দৈনিক চুটি বুদ্ধি
দৈনিক চুটি বুদ্ধি হৈছে অসমীয়া বিদ্ৰূপাত্মক হাস্যৰসৰ (satire) ৱেবছাইট। সমাজ, ৰাজনীতি, শিক্ষা আদি সম্পৰ্কীয় ব্যঙ্গাত্মক, প্ৰহসন লিখনীৰ উপৰি কৌতুক, কাৰ্টুন, সাধু, আন ভাষাৰ তেনে লিখনিৰ অসমীয়া অনুবাদ আদি ইয়াত প্ৰকাশ কৰা হয়। ২০১১ চনৰ ১০ অক্টোবৰত এই ৱেবছাইটটো মুকলি কৰা হয়। ৱেবছাইটটোৰ উদ্দেশ্য হাস্যৰসৰ যোগান আৰু আত্ম-সমালোচনাৰ সোৱাদ প্ৰদান।[1]
দৈনিক চুটি বুদ্ধি | |
---|---|
soft2i | |
ইউ আৰ এল | SutiBuddhi.com |
বাণিজ্যক | অব্যৱসায়িক |
প্ৰকাৰ | ব্যঙ্গ, হাস্যৰস, প্ৰহসন। |
ভাষা | ১ es-us |
স্বত্বাধিকাৰী | ‘দৈনিক চুটি বুদ্ধি’ |
সৃষ্টিকৰ্তা | গান জ্যোতি সন্দিকৈ |
অৱস্থান | অসম |
মুকলি | ১০ অক্টোবৰ, ২০১১ |
ইয়াৰ লেখকসকল সম্পাদনা কৰক
ৱেবছাইটটোৰ নিয়মীয়া লেখকসকলৰ উপৰিও আন যিকোনো লেখক বা ব্যক্তিয়ে ইয়াত প্ৰকাশৰ বাবে লিখনি ইমেইল যোগে পঠাব পাৰে। ‘‘গান জ্যোতি সন্দিকৈ’’ ছদ্মনামেৰে এজন লেখক ইয়াৰ সম্পাদক।[2]
বিশেষ মন্তব্য সম্পাদনা কৰক
সমাজ সম্পৰ্কে প্ৰচ্চন্ন ধাৰণা নাথাকিলে ব্যংগ কৰাটো সম্ভৱ নহয়৷ এইক্ষেত্ৰত আপোনালোকৰ কাম প্ৰশংসনীয়৷ ‘অসমীয়া মানুহে হাঁহিব নাজানে’-- বেজবৰুৱাই তাহানিতে কোৱা কথাষাৰ এতিয়াও প্ৰাসংগিক৷ এনেস্থলত http://sutibuddhi.com/ পাথেয় হওক আৰু ব্যংগৰ চোকৰে আমাৰ সমাজখনক আত্মসংশোধনৰ বাবে উদ্বুদ্ধ কৰক৷ কেৱল লক্ষ্য ৰাখিব, ব্যংগত চোক দিবলৈ যাওঁতে যেন বিভেদৰ বিষবাস্প নিবিয়পে আৰু ব্যক্তিৰ মৰ্যাদা লঘু নহয়৷ শুভেচ্ছা থাকিল৷
ৱেবছাইটটোৰ কেইটামান দিশ আৰু আঁচনি সম্পাদনা কৰক
সাধু প্ৰকাশ আৰু সংগ্ৰহৰ ব্যৱস্থা ইয়াৰ এটি গুৰুত্বপূৰ্ণ দিশ।[4]
তথ্যসূত্ৰ সম্পাদনা কৰক
- ↑ ""দৈনিক চুটি বুদ্ধি"ৰ সম্পৰ্কে". Archived from the original on 2012-12-29. https://web.archive.org/web/20121229095906/http://sutibuddhi.com/%E0%A6%A6%E0%A7%88%E0%A6%A8%E0%A6%BF%E0%A6%95-%E0%A6%9A%E0%A7%81%E0%A6%9F%E0%A6%BF-%E0%A6%AC%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A6%BF/। আহৰণ কৰা হৈছে: 2012-10-09.
- ↑ "সম্পাদনা সমিতি, দৈনিক চুটি বুদ্ধি". Archived from the original on 2012-12-29. https://web.archive.org/web/20121229095931/http://sutibuddhi.com/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%A8%E0%A6%BE-%E0%A6%B8%E0%A6%AE%E0%A6%BF%E0%A6%A4%E0%A6%BF/। আহৰণ কৰা হৈছে: 2012-10-09.
- ↑ "মন্তব্য". Archived from the original on 2012-12-12. https://web.archive.org/web/20121212175148/http://sutibuddhi.com/joke/#comment-35। আহৰণ কৰা হৈছে: 2012-10-09.
- ↑ "সাধুৰ সংগ্ৰহ". Archived from the original on 2012-12-19. https://web.archive.org/web/20121219124030/http://sutibuddhi.com/category/%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A7%81/। আহৰণ কৰা হৈছে: 2012-10-09.