দীপিকা ডেকা

এগৰাকী ভাৰতীয় চিকিৎসাবিদ

দীপিকা ডেকা (ইংৰাজী: Dipika Deka) এগৰাকী ভাৰতীয় চিকিৎসাবিদ, অধ্যাপক তথা স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞ।[3] তেওঁ বৰ্তমান নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ স্ত্ৰী আৰু প্ৰসূতিৰোগ বিভাগৰ অধ্যাপক। ১৯৮৩ চনৰ পৰা ২০১৮ চনলৈ তেওঁ এইমছ দিল্লীত সেৱা আগবঢ়াই তেওঁ ২০২১ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে আকৌ একেখন প্ৰতিষ্ঠানত যোগদান কৰে। তেওঁ ২০১৯ চনত স্থাপিত পশ্চিম বংগৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, কল্যাণীৰ প্ৰথম সঞ্চালক পদত নিযুক্তি লাভ কৰিছিল।[4] ২০১৯ চনৰ ১১ এপ্ৰিল তাৰিখে তেওঁ অসমগুৱাহাটীশ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তি লাভ কৰে আৰু ইয়াৰ লগে লগে তেওঁ প্ৰথম অসমীয়া মহিলা উপাচাৰ্যত পৰিগণিত হয়। ২০২১ চনৰ ৩১ জানুৱাৰী তাৰিখলৈ তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বভাৰ পালন কৰে। সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লীৰ প্ৰথম অসমীয়া সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ডেকা তেওঁৰ স্বামী।[3]

ডাঃ দীপিকা ডেকা

জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ স্ত্ৰী আৰু প্ৰসূতিৰোগ
কৰ্মস্থান সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী
শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়[1]
শিক্ষানুষ্ঠান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
জনা যায় প্ৰথম অসমীয়া মহিলা উপাচাৰ্য[2]
দাম্পত্যসঙ্গী ৰমেশ চন্দ্ৰ ডেকা

শিক্ষা সম্পাদনা কৰক

দীপিকা ডেকাই ১৯৭৭ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।[3] তেওঁ এমবিবিএছ পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছিল আৰু ইয়াৰ বাবে তেওঁক সোণৰ পদক প্ৰদান কৰা হৈছিল। ডেকাই একেখন মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৮২ চনত স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগত এমডি অৰ্জন কৰিছিল।[2]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৮৩ চনত তেওঁ নতুন দিল্লীত সৰ্বভাৰতীয় চিকিৎসাবিজ্ঞান প্ৰতিষ্ঠানৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ জ্যেষ্ঠ আৱাসিক চিকিৎসক হিচাপে যোগদান কৰিছিল।[3] তেওঁ এইমছ দিল্লীৰ একে বিভাগৰ সংকায় পদ লাভ কৰে আৰু শেষলৈ অধ্যাপক পদত অধিষ্ঠিত হয়। তেওঁ এইমছ দিল্লীৰ মেটাৰনেল ফেটল মেডিচিন চুপাৰস্পেচিয়েলিটিৰ মুৰব্বী পদতো অধিষ্ঠিত আছিল। তেওঁ ১৯৮৩ চনৰ পৰা ২০১৮ চনলৈ তেওঁ এইমছ দিল্লীত কৰ্মৰত আছিল।[5] ২০১৮ চনৰ ৫ অক্টোবৰ তাৰিখে তেওঁ পশ্চিম বংগৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, কল্যাণীৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিছিল। ২০১৯ চনত স্থাপিত এইমছ কল্যাণীৰ তেওঁ প্ৰতিষ্ঠাক সঞ্চালক।[4] ২০১৯ চনৰ ১১ এপ্ৰিল তাৰিখে অসমৰ ৰাজ্যপালে তেওঁক গুৱাহাটীত অৱস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ত উপাচাৰ্য পদত নিযুক্ত কৰে। তেওঁ প্ৰথম অসমীয়া মহিলা উপাচাৰ্য। ইয়াৰ লগতে তেওঁ অসমৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰতো প্ৰথম মহিলা উপাচাৰ্য।[2]

তেতিয়াৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক গৱেষণা আৰু প্ৰকাশন চৌহদ কেন্দ্ৰ হিচাপে শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ক নিৰ্মাণ কৰিবলৈ অক্লান্ত ভাৱে কাম আহিছে। পিএইচডি কাৰ্যসূচীক সুসজ্জিত কৰাৰ উদ্যোগৰ অংশ হিচাপে অধ্যাপক ডেকাই ২০২০ চনৰ আগষ্ট মাহত গৱেষণা ডিগ্ৰী সমিতি (আৰডিচি) প্ৰট'কল প্ৰেজেণ্টেচনৰ অধ্যক্ষতা কৰিছিল।[5] তেওঁ 'ৰাইটিং দি পিএইচডি চাইনপ্‌চিছ' ওপৰত নিৰন্তৰ চিকিৎসা শিক্ষাৰ ব্যৱস্থা কৰিছিল।[6][3]

তেওঁ প্ৰতিষ্ঠানত কোভিড-১৯ গৱেষণা সম্পৰ্কীয় ১৯টা প্ৰস্তাৱ আৰু নন-কোভিড-১৯ শ্ৰেণীৰ অধীনত নটা প্ৰস্তাৱৰ বাবে অনুমোদন দিছিল। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতা কৰি ডেকাই তেওঁৰ কাৰ্যকালত 'মাতৃ - মেটাৰনেল এণ্ড পেটাৰনেল হেল্থ ৰিচাৰ্ছ কলাবৰেচন, ইণ্ডিয়া' নামৰ এটা গৱেষণা প্ৰকল্পৰ উদ্যোগ গ্ৰহণ কৰিছিল।[5] তেওঁৰ নিৰ্দেশনাত ২০২০ চনৰ ফেব্ৰুৱাৰীত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সৈতে শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল।[2]

২০২১ চনত তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ পৰা অব্যাহতি লৈ ১ ফেব্ৰুৱাৰী তাৰিখে পুনৰ এইমছ দিল্লীৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগত যোগদান কৰে।[3]

বঁটা আৰু সন্মান সম্পাদনা কৰক

তেওঁ ১৯৯৯ চনত বিশ্ব স্বাস্থ্য সংস্থা ফেল'শ্বিপ আৰু ২০১০ চনত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ জ্যেষ্ঠ বিজ্ঞানী ফেল'শ্বিপ অৰ্জন কৰিছিল। অধ্যাপক ডেকাই ৫খন গ্ৰন্থ আৰু ৬০ অধ্যায়ৰ ৰচনা কৰিছে। তেওঁৰ ১৪১টা আন্তৰ্জাতিক ধৰি ২৫৫খন গৱেষণা পত্ৰ প্ৰকাশিত হৈছে।[6] তেওঁ লাভ কৰা উল্লেখযোগ্য বঁটা সমূহ হ'ল:

  • ইমেজিং চাইন্স বঁটা, ১৯৯৫
  • কমলা আচাৰী বঁটা, ২০০০
  • ফগচি ৰগাম গৱেষণা বঁটা, ২০০০
  • এছ.কে. ভাণ্ডাৰী স্বৰ্ণ পদক, ২০০২
  • যুৱ বিজ্ঞানী বঁটা, ২০০৪
  • ড॰ অমৰেন্দ্ৰ নাথ দান পুৰস্কাৰ, ২০০৬
  • ড॰ চি.এল. জাভাৰী বঁটা, ২০০৯
  • ড॰ চি এছ ডন পুৰস্কাৰ, ২০১০
  • ড॰ ডি.চি. দত্ত কিতাপৰ বাবে শ্ৰেষ্ঠ ফগচি প্ৰকাশন বঁটা, ২০১০[1]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "Vice Chancellor". ssuhs.in. http://www.ssuhs.in/node.php?u=vcm। আহৰণ কৰা হৈছে: 6 February 2021. 
  2. 2.0 2.1 2.2 2.3 "Dr Dipika Deka relinquishes Srimanta Sankaradeva University of Health Sciences VC post, rejoins AIIMS Delhi". nenow.in. 3 February 2021. https://nenow.in/north-east-news/assam/dr-dipika-deka-relinquishes-srimanta-sankaradeva-university-of-health-sciences-vc-post-rejoins-aiims-delhi.htm। আহৰণ কৰা হৈছে: 6 February 2021. [সংযোগবিহীন উৎস]
  3. 3.0 3.1 3.2 3.3 3.4 3.5 "Eminent Dr Dipika Deka relinquishes SSUHD vice-chancellor post to rejoin AIIMS, Delhi". medicaldialogues.in. 3 February 2021. https://medicaldialogues.in/news/health/doctors/eminent-dr-dipika-deka-relinquishes-ssuhd-vice-chancellor-post-to-rejoin-aiims-delhi-74185। আহৰণ কৰা হৈছে: 6 February 2021. 
  4. 4.0 4.1 "Appointment of Director, AIIMS cleared". indianmandarins.com. 5 October 2018. https://www.indianmandarins.com/news/appointment-of-director,-aiims-cleared/16902। আহৰণ কৰা হৈছে: 6 February 2021. 
  5. 5.0 5.1 5.2 "SSUHS VC Prof. (Dr.) Dipika Deka repatriated to AIIMS, New Delhi". timesofindia. 3 February 2021. https://timesofindia.indiatimes.com/home/education/news/ssuhs-vc-prof-dr-dipika-deka-repatriated-to-aiims-new-delhi/articleshow/80653748.cms। আহৰণ কৰা হৈছে: 6 February 2021. 
  6. 6.0 6.1 "Srimanta Sankaradeva University of Health Sciences VC rejoins AIIMS New Delhi". sentinelassam. 3 February 2021. https://www.sentinelassam.com/guwahati-city/srimanta-sankaradeva-university-of-health-sciences-vc-rejoins-aiims-new-delhi-523175। আহৰণ কৰা হৈছে: 6 February 2021.