দীপক চন্দ্ৰ জৈন বৰ্তমান মাৰ্কেটিঙৰ ইনছেড অধ্যাপক (ইংৰাজী: INSEAD Chaired Professor)। তেওঁ ২০১১ চনৰ মে' মাহৰ পৰা ২০১৩ চনৰ মাৰ্চ মাহলৈ ইনছেডৰ গুৰু (ডীন- dean) হিচাপে কৰ্মৰত আছিল। ২০০১ চনৰ পৰা ২০০৯ চনলৈ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ কেল্ল'গ ব্যৱস্থাপনা পীঠ(ইংৰাজী: Kellogg School of Management, Northwestern University)-ৰ গুৰু হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তদুপৰি দীপক চন্দ্ৰ জৈন কেল্ল'গ ব্যৱস্থাপনা পীঠৰ Entrepreneurial Studies-বিষয়ৰ ছেণ্ডী আৰু মৰ্টন গ'ল্ডমেন অধ্যাপক (ইংৰাজী:Sandy and Morton Goldman Professor) আৰু লগতে মাৰ্কেটিঙ বিষয়ৰো অধ্যাপক। জৈন ১৯৮৭ চনৰ পৰা এই ব্যৱস্থাপনা পীঠৰ শিক্ষকগোটৰ সদস্য। কেল্ল'গ পীঠৰ লগতে, জৈন বেংককChulalongkorn University-ৰ Sasin Graduate Institute of Business Administration-ত ১৯৮৯ চনৰে পৰা মাৰ্কেটিঙ বিষয়ৰ অতিথি অধ্যাপক হৈ আছে।

দীপক চন্দ্ৰ জৈনৰ গৱেষণাৰ ক্ষেত্ৰ হৈছে: হাই-টেক উৎপাদনৰ বজাৰীকৰণ (ইংৰাজী:marketing of high-tech products), market segmentation, প্ৰতিযোগিতামূলক বজাৰ সংৰচনা বিশ্লেষণ (ইংৰাজী:competitive market structure analysis), cross-cultural issues in global product diffusion, new product diffusion আৰু forecasting models। কেইবাখনো আগশাৰীৰ শৈক্ষিক পত্ৰিকাত জৈনৰ পঞ্চাছৰো অধিক নিৱন্ধ প্ৰকাশ হৈছে।

গণিতশাস্ত্ৰ আৰু পৰিসংখ্যা বিজ্ঞানৰ ছাত্ৰ আৰু মাৰ্কেটিঙ বিশেষজ্ঞ দীপক চন্দ্ৰ জৈনে ২০০১ চনত কেল্ল'গ ব্যৱস্থাপনা পীঠৰ গুৰুৰ দ্বায়িত্বভাৰ লয়। ইয়াৰ আগেয়ে পাঁচ বছৰ ধৰি ড'নাল্ড পি জেকবছ গুৰু হিচাপে কৰ্মৰত থকাৰ সময়ত তেওঁ পীঠখনৰ শৈক্ষিক বিষয়ৰ সহযোগী গুৰু হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1][2]

গুৰু হিচাপে ১৩ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০০৯ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে তেওঁৰ শিক্ষাদান কৰ্মত মনোনিৱেশ কৰা আৰু পৰিয়ালৰ প্ৰতি অধিক সময় দিয়াৰ খাতিৰত সেই পদ ত্যাগ কৰে। ২০১১ চনৰ মাৰ্চ মাহত তেওঁ বিশ্বৰ সৰ্বসন্মানীয় ব্যৱস্থাপনা পীঠসমূহৰ অন্যতম INSEAD-ৰ গুৰু হিচাপে দায়িত্ব গ্ৰহণ কৰে। এই ব্যৱস্থাপনা পীঠৰ ফ্ৰান্স, ছিংগাপুৰ আৰু আবু ধাবিতো নিজস্ব শৈক্ষিক চৌহদ আছে।

দীপক চন্দ্ৰ জৈন ভাৰতীয় উদ্যৌগিক গোট ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ(ইংৰাজী:Reliance Industries Limited) পৰিচালক মণ্ডলীৰ এগৰাকী স্বতন্ত্ৰ সঞ্চালক(ইংৰাজী:Independent Director)। ইয়াৰ লগতে তেওঁ Microsoft, Novartis, American Express, Sony, Nissan, Motorola, Eli Lilly and Company, Philips আৰু Hyatt International-ৰো পৰামৰ্শদাতা(ইংৰাজী:consultant) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ Hartmarx Corporation, Deere & Company আৰু Northern Trust Corporation-ৰো সঞ্চালক মণ্ডলীৰ সদস্য। তেওঁ United Airlines আৰু Peoples Energy-ৰো প্ৰাক্তন সঞ্চালক।

দীপক চন্দ্ৰ জৈন Management Science নামৰ পত্ৰিকাখনৰ বিভাগীয় সম্পাদক(ইংৰাজী:departmental editor), Marketing Science নামৰ পত্ৰিকাৰ ক্ষেত্ৰ সম্পাদক(ইংৰাজী: area editor) আৰু Journal of Business and Economic Statistics নামৰ পত্ৰিকাৰ সহযোগী সম্পাদক(ইংৰাজী:associate editor) হিচাপেও সেৱা আগবঢ়াইছিল। তেওঁ Journal of Marketing Research নামৰ পত্ৰিকাখনৰ সম্পাদনা সমিতিৰ প্ৰাক্তন সদস্য।

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

দীপক চন্দ্ৰ জৈনৰ জন্ম হৈছিল ১৯৫৭ চনৰ ৯ জুন তাৰিখে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ এখন সৰু নগৰ তেজপুৰত।

জৈনে তেজপুৰৰ ৰাষ্ট্ৰভাষা হিন্দী বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা লাভ কৰিছিল।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত দৰং মহাবিদ্যালয়ৰ পৰা জৈনে ১৯৭৬ চনত পৰিসংখ্যা বিজ্ঞান বিষয়ত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই পৰিসংখ্যা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ইয়াৰ পৰৱৰ্তী পাঁচটা বছৰ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল। ইয়াৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাল্লাছৰ টেক্সাছ বিশ্ববিদ্যালয়(ইংৰাজী:University of Texas at Dallas)-ত ফ্ৰেংক এম বেছ(ইংৰাজী:Frank M. Bass)-ৰ অধীনত গৱেষণা কৰি পি এইছ ডি ডিগ্ৰী লাভ কৰে।

বঁটা আৰু সন্মান সম্পাদনা কৰক

দীপক চন্দ্ৰ জৈনক ২০২১ চনত অসম চৰকাৰে 'অসম সৌৰভ' বঁটা প্ৰদান কৰে।[3] তেওঁ লাভ কৰা বঁটা আৰু সন্মানসমূহ তলত উল্লেখ কৰা হৈছে:

  • ১৯৯৫ চনত শিক্ষাদানত উৎকৃষ্টতাৰ বাবে চিডনী লেভি বঁটা;
  • ১৯৯১ চনতজন ডি.চি. লিটল বেষ্ট পেপাৰ এৱাৰ্ড;
  • ১৯৮৯-৯০ আৰু ১৯৯০-৯২ চনত ক্ৰাফ্ট গৱেষণা অধ্যাপকপদ;
  • ১৯৮৭-৮৮ চনত বিয়াট্ৰিছ গৱেষণা অধ্যাপকপদ;
  • ১৯৮২ চনত ভাৰতৰ অসম ৰাজ্যৰ পৰা অসামান্য শিক্ষাবিদ বঁটা;
  • ১৯৭৮ চনত ভাৰতৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বৰ্ষৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ পদকৰ বাবে স্বৰ্ণ পদক;
  • ১৯৭৬ চনত ভাৰতৰ অসমৰ দৰং মহাবিদ্যালয়ৰ পৰা বৰ্ষৰ শ্ৰেষ্ঠ স্নাতকৰ বাবে স্বৰ্ণ পদক;
  • ১৯৭৬ চনত জেচিছ ইণ্টাৰনেচনেলৰ পৰা সোণৰ পদক;
  • ১৯৭৬ চনত ৰোটাৰী ইণ্টাৰনেচনেলৰ পৰা যুৱ মেধা বঁটা; আৰু
  • জৱাহৰলাল নেহৰু মেধা বঁটা, ভাৰত চৰকাৰ, ১৯৭৬

ব্যক্তিগত জীৱন সম্পাদনা কৰক

দীপক জৈন সুশান্ত জৈনৰ সৈতে বিবাহিত আৰু তেওঁলোকৰ ধ্বাণী, কলশ আৰু মুস্কান নামৰ তিনিটা সন্তান আছে।

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক