দ্বাদশ মহাজন হৈছে ভগৱান বিষ্ণুৰ বাৰজন বিশেষ আৰু বিশ্বস্ত প্ৰতিনিধি। মানৱ সমাজক ভক্তিমূলক সেৱাসমূহৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰাটো হৈছে এই প্ৰতিনিধিসকলৰ কৰ্তব্য। মহাজন শব্দটোৰ অৰ্থ হৈছে 'মহৎ-লোক'। উল্লেখনীয় যে, প্ৰাশ্চ্য চালুক্যৰ ৰজাসকলৰ অধীনস্থ প্ৰশাসক আৰু বিষয়াসকলক বুজাবৰ বাবেও মহাজন শব্দ প্ৰচলিত হৈছিল।[1] ভাগৱত পুৰাণ (৬.৩.২০-২১)-ত বাৰজন মহাজনৰ উল্লেখ আছিল।[2] এই দ্বাদশ মহাজন হৈছে ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠতম সেৱক। তেওঁলোকৰ ভাগৱত-ধৰ্মত সম্পৰ্কে জ্ঞান সৰ্বোৎকৃষ্ট।[3]

দ্বাদশ মহাজনৰ তালিকা সম্পাদনা কৰক

  1. ব্ৰহ্মা
  2. দেৱৰ্ষি নাৰদ
  3. শম্ভু (বিষ্ণুভক্ত ধ্ৰুৱৰ পুত্ৰ শম্ভু, তেওঁ ভগৱান শিৱ নহয়, এজন সাধাৰণ মানৱহে)
  4. চতুষ্কুমাৰ
  5. কপিল- দেৱাহুতিৰ পুত্ৰ
  6. স্বয়ম্ভূৱ মনু
  7. প্ৰহ্লাদ
  8. জনক
  9. ভীষ্ম
  10. বলি
  11. শুকদেৱ
  12. যম

তথ্যসূত্ৰ সম্পাদনা কৰক