দেবানন্দ উলুপ (ইংৰাজী: Debananda Ulup ) (জন্ম: ৩০জুন,১৯৬৪ ) অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। তেওঁ চিংফৌ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে।[1][2]

দেবানন্দ উলুপ
জন্ম ৩০ জুন, ১৯৬৪
মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম
দেশ ভাৰতীয়
পেচা চিত্ৰশিল্প

জন্ম সম্পাদনা কৰক

দেবানন্দ উলুপৰ জন্ম ১৯৬৪ চনত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ উলুপ গাঁৱত। পিতৃ ৰামেশ্বৰ উলুপ আৰু মাতৃ গুমকী উলুপ।[2]

শিক্ষা সম্পাদনা কৰক

সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে দেবানন্দ উলুপে এটা কুকুৰা বিক্ৰী কৰা টকাৰে ৰেলৰ টিকট কাটি যোৰহাটলৈ গুচি আহে। যোৰহাট চাৰুকলা বিদ্যালয়ত কিছুদিন ছবি অঁকাৰ পাঠ লয় যদিও মনৰ অস্থিৰতাই তেখেতক যোৰহাটতো টিকি থাকিবলৈ নিদিলে।[2]

১৯৭৯ চনৰ শেষৰ ফালে তেখেত গুৱাহাটীলৈ গুচি যায় আৰু নিগাজীকৈ তাতে থাকিবলৈ লয়। গুৱাহাটীত থকা প্ৰথমৰ সময়ছোৱাত তেখেতে গুৱাহাটী আৰ্টিষ্ট গীল্ডলৈও কিছুদিন ছবি অঁকা শিকিবলৈ গৈছিল যদিও এয়াও খুব কম সময়ৰ বাবে।

কৰ্মজীৱন সম্পাদনা কৰক

১৯৮৭ চন মানৰ পৰা তেখেতে নিজাববীয়াকৈ ছবি অঁকা আৰম্ভ কৰে। প্ৰথমলানি ছবি ‘ষ্ট্ৰীট অৱ হাংগাৰ' (Street of Hunger)। ৮৫চনৰ পিছৰফালে ‘বাঘমানুহ’ আৰু ১৯৯৯ চনত ক্ৰমে ‘য়েল্ল বাৰ্ড’ (Yellow Bird)আৰু ‘পাটকাই’(Patkai) ছিৰিজৰ ছবি সমূহ আঁকে। ২০১০-১১ চনৰপৰা তেখেতে আৰম্ভ কৰে ‘মাইভেলী'(My Valley) ছিৰিজৰ কাম। এই ছিৰিজৰ ছবি সমূহে চিংফৌ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে আৰু এই শেহতীয়া শিল্পকৰ্মই শিল্পীগৰাকীক কেৱল অসমতে নহয়, অৰুণাচল, ম্যানমাৰ, চীনপৰ্যন্ত শিল্পীৰূপে স্বীকৃতি দিছে।

১৯৮৫ চনৰপৰা ১৯৮৯ চন পৰ্যন্ত তেখেতে ‘প্ৰান্তিক’ আলোচনীৰ লে-আউট আৰ্টিষ্ট ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৮৯চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত চাকৰিত যোগদান কৰে। ১৯৯৫ চনৰপৰা তেখেত গুৱাহাটী আৰ্টিষ্ট গীল্ডৰো শিক্ষকৰূপে নিযুক্ত হয়।

ব্যক্তিগত জীৱন সম্পাদনা কৰক

দেবানন্দ উলুপৰ সহধৰ্মিনী শ্ৰীমতী বৈজয়ন্তী উলুপ।

বিবাহসূত্ৰে শিল্পীগৰাকী ক্ৰমে তিনিটি সন্তানৰ পিতৃ। দুটি ল’ৰা আৰু এগৰাকী কন্যা সন্তান ক্ৰমে আংচেং, জাইং আৰু জাউম।

তথ্যউৎস সম্পাদনা কৰক

অধিক চাওঁক সম্পাদনা কৰক