অসম সৌৰভ (ইংৰাজী: Assam Saurav) অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। ২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। প্ৰথমবাৰৰ বাবে পাঁচ গৰাকী ব্যক্তিক ক্ৰমে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক কমলেন্দু দেৱ ক্ৰৰী, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া লক্ষ্মনন এছ, আমেৰিকাৰ নৰ্থ ৱেষ্টাৰ্ণ বিশ্ব বিদ্যালয়ৰ ডীন দীপক চান্দ জৈন, অলিম্পিকত ব্ৰঞ্জ মেডেল বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাই আৰু চিত্ৰশিল্পী নীলপৱন বৰুৱাক নিজ নিজ ক্ষেত্ৰলৈ আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়।[3]

অসম সৌৰভ
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী সাধাৰণ
বৰ্ণনা সন্মুখফাল: শৰাইৰ চিত্ৰৰ লগত "অসম সৌৰভ" অসমীয়া লিপিত খোদিত
পিছফাল: ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে অসমীয়া লিপিৰে 'অসম চৰকাৰ' খোদিত[1]
প্ৰতিষ্ঠা ২০২১[2]
অন্তিমবাৰ প্ৰদান ২০২৩
মুঠ প্ৰদানৰ সংখ্যা ১৪
প্ৰদানকৰ্তা অসম চৰকাৰ
প্ৰথম প্ৰাপক
অন্তিম প্ৰাপক
বঁটাৰ মৰ্যদা
অসম বৈভৱঅসম সৌৰভঅসম গৌৰৱ

অসম সৌৰভ বঁটাত আছে নগদ চাৰি লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ তথা স্মাৰক। এই বঁটাৰ সন্মুখৰ ফালে শৰাইৰ চিত্ৰৰ লগত "অসম সৌৰভ" অসমীয়া লিপিত খোদিত কৰা আৰু পিছফালে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে অসমীয়া লিপিৰে 'অসম চৰকাৰ' খোদিত কৰা আছে।[4] ২০২৩ চনৰ ৪ জানুৱাৰীত অসম চৰকাৰে পাঁচ গৰাকী ব্যক্তিক ২০২২ বৰ্ষৰ অসম সৌৰভ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লয়।[5] ২০২৪ চনৰ ১৬ জানুৱাৰী তাৰিখে অসম চৰকাৰে চাৰি গৰাকী ব্যক্তিক নিজ নিজ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৩ বৰ্ষৰ অসম সৌৰভ বঁটা প্ৰদান কৰে।[6]

বিৱৰণ সম্পাদনা কৰক

লোকসেৱাৰ হিতাৰ্থে আৰু মানৱিক প্ৰচেষ্টাৰ যিকোনো ক্ষেত্ৰতেই সৰ্বোচ্চ ব্যৱস্থাৰ অসাধাৰণ সেৱা/কাৰ্যক্ষমতাক স্বীকৃতি প্ৰদানৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু পদ্ম বঁটাৰ আৰ্হিত অসম অসামৰিক সন্মান প্ৰদানৰ ব্যৱস্থা হাতত লয়। এই বঁটাসমূহ ক্ৰমে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান। ২০২১ চনৰ ২ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঅসম দিৱস উপলক্ষে আনুষ্ঠানিকভাৱে এই বঁটাসমূহ ঘোষণা কৰে।

সাধাৰণতে প্ৰতি বছৰে এজন ব্যক্তিক অসম বৈভৱ, তিনি গৰাকীক অসম সৌৰভ আৰু ১৫ গৰাকী ব্যক্তিক অসম গৌৰৱ সন্মানৰ বাবে বাছনি কৰা হয়। অৱশ্যে পুৰস্কাৰ সমিতিৰ সিদ্ধান্ত অনুযায়ী প্ৰত্যেক শাখাত প্ৰতি বছৰে বঁটাৰ সংখ্যা পৰিবৰ্তন হব পাৰে। ২০২১ বৰ্ষত পাঁচ গৰাকী, ২০২২ বৰ্ষত পাঁচ গৰাকী আৰু ২০২৩ বৰ্ষত চাৰি গৰাকী ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছে। সাধাৰণতে ডিচেম্বৰ-জানুৱাৰী মাহত এই বঁটাসমূহ ঘোষণা কৰা হয়।

বঁটাপ্ৰাপ্ত সকলক প্ৰদান কৰিবলগীয়া পুৰস্কাৰসমূহ এনেধৰণৰ-

  • অসম বৈভৱ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৫ লাখ টকাৰ এক আৰ্থিক অনুদান
  • অসম সৌৰভ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৪ লাখ টকাৰ এক আৰ্থিক অনুদান
  • অসম গৌৰৱ- এখন প্ৰশস্তিপত্ৰ/ প্ৰমাণপত্ৰ/ পদক আৰু ৩ লাখ টকাৰ এক আৰ্থিক অনুদান

বঁটা প্ৰাপক সকলে লাভ কৰিবলগীয়া অন্যান্য সুবিধাসমূহ এনেধৰণৰ-

  • চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা আৰু কেবিনত থকাৰ সুবিধা লাভ কৰে
  • তেওঁলোকক ৰাজ্য চৰকাৰৰ আৱৰ্ত ভৱন, অতিথি আৱাস আৰু অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা প্ৰদান কৰা হয়
  • তেওঁলোক সকলো চৰকাৰী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত কৰা হয়
  • অসম চৰকাৰে তেওঁলোকৰ গুৰুতৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত, চিকিৎসালয়ৰ ব্যয়ৰ বাবে ২ লাখ টকা পৰ্য্যন্ত প্ৰদান কৰে
  • পুৰস্কৃত ধন আৰু নিৰ্দিষ্ট সুবিধাৰ ব্যৱস্থা থকাৰ উপৰিও বঁটাপ্ৰাপ্ত নাগৰিকসকলে এ.এছ.টি.চি বাছত বিনামূলীয়াকৈ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে যদিহে ভ্ৰমণৰ ২৪ ঘণ্টা পূৰ্বেই নিৰ্ধাৰিত তথ্য প্ৰদান কৰে।[7]

বঁটা বিজয়ীসকলৰ তালিকা সম্পাদনা কৰক

সংখ্যা নাম চন ক্ষেত্ৰ চিত্ৰ
কমলেন্দু দেৱ ক্ৰোৰী ২০২১ শিক্ষাবিদ
লক্ষ্মনন এছ লোকসেৱা
দীপক চান্দ জৈন ব্যৱসায়িক ব্যৱস্থাপনা
লাভলীনা বৰগোঁহাই ক্ৰীড়া  
নীলপৱন বৰুৱা কলা আৰু সংস্কৃতি  
কৃষ্ণ ৰয় ২০২২ কলা আৰু সংস্কৃতি
গিলবাৰ্টছন চাংমা ক্ৰীড়া
নয়নমণি শইকীয়া ক্ৰীড়া  
বিনয় কুমাৰ শইকীয়া বিজ্ঞান আৰু প্ৰযুক্তি
১০ শশীধৰ ফুকন চিকিৎসা বিজ্ঞান
১১ কিশণ চন্দ নৌৰিয়াল ২০২৩ প্ৰত্নতত্ত্ববিদ
১২ হিমা দাস ক্ৰীড়া  
১৩ এলভিছ আলী হাজৰিকা ক্ৰীড়া
১৪ নাদিৰাম দেউৰী কলা আৰু সংস্কৃতি

তথ্য উৎস সম্পাদনা কৰক

  1. "এইবাৰ ‘অসম বৈভৱ’ বঁটা ৰতন টাটালৈ : অন্য কি বঁটা কোনে পালে চাওক". https://assamtimespost.com/?p=62976&amp। আহৰণ কৰা হৈছে: ৪ এপ্ৰিল ২০২৪. 
  2. "ৰতন টাটালৈ অসম বৈভৱ সন্মান, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাৰ বাবে কোন কোন হ'ল নিৰ্বাচিত?". https://assam.news18.com/news/assam/cm-himanta-biswa-sarma-assam-government-announced-3-highest-civilian-awards-check-the-list-hb-175713.html। আহৰণ কৰা হৈছে: ৪ এপ্ৰিল ২০২৪. 
  3. "অসম অসামৰিক বঁটা- তিনিটা শিতানত প্ৰদান কৰা হ’ব এই বঁটা…লাভলীনালৈ অসম সৌৰভ বঁটা". Archived from the original on 2022-01-21. https://web.archive.org/web/20220121154519/https://as.time8.in/assam-civilian-award-announced/। আহৰণ কৰা হৈছে: ৪ এপ্ৰিল ২০২৪. 
  4. "২০২১ বৰ্ষৰ অসম বৈভৱ বঁটা ঘোষণা, ৰতন টাটালৈ প্ৰথম বৰ্ষৰ অসম বৈভৱ বঁটা". https://assam.nenow.in/assam-baibhav-award-for-2021-announced-first-year-assam-baibhav-award-to-ratan-tata/। আহৰণ কৰা হৈছে: ৪ এপ্ৰিল ২০২৪. 
  5. Time, Pratidin (2023-01-04). "Dr Tapan Saikia To Receive Assam's Highest Civilian Award". www.pratidintime.com. https://www.pratidintime.com/amp/story/latest-assam-news-breaking-news-assam/dr-tapan-saikia-assams-highest-civilian-award। আহৰণ কৰা হৈছে: 4 April 2024. 
  6. Bureau, The Hindu (14 February 2024). "Former CJI Ranjan Gogoi receives Assam’s highest civilian award". www.thehindu.com. https://www.thehindu.com/news/national/other-states/former-cji-ranjan-gogoi-receives-assams-highest-civilian-award/article67842362.ece। আহৰণ কৰা হৈছে: 4 April 2024. 
  7. Award, Assam Civilian. "About the Assam Civilian Awards" (en ভাষাত). assamcivilianawards.assam.gov.in. https://assamcivilianawards.assam.gov.in/index.php/about। আহৰণ কৰা হৈছে: 4 February 2024.