দমন আৰু দিউ পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ১১২ বৰ্গ কিলোমিটাৰ মাটিকালিৰে ই ভাৰতৰ ক্ষুদ্ৰতম প্ৰশাসনিক অঞ্চল। এই অঞ্চল ভৌগোলিক ভাবে খামবৎ উপসাগৰে পৃথক কৰা দুখন জিলা দমন আৰু দিউৰে গঠিত। ইয়াৰ সীমাত গুজৰাট আৰু আৰৱ সাগৰ অৱস্থিত। ১৫ শতিকাৰ পৰায়ে এই অঞ্চল পৰ্তুগীজ সকলৰ অধীন আছিল। ১৯৬১ চনত ভাৰত চৰকাৰে এই অঞ্চল নিজৰ অধীনলৈ আনে। এই অঞ্চল কলি সম্প্ৰদায়ৰৰ লোকে ৰাজত্ব কৰিছিল।[3][4]

দমন আৰু দিউ
—  কেন্দ্ৰীয় শাসিত অঞ্চল  —
Pic of beach ( daman).jpgদমনৰ দেৱকা বেলাভূমি

দমন আৰু দিউৰ চৰকাৰী মোহৰ
দেশ  ভাৰত
গঠন ৩০ মে' ১৯৮৭
ৰাজধানী দমন
চৰকাৰ
 - সাংসদ লালুভাই পেটেল
 - প্ৰশাসক প্ৰফুল খোদা পেটেল
 - প্ৰশাসকৰ উপদেষ্টা এছ. এছ. যাদৱ
 - উচ্চ ন্যায়ালয় বোম্বে উচ্চ ন্যায়ালয়
মাটিকালি
 - মুঠ ১১২ কি.মি. 
(৪৩.২ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ৩৫তম
জনসংখ্যা (২০১১)
 - মুঠ ২,৪২,৯১১ জন
 - স্থান ৬th (among union territories)তম
 - জনঘনত্ব ২,১৬৮.৮ প্ৰতি বৰ্গ কি.মি. 
(৫,৬১৭.৩ প্ৰতি বৰ্গ মাইল)
ভাষা[1]
 - চৰকাৰী কোংকণী ভাষা, গুজৰাটী ভাষা[2]
সময় অঞ্চল IST (গ্ৰী.মা.স.+৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-DD
জিলা ২ খন
মানৱ উন্নয়ন সূচাংক বৃদ্ধি ০.৭৫৪ (২০০৫)
মানৱ উন্নয়ন সূচাংক শ্ৰেণী উচ্চ
লিংগ অনুপাত ১.৬১ ♂/♀
ৱেবছাইট www.daman.nic.in

২০১৯ চনত ভাৰত চৰকাৰে দমন আৰু দিউক দাদৰা আৰু নগৰ হাভেলীৰ লগত একত্ৰীকৰণ কৰি এখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাৰ আঁচনি গ্ৰহণ কৰিছে।[5]

ইতিহাস সম্পাদনা কৰক

৪৫০ বছৰতকৈ অধিক কাল আৰৱ সাগৰৰ উপকূলীয় দমন আৰু দিউ অঞ্চল, গোৱা আৰু দাদৰা আৰু নগৰ হাভেলী পৰ্তুগীজ ভাৰতৰ অন্তৰ্ভুক্ত আছিল। ১৯৬১ চনৰ ১৯ ডিচেম্বৰ তাৰিখে অপাৰেচন বিজয়ৰ জৰিয়তে গোৱা, দমন আৰু দিউ ভাৰত গণৰাজ্যত অন্তৰ্ভুক্ত হয়। ১৯৭৪ চনলৈ পৰ্টুগালে ভাৰতৰ এই অন্তৰ্ভুক্তিক স্বীকৃতি জনোৱা নাছিল।

১৯৮৭ চনলৈ গোৱা, দমন আৰু দিউ এখন কেন্দ্ৰীয় শাসিত অঞ্চল আছিল। তাৰপিছত গোৱায়ে ৰাজ্যৰ মৰ্যাদা লাভ কৰে। দমন আৰু দিউ দুয়ো অঞ্চল দুটা জিলাৰে গঠিত। দুয়ো অঞ্চল পথেৰে ৬৫০ কিঃমিঃ দূৰত্বত অৱস্থিত।

জন-গাঁথনি সম্পাদনা কৰক

শিক্ষা সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল মতে দমন আৰু দিউৰ সাক্ষৰতা হাৰ ৮৭.১%। [6] তাৰে পুৰুষ সাক্ষৰতা হাৰ ৯১.৫% আৰু মহিলাৰ হাৰ ৭৯.৫%

দমন আৰু দিউত সাক্ষৰতা হাৰ
পুৰুষ
  
৯১.৫%
মহিলা
  
৭৯.৫%
মুঠ
  
৮৭.১%

লিংগ অনুপাত সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল মতে দমন আৰু দিউত ভাৰতৰ ভিতৰতে আটাইতকৈ কম লিংগ অনুপাত। প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে দমন আৰু দিউত ৬১৮ গৰাকী মহিলা আছে।[7] দমন জিলাত এই অনুপাত ০.৫৩৩ আৰু এই অনুপাত ভাৰতৰ জিলাসমূহৰ ভিতৰত সৰ্বনিম্ন।

ধৰ্ম সম্পাদনা কৰক

 
চেইণ্ট পলছ গীৰ্জা, দিউ

হিন্দু ধৰ্ম দমন আৰু দিউৰ মুখ্য ধৰ্ম। ইছলাম ইয়াৰ দ্বিতীয় আৰু খ্ৰীষ্টান ধৰ্ম তৃতীয়।

দমন আৰু দিউৰ ধৰ্ম[8]
হিন্দু ধৰ্ম
  
৯০.৫০%
ইছলাম
  
৭.৯২%
খ্ৰীষ্টান
  
১.১৬%
অন্যান্য
  
০.৪১%

ভাষা সম্পাদনা কৰক

গুজৰাটী ভাষা দমন আৰু দিউৰ মুখ্য ভাষা। ইয়াৰ মুখ্য অধিবাসী দমনীয়া সকল গুজৰাটী ভাষা কয়। গুজৰাটীৰ লগতে, হিন্দী আৰু ইংৰাজী বহুলভাবে ব্যৱহাৰ হয়।

ঔপনিবেশিক কালৰ চৰকাৰী ভাষা পৰ্তুগীজ এতিয়া কেৱল কিছুমান লোকৰ মাজত সীমিত। ইয়াৰ প্ৰায় ১০,০০০-১২,০০০ লোকে দমন দিউ পৰ্তুগীজ ভাষা কয়।

ইয়াৰ বিদ্যালয় সমূহত তিনিটা ভাষা শিকোৱা হয়:[9]

প্ৰথম ভাষা: গুজৰাটী
দ্বিতীয় ভাষা: হিন্দী
তৃতীয় ভাষা: ইংৰাজী

প্ৰশাসন সম্পাদনা কৰক

ভাৰতীয় সংবিধান মতে দমন আৰু দিউৰ শাসন কাৰ্য ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত এজন প্ৰশাসকে পালন কৰে। তেওঁক শাসন কাৰ্যত সহায়ৰ বাবে অন্যায় বিষয়া সমূহ থাকে। বৰ্তমান ইয়াৰ প্ৰশাসক প্ৰফুল খোদা পেটেল।

জিলা সম্পাদনা কৰক

  • দিউ জিলা, মাটিকালি ৪০ কিঃমিঃ, মুখ্য জনবহুল অঞ্চল দিউ চহৰ
  • দমন জিলা, মাটিকালি ৭২ কিঃমিঃ, মুখ্য জনবহুল অঞ্চল দমন চহৰ

যাতায়ত সম্পাদনা কৰক

দমন আৰু দিউ স্থলপথেৰে সু-সংযোজিত। দমন ভাপিৰ পৰা ১২ কিঃমিঃ, চুৰতৰ পৰা ১২৫ কিঃমিঃ আৰু মুম্বাইৰ পৰা ১৯৫ কিঃমিঃ নিলগত অৱস্থিত। পশ্চিম ৰে'ল সংমণ্ডলৰ অধীনৰ ভাপি ৰে'ল ষ্টেচন দমনৰ আটাইতকৈ কাষৰ ৰে'ল ষ্টেচন। দিউ বিমানবন্দৰ ব্যৱসায়িক সেৱা আগবঢ়ায় আৰু দমন বিমানবন্দৰ ভাৰতীয় ততটৰক্ষকৰ বৈমাণিক ঘাটি।

দিও ডেলৱাদা ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ৯ কিঃমিঃ নিলগত।[11][12]

তথ্য উৎস সম্পাদনা কৰক

  1. "50th Report of the Commissioner for Linguistic Minorities in India". 16 July 2014. পৃষ্ঠা: 109. Archived from the original on 8 July 2016. https://web.archive.org/web/20160708012438/http://nclm.nic.in/shared/linkimages/NCLM50thReport.pdf। আহৰণ কৰা হৈছে: 26 August 2016. 
  2. "Report of the Commissioner for linguistic minorities: 50th report (July 2012 to June 2013)". Commissioner for Linguistic Minorities, Ministry of Minority Affairs, Government of India. পৃষ্ঠা: 113. Archived from the original on 8 July 2016. https://web.archive.org/web/20160708012438/http://nclm.nic.in/shared/linkimages/NCLM50thReport.pdf। আহৰণ কৰা হৈছে: 26 December 2014. 
  3. Ward (1998) (en ভাষাত). Gujarat–Daman–Diu: A Travel Guide. Orient Longman Limited. ISBN 9788125013839. https://books.google.com/books?id=P7EHTBl_pyQC&pg=PA136&dq=Daman+Diu+Koli&hl=en&sa=X&ved=0ahUKEwiKuNG64tPhAhUT148KHfUYBbAQ6AEIJjAC#v=onepage&q=Daman%20Diu%20Koli&f=false. 
  4. Singh, K. S.; Solanki, B. R.; Sinha, N. K.; Pereira, Jaime F. (1994) (en ভাষাত). Daman and Diu. Popular Prakashan. ISBN 9788171547616. https://books.google.com/books?id=lS-vD6l8cO8C&pg=PP19&dq=Daman+Diu+Koli&hl=en&sa=X&ved=0ahUKEwiKuNG64tPhAhUT148KHfUYBbAQ6AEIHTAA. 
  5. Dutta, Amrita Nayak (10 July 2019). "There will be one UT less as Modi govt plans to merge Dadra & Nagar Haveli and Daman & Diu". The Print. https://theprint.in/india/there-will-be-one-ut-less-as-modi-govt-plans-to-merge-dadra-nagar-haveli-and-daman-diu/261056/। আহৰণ কৰা হৈছে: 22 August 2019. 
  6. census 2011
  7. "Ranking of States and Union territories by population size : 1991 and 2001". Government of India (2001). Census of India. পৃষ্ঠাসমূহ: 5–6. http://www.censusindia.gov.in/Data_Products/Library/Provisional_Population_Total_link/PDF_Links/chapter3.pdf। আহৰণ কৰা হৈছে: 12 May 2012. 
  8. "Daman and Diu". https://www.census2011.co.in/census/state/daman+and+diu.html। আহৰণ কৰা হৈছে: 4 July 2018. 
  9. "51st REPORT OF THE COMMISSIONER FOR LINGUISTIC MINORITIES IN INDIA". Ministry of Minority Affairsnclm.nic.in. 15 July 2015. পৃষ্ঠা: 125. http://nclm.nic.in/shared/linkimages/NCLM51stReport.pdf। আহৰণ কৰা হৈছে: 15 February 2018. 
  10. "Census Population" (PDF). Census of India. Ministry of Finance India. Archived from the original on 19 December 2008. https://web.archive.org/web/20081219073658/http://indiabudget.nic.in/es2006-07/chapt2007/tab97.pdf। আহৰণ কৰা হৈছে: 18 December 2008. 
  11. "About Daman". U.T. Administration of Daman & Diu. https://daman.nic.in/about-daman.aspx. 
  12. "HOW TO REACH DIU". MakeMyTrip. Archived from the original on 21 August 2018. https://web.archive.org/web/20180821220619/https://www.makemytrip.com/routeplanner/how-to-reach-diu.html#more। আহৰণ কৰা হৈছে: 18 October 2019. 

বাহ্যিক সংযোগ সম্পাদনা কৰক