৰ্গ মাইল)
ভাষা[1]
 - চৰকাৰী হিন্দী ভাষা, গুজৰাটী ভাষা
সময় অঞ্চল IST (গ্ৰী.মা.স.+৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-DN
যানবাহনৰ নম্বৰ DN-09
জিলাৰ সংখ্যা
মানৱ উন্নয়ন সূচাংক বৃদ্ধি
০.৬১৮ (২০০৫)
মানৱ উন্নয়ন সূচাংক উচ্চ
ৱেবছাইট dnh.nic.in

২০১৯ চনত ভাৰত চৰকাৰে দাদৰা আৰু নগৰ হাভেলীক দমন আৰু দিউৰ লগত একত্ৰীকৰণ কৰি এখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাৰ আঁচনি গ্ৰহণ কৰিছে।[2]

ইতিহাস সম্পাদনা কৰক

৪৫০ বছৰতকৈ অধিক কাল আৰৱ সাগৰৰ উপকূলীয় দমন আৰু দিউ অঞ্চল, গোৱা আৰু দাদৰা আৰু নগৰ হাভেলী পৰ্তুগীজ ভাৰতৰ অন্তৰ্ভুক্ত আছিল। ১৯৬১ চনৰ ১৯ ডিচেম্বৰ তাৰিখে অপাৰেচন বিজয়ৰ জৰিয়তে গোৱা, দমন আৰু দিউ আৰু দাদৰা আৰু নগৰ হাভেলী ভাৰত গণৰাজ্যত অন্তৰ্ভুক্ত হয়। ১৯৭৪ চনলৈ পৰ্টুগালে ভাৰতৰ এই অন্তৰ্ভুক্তিক স্বীকৃতি জনোৱা নাছিল।

প্ৰশাসন সম্পাদনা কৰক

 
ছিলভাচা টাউন হল

প্ৰশাসনিক সুবিধাৰ বাবে দাদৰা আৰু নগৰ হাভেলীক দুটা তালুকাত ভাগ কৰা হৈছে। সেই দুইটা তালুকা হ'ল: দাদৰা আৰু নগৰ হাভেলী। দাদৰা তালুকাৰ সদৰ হৈছে দাদৰা চহৰ। এই তালুকা দাদৰা চহৰ আৰু দুখন গাঁৱৰে গঠিত। সেউদৰে নগৰ হাভেলী তালুকাৰ সদৰ ছিলভাচা। এই তালুকা ছিলভাচা আৰু ৬৪টা গাঁৱৰে গঠিত।[3]ভাৰতীয় সংবিধান মতে ইয়াৰ শাসন কাৰ্য ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত এজন প্ৰশাসকে পালন কৰে। তেওঁক শাসন কাৰ্যত সহায়ৰ বাবে অন্যায় বিষয়া সমূহ থাকে। বৰ্তমান ইয়াৰ প্ৰশাসক প্ৰফুল খোদা পেটেল।

জন-গাঁথনি সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল মতে দাদৰা আৰু নগৰ হাভেলীৰ মুঠ জনসংখ্যা ৩,৪২,৮৫৩ জন।[5][6] ই জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৫৬৬তম স্থান অধিকাৰ কৰিছে।[5] ইয়াৰ জন ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৬৯৮ জন। ২০০১ চনৰ পৰা ২০১১ চনলৈ দাদৰা আৰু নগৰ হাভেলীৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ৫৫.৫% আছিল আৰু ই সমগ্ৰ ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি।[5][7] ইয়াৰ লিংগ অনুপাত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৭৭৫ গৰাকী মহিলা আৰু সাক্ষৰতা হাৰ ৭৭.৬৫%।[5]

তথ্য উৎস সম্পাদনা কৰক

  1. "52nd Report of the Commissioner for Linguistic Minorities in India". 29 March 2016. পৃষ্ঠা: 87. http://nclm.nic.in/shared/linkimages/NCLM52ndReport.pdf। আহৰণ কৰা হৈছে: 15 January 2018. 
  2. Dutta, Amrita Nayak (10 July 2019). "There will be one UT less as Modi govt plans to merge Dadra & Nagar Haveli and Daman & Diu". The Print. https://theprint.in/india/there-will-be-one-ut-less-as-modi-govt-plans-to-merge-dadra-nagar-haveli-and-daman-diu/261056/। আহৰণ কৰা হৈছে: 22 August 2019. 
  3. "Dadra and Nagar Haveli". Government of D&NH. Administration of D&NH. Archived from the original on 18 November 2012. https://web.archive.org/web/20121118002436/http://dnh.nic.in/। আহৰণ কৰা হৈছে: 19 November 2012. 
  4. "Census Population" (PDF). Census of India. Ministry of Finance India. Archived from the original on 19 December 2008. https://web.archive.org/web/20081219073658/http://indiabudget.nic.in/es2006-07/chapt2007/tab97.pdf। আহৰণ কৰা হৈছে: 18 December 2008. 
  5. 5.0 5.1 5.2 5.3 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011. 
  6. US Directorate of Intelligence. "Country Comparison:Population". Archived from the original on 27 September 2011. https://web.archive.org/web/20110927165947/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html। আহৰণ কৰা হৈছে: 1 October 2011. 
  7. "State Census 2011". http://www.census2011.co.in/staest.php. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ সম্পাদনা কৰক