প্ৰহ্লাদ (সংস্কৃত: प्रह्लाद) আছিল এজন ৰজা। তেওঁ হিৰণ্যকশিপু আৰু তেওঁৰ পত্নী কয়াধুৰ পুত্ৰ, আৰু বিৰোচনৰ পিতৃ আছিল। তেওঁ ঋষি কাশ্যপৰ উত্তৰসুৰী আছিল আৰু সেয়েই কাশ্যপ গোত্ৰৰ লোক। ভগৱান বিষ্ণুৰ প্ৰতি থকা আনুগত্য আৰু অচলা ভক্তিৰ কাৰণে পুৰাণসমূহত তেওঁ এগৰাকী সাধুসুলভ শুদ্ধচৰিত্ৰৰ বিষ্ণুভক্তৰূপে বৰ্ণিত হৈছে। তেওঁৰ পিতৃ হিৰণ্যকশিপুৰ আসুৰিক অত্যাচাৰৰ সত্ত্বেও প্ৰহ্লাদ বিষ্ণুৰ প্ৰতি থকা ভক্তিত অটল আছিল।[2] বৈষ্ণববৃন্দৰ মাজত তেওঁ শ্ৰীবিষ্ণুৰ পৰমভক্ত আৰু দ্বাদশ মহাজনৰ অন্যতম ৰূপে অভিহিত। বিষ্ণুৰ নৰসিংহ অৱতাৰৰ আখ্যানত প্ৰহ্লাদৰ এক উল্লেখযোগ্য ভূমিকা আছে আৰু তেওঁক নৰসিংহ বা 'নৃসিংহ'ৰ প্ৰধান অনুগামী হিচাপেও জনা যায়। ভাগৱত পুৰাণৰ এটি খণ্ডশাস্ত্ৰত প্ৰহ্লাদৰ বিষ্ণুৰ প্ৰতি থকা ভক্তিপ্ৰেমৰ বিষয় চিত্ৰিত হৈছে। পুৰাণসমূহত অন্তৰ্ভুক্ত প্ৰহ্লাদৰ আখ্যানসমূহৰ অধিকাংশই তেওঁৰ বাল্যকাল আৰু কৈশোৰকালৰ কৰ্মৰ ওপৰত আধাৰিত, আৰু সৰ্বসাধাৰণতে উপলব্ধ আধুনিক আৰু পুৰাতন শাস্ত্ৰীয় চিত্ৰপটসমূহত প্ৰহ্লাদ এই ৰূপতেই চিত্ৰায়িত হৈছে। বিষ্ণুৰ একান্ত উপাসক প্ৰহ্লাদ সৰ্বসাধাৰণতেই ভক্ত প্ৰহ্লাদ হিচাপে আলোচিত হয়, আৰু বৈষ্ণৱ সাহিত্যত ভগৱন্তৰ প্ৰতি নিছলা ভকতিৰ আৰ্হি হিচাপে প্ৰহ্লাদৰ আখ্যানে এক গভীৰ তাত্‍পৰ্য বহন কৰে।[3]

প্ৰহ্লাদ
Prahlada overcoming the elephant.jpg
হাতীৰ জাকৰ পদদলনৰ পৰা প্ৰহ্লাদৰ ৰক্ষাপ্ৰাপ্তিৰ চিত্ৰ
দেৱনাগৰী प्रह्लाद
সম্পৰ্ক ভগৱান বিষ্ণুৰ ভক্ত (উপাসক), অসুৰ
সহোদৰ সহ্লাদ, আহ্লাদ, শিৱী, বাশকল (ভাতৃগণ)
সিংহিকা (ভগ্নী)
সন্তান বিৰোচন[1], কুম্ভ আৰু নিকুম্ভ
হিন্দু পাঠ্য ভাগৱত পুৰাণ, বিষ্ণু পুৰাণ

কাহিনীভাগসম্পাদনা কৰক

 
অৰ্ধ নৰ অৰ্ধ সিংহৰ ৰূপত বিষ্ণুৰ অৱতাৰ, নৰসিংহ

প্ৰহ্লাদ হৈছে দৈত্যৰাজ হিৰণ্যকশিপু আৰু কয়াধুৰ পুত্ৰ। হিৰণ্যকশিপু দেৱতাসকলৰ পৰা লাভ কৰা এক বিশেষ বলৰ আধাৰত অতিশয় পৰাক্ৰমী হৈ উঠিছিল। এই বৰ অনুসৰি মাতৃৰ জৰায়ুৰ পৰা জন্মপ্ৰাপ্ত কেও, কোনো প্ৰাণী বা মানৱৰ দ্বাৰা, দিনৰ ভাগত বা ৰাতিৰ ভাগত, ঘৰৰ ভিতৰত বা ঘৰৰ বাহিৰত, স্থলমণ্ডলত বা জলমণ্ডলত বা বায়ুমণ্ডলত, আৰু কোনো মানৱসৃষ্ট অস্ত্ৰ বা দৈৱাস্ত্ৰৰ দ্বাৰা হিৰণ্যকশিপুৰ নিধন সম্ভৱ নহ'ব। ভগৱান বিষ্ণুৰ প্ৰতি থকা প্ৰহ্লাদৰ অচলা ভক্তিত ক্ষুণ্ণ হৈ হিৰণ্যকশিপুয়ে প্ৰহ্লাদক হত্যা কৰাৰ আৰু অৱদমিত কৰি ৰখাৰ বহু প্ৰচেষ্টা চলাইছিল। ইয়াৰ ফলশ্ৰুতিতেই বিষ্ণুয়ে প্ৰহ্লাদক ৰক্ষা কৰাৰ উদ্দেশ্যে নৰসিংহ অৱতাৰত অৱতীৰ্ণ হৈ দৈৱিক ক্ৰোধাগ্নি প্ৰদৰ্শনৰে দৈত্যৰাজক বধ কৰিছিল। নৰসিংহ (সংস্কৃত: नरसिंह) শব্দটো সংস্কৃত 'নৰ' (সংস্কৃত: नर) (অৰ্থাত, মানৱ (পুং)) আৰু 'সিংহ' (সংস্কৃত: सिंह) শব্দ দুটাৰ পৰা উদ্ভূত হৈছে। অৰ্থাত, ভগৱন্তই হিৰণ্যকশিপুক নিধনৰ উদ্দেশ্যে আংশিক মানৱ আৰু আংশিক সিংহৰ ৰূপ ধাৰণ কৰিছিল। মনুষ্য জ্ঞানৰ অতীত দৈৱ শক্তিৰ অধিকাৰী পৰমপুৰুষ ভগৱান নৰসিংহই হিৰণ্যকশিপুৰ দ্বাৰা প্ৰাপ্ত সকলো চৰ্ত পূৰণ কৰে। প্ৰাপ্ত বৰ অনুসৰিয়েই নগৰৰ স্তম্ভৰ পৰা সৃষ্ট হৈ অৰ্ধসিংহ-অৰ্ধমানৱ নৰসিংহই সন্ধ্যাবেলা তেওঁৰ উৰুৰ ওপৰত হিৰণ্যকশিপুক ৰাখি নিজৰ চোকা নখেৰে হানি নিধন কৰে। ইয়াৰ অন্যথা হিৰণ্যকশিপু প্ৰায় অপৰাজেয় আছিল।

পিতৃৰ নিধনৰ পিছত প্ৰহ্লাদ ৰাজ্যৰ ৰজাৰ আসনত অধিষ্ঠিত হ'ল আৰু ধৰ্ম সংস্থাপনৰ জৰিয়তে ৰাজ্যখন শান্তিপূৰ্ণভাৱে পৰিচালনা কৰে। প্ৰহ্লাদ তেওঁৰ বদান্য আৰু প্ৰজাৰ প্ৰতি কৰুণাময় প্ৰকৃতিৰ বাবে প্ৰখ্যাত আছিল। তেওঁৰ এই গুণৰাশি পুত্ৰ বিৰোচন আৰু মহাবলীলৈও সঞ্চাৰিত হৈছিল।

প্ৰহ্লাদৰ আখ্যানসম্পাদনা কৰক

মাতৃৰ জৰায়ুত থকা কালতেই প্ৰহ্লাদে তেওঁৰ মাতৃৰ মাধ্যমেৰেই নাৰদ কৃত হৰি গুণ-গানত বিভোৰ আছিল। জন্মৰ পৰা প্ৰথম তিনিটা বছৰ তেওঁ নাৰদৰ পৰা বিদ্যালাভ কৰিছিল। ইয়াৰ ফলশ্ৰুতিতেই প্ৰহ্লাদ বিষ্ণুৰ পৰম ভক্ত হৈ উঠে। আনহাতে, তেওঁৰ পিতৃ দৈত্যৰাজ হিৰণ্যকশিপু স্বভাৱগত ভগৱন্তৰ প্ৰতি অনাহা আৰু আধ্যাত্মিকতাৰ প্ৰতি অনাস্থাৰ ফলস্বৰূপে প্ৰহ্লাদৰ ওপৰত এই কথাত অসন্তুষ্ট হৈছিল, আৰু প্ৰহ্লাদক বিষ্ণু উপাসনাৰ পৰা আতঁৰিবলৈ সকীয়নিও প্ৰদান কৰিছিল। হিৰণ্যকশিপুৰ একাধিক সতৰ্কবাণী উপেক্ষা কৰি প্ৰহ্লাদ হৰিভক্তিত নিমজ্জিত হৈ ৰৈছিল। ইয়াতে খৰ্গহস্ত হৈ হিৰণ্যকশিপুয়ে বিহ পান কৰাই পুত্ৰহত্যা কৰিবলৈ উদ্যত হৈছিল যদিও প্ৰহ্লাদ ৰক্ষা পৰিল। দৈত্যৰাজে তেতিয়া পুত্ৰক জাকৰুৱা হাতীৰ দ্বাৰা পদদলন কৰাইছিল, কিন্তু প্ৰহ্লাদৰ প্ৰাণ পুনৰ ৰক্ষা পৰে। ইয়াৰ পিছত তেওঁ আপোন পুত্ৰক এটা সৰ্পসংকুল কক্ষত আৱদ্ধ কৰি নিধনৰ পৰিকল্পনা কৰিছিল যদিও বিষাক্ত সৰ্পবিলাকে নিজৰ শৰীৰেৰে প্ৰহ্লাদৰ বাবে এক শয্যাহে নিৰ্মাণ কৰিলে। ইমানতে ক্ষান্ত নাথাকি হিৰণ্যশিপুয়ে প্ৰহ্লাদক নদীতো নিক্ষেপ কৰিছিল। এই সকলো প্ৰচেষ্টাকেই বিষ্ণুৱে নস্যাত্‍ কৰি প্ৰহ্লাদক বাৰে বাৰে ৰক্ষা কৰিছিল।

হিৰণ্যকশিপুৰ ভগ্নী আৰু প্ৰহ্লাদৰ পেহীয়েক হোলিকাই এক বিশেষ বৰ প্ৰাপ্ত কৰিছিল আৰু এই বৰ অনুসৰি হোলিকাক অগ্নিয়ে দহন কৰিব নোৱাৰে। হিৰণ্যকশিপুৰ কু-মন্ত্ৰণা অনুসৰি হোলিকাই প্ৰহ্লাদক নিজৰ কোলাত লৈ এক জ্বলন্ত অগ্নিকুণ্ডত জাঁপ দিয়ে। প্ৰহ্লাদে বিষ্ণুক আৰাধনা কৰি তেওঁক নিৰাপদে ৰাখিবলৈ আহ্বান জনালে। বিষ্ণুৰ কৃপাত প্ৰহ্লাদ ৰক্ষা পৰে যদিও হোলিকা অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। এই পৰিঘটনাটোয়েই হিন্দু ধৰ্মৰ পৰম্পৰাত হোলিকা দহন হিচাপে পৰিচিত আৰু ইয়াক হোলি উত্‍সৱ হিচাপে হিন্দু ধৰ্মাৱলম্বীসকলে পালন কৰে।[4]

 
ভগৱান বিষ্ণু সৰ্বত্ৰ বিৰাজমান বুলি পিতৃক দেখুৱাই থকা অৱস্থাত প্ৰহ্লাদ

হিৰণ্যকশিপুৰ পৰা বহু অন্যায়-অত্যাচাৰ প্ৰহ্লাদে সহাৰ অন্তত তেওঁক ৰক্ষা কৰিবলৈ ভগৱান বিষ্ণু নৰসিংহ অৱতাৰত অৱতীৰ্ণ হয়। অৰ্ধ-মানৱ, অৰ্ধ-সিংহৰ এই ৰূপেৰে বিষ্ণু দৈত্যপুৰীৰ শৈলস্তম্ভৰ পৰা প্ৰকট হয়, আৰু হিৰণ্যকশিপুৰ আপাত অমৰত্বক নস্যাত্‍ কৰি দৈত্যৰাজক ঘৰৰ বাহিৰলৈ নি পানীপতাত উৰুৰ ওপৰত ৰাখি সন্ধিয়াৰ সময়ত নিজৰ শাণিত নখেৰে বুকু বিদাৰি নিধন কৰে। [5]

হিৰণ্যকশিপুক নৃসিংহই বধ কৰাৰ পিছত প্ৰহ্লাদ দৈত্যসকলৰ অধিৰাজ অধিষ্ঠিত হয়। বিষ্ণুৰ পৰমভক্ত প্ৰহ্লাদৰ মৃত্যুৰ পিছত বৈকুণ্ঠত স্থান প্ৰাপ্তি হয়। [6]

পৰৱৰ্ত্তী জীৱনসম্পাদনা কৰক

ভগৱান বিষ্ণুৰ প্ৰতি থকা নিষ্ঠাপূৰ্ণ ভক্তিৰ লগতে গুৰু শুক্ৰাচাৰ্যৰ দ্বাৰা প্ৰাপ্ত শিক্ষাৰ জৰিয়তে প্ৰহ্লাদ অসুৰগণৰ পৰাক্ৰমী ৰজা হিচাপে প্ৰতিষ্ঠিত হৈছিল। প্ৰহ্লাদ আনকি তেওঁৰ পিতৃ হিৰণ্যকশিপুতকৈও বেছি শক্তিশালী আছিল। তেওঁৰ নিজৰ কৰ্মৰ জৰিয়তে প্ৰজাবৰ্গৰ সন্মান আৰু মৰমৰ পাত্ৰ হৈ পৰিছিল।

নিজৰ সু-আচৰণৰ জৰিয়তে প্ৰহ্লাদে কেতিয়াও হাতত অস্ত্ৰ তুলি নোলোৱাকৈয়ে ত্ৰি-লোক(স্বৰ্গ-মৰ্ত্য-পাতাল)ত সহজ বিজয় সাব্যস্ত কৰিছিল, আৰু আনকি দেৱৰাজ ইন্দ্ৰইও স্বৰ্গৰ পৰা পলায়ন কৰিছিল। ইন্দৰই তেতিয়া ছলনা কৰি প্ৰহ্লাদক তেওঁৰ সু-আচৰণৰ শক্তি দান হিচাপে বিচাৰিলে, আৰু এই ছলনাত পৰি প্ৰহ্লাদে তিনি লোকৰ নিয়ন্ত্ৰণ হেৰুৱাবলগা হ'ল।

অসুৰগণে তেওঁলোকৰ ৰজা প্ৰহ্লাদৰ পুণ্যৱান প্ৰকৃতিৰ সুবিধা লৈ দেৱগণে কৰা প্ৰৱঞ্চনাত খৰ্গহস্ত হৈ স্বৰ্গত আক্ৰমণ চলালে। অসুৰৰ ত্ৰাসত ভীতিগ্ৰস্ত হৈ দেৱগণে মৰ্ত্যৰ মানৱকুলৰ অধীশ্বৰ যযাতি, ৰাজি আৰু কাকুস্থৰ সহায় ল'ব লগাত পৰিল, আৰু তেওঁলোকৰ সাহায্যৰে অসুৰগণক পৰাস্ত কৰিলে।

নিজৰ শাসনকালত প্ৰহ্লাদে প্ৰতিদিনে কেইবাসহস্ৰ ব্ৰাহ্মণক আপ্যায়ন কৰিছিল। এদিন ভুলবশতঃ তেওঁ এগৰাকী ব্ৰাহ্মণক আপ্যায়ন কৰিবলৈ পাহৰিল। ইয়াতেই কোপিত হৈ ব্ৰাহ্মণে প্ৰহ্লাদক এইবুলি অভিশাপ দিলে যে, তেওঁ বিষ্ণুৰ উপাসনা পাহৰি অধৰ্মৰ পথিক হ'ব। এই বুলিও কোৱা হ'লে বিষ্ণুয়ে নিজে প্ৰহ্লাদক পৰাভূত কৰিলেহে সেই শাপ ভংগ হ'ব।

প্ৰহ্লাদে তেতিয়া নিজে হাতত অস্ত্ৰ তুলি লৈ দেৱলোকত আক্ৰমণ চলাই ইন্দ্ৰক পৰাস্ত কৰিলে আৰু ইন্দ্ৰ নিজৰ প্ৰাণ লৈ পলায়ন কৰিবলৈ বাধ্য হ'ল। ইন্দ্ৰই ভগৱান বিষ্ণুৰ সহায় বিচাৰিলে। বিষ্ণুৰ শক্তিৰে বলীয়ান হৈ ইন্দ্ৰই তেতিয়া প্ৰহ্লাদক যুদ্ধত হৰুৱালে। প্ৰহ্লাদে তেতিয়া উপলব্ধি কৰিলে যে, বিষ্ণুয়ে যুদ্ধত ইন্দ্ৰক সহায় কৰিছে আৰু সেয়ে প্ৰহ্লাদে নিজৰ সৈন্যক যুদ্ধক্ষেত্ৰৰ পৰা আতঁৰাই নিলে। পৰৱৰ্তী সময়ত প্ৰহ্লাদে যেতিয়া গম পালে তেওঁৰ অন্ধ আৰু অংগ-বিকৃত পিতৃব্যপুত্ৰ অন্ধকাসুৰে ব্ৰহ্মাৰ লাভ কৰা বৰৰ জৰিয়তে নিজৰ শাৰীৰিক অক্ষমতাক অতিক্ৰমি নিজকে পুনৰ শক্তিমন্ত আৰু অপৰাজেয় ৰূপত প্ৰতিষ্ঠা কৰিছে, তেওঁ স্ব-ইচ্ছাৰে অসুৰগণৰ অধিপতিৰ খিতাপ অন্ধকাক পৰ্দান কৰিলে, আৰু নিজে এজন সাধাৰণ শ্ৰমজীৱি প্ৰজা হৈ ৰ'ল। প্ৰহ্লাদ, বিৰোচন, বলী আৰু বাণ- এই চাৰিগৰাকীয়ে শিৱ আৰু অন্যান্য দেৱতাসকল বিৰুদ্ধে যুঁজঁত অৱতীৰ্ণ হ'ল। একসময়তে অন্ধকাই কৈলাস পৰ্বতত আক্ৰমণ চলালে। প্ৰহ্লাদে অন্ধকাক সেই কাম নকৰিবলৈ বুজনি দিছিল যদিও অন্ধকাই হাক-বচন নুশুনিলে। ইয়াৰ ফলশ্ৰুতিতেই অন্ধকা শিৱৰ হাতত পৰাস্ত হ'ল আৰু প্ৰহ্লাদ পুনৰ দৈত্যপুৰীৰ ৰজা হ'বলগাত পৰিল। শেষত ৰাজ্যভাৰ নিজপুত্ৰ বিৰোচনৰ হাতত সঁপি দি নিজে তীৰ্থ যাত্ৰা কৰিবলৈ গুছি গ'ল।

সমুদ্ৰ-মন্থনৰ সময়তো প্ৰহ্লাদ উপস্থিত আছিল আৰু দেৱতাসকলৰ বিৰুদ্ধে তাৰকামায়া যুদ্ধত অৱতীৰ্ণ হৈছিল।

প্ৰহ্লাদৰ পুত আছিল বিৰোচন। বিৰোচনৰ পুত্ৰ আছিল মহাবলী। দেৱগণে বিৰোচনৰ মহান বদান্যৰ অপব্যৱহাৰ কৰি তেওঁক নিধন কৰোৱালে।[7] প্ৰহ্লাদে নিজে তেওঁৰ নাতিল'ৰা বলীক ডাঙৰ দীঘল কৰিবলগাত পৰিল। পৰৱৰ্তী কালত বিষ্ণুৰ পৰামৰ্শ মতে প্ৰহ্লাদ আৰু বলীয়ে সুতল লোকত বসবাস কৰিছিল।

দেৱতাসকলৰ পৰা অসুৰগণক বচাবৰ বাবে প্ৰহ্লাদৰ অনুৰোধমৰ্মেই শুক্ৰাচাৰ্যই ভগৱান শিৱৰ পৰা মৃতসঞ্জীৱনী আনিছিল।

এটা দীৰ্ঘ জীৱনৰ সমাপ্তিত প্ৰহ্লাদৰ বৈকুণ্ঠপ্ৰয়ান হ'ল। প্ৰহ্লাদৰ আজো-নাতি আছিল সহস্ৰ-হস্তধাৰী বাণ, আৰু এই বাণেই যুদ্ধত কৃষ্ণৰ দ্বাৰা পৰাভূত হৈছিল।

ধৰ্মীয় গ্ৰন্থাৱলীত উল্লেখসম্পাদনা কৰক

ভাগৱত গীতাৰ দশম অধ্যায়ৰ ত্ৰিংশতম শ্লোক অনুসাৰে শ্ৰীকৃষ্ণই নিজৰ বিৱৰণ ডাঙি ধৰিবলৈ গৈ প্ৰহ্লাদৰ প্ৰসংগত এইদৰে কৈছে:

অনুবাদ: "সমস্ত দৈত্যকুলৰ মাজত ময়ে সেই ভক্ত প্ৰহ্লাদ, পৰাক্ৰমশালী শক্তিত ময়ে সময়, প্ৰাণীকুলত ময়ে সিংহ আৰু পক্ষীকুলত ময়ে গৰুড়। "[8]

তীৰ্থস্থানসম্পাদনা কৰক

ভাৰতৰ মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলঙ্গানা আৰু উত্তৰ প্ৰদেশ ৰাজ্যৰ নিম্নোক্ত স্থানসমূহত ভক্ত প্ৰহ্লাদ অথবা নৰসিংহৰ উপাসনাৰ সৈতে জড়িত তীৰ্থস্থান অৱস্থিত।

  • প্ৰহ্লাদ ঘাট, হাৰদৈ
  • শ্ৰী লক্ষ্মী নৰসিংহ মন্দিৰ
  • মালাকোণ্ডা
  • সিংহাচলম
  • আহ'বিলাম
  • কাদিৰি
  • যদাগিৰিগুত্ত মন্দিৰ
  • লক্ষ্মী নৰসিংহ স্বামী মন্দিৰ, পেন্না আহ'বিলাম

সাংস্কৃতিক সংযোগসম্পাদনা কৰক

অসমত নৱ-বৈষ্ণৱবাদৰ প্ৰৱৰ্ত্তক শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ দ্বাৰা বিৰচিত কীৰ্তন পুথিত প্ৰহ্লাদৰ আখ্যানটি প্ৰহ্ৰাদ চৰিত (অৰ্থাত্‍ প্ৰহ্লাদ চৰিত) হিচাপে বৰ্ণনা কৰিছে[9]ওড়িশা ৰাজ্যৰ গঞ্জম জিলাত প্ৰচলিত এক বিশেষ লোক-নাট্য কলাত নৰসিংহ আৰু হিৰণ্যকশিপুৰ আখ্যানটো প্ৰহল্লাদ নাটক (প্ৰহ্লাদ নাটক হিচাপেও উচ্চাৰিত) হিচাপে পৰিৱেশিত হয়। এই লোক-কলা অষ্টাদশ শতিকাৰ পৰাই প্ৰচলিত হৈ আহিছে। সেইসময়ত জ্বলন্তৰ ৰাজ্যৰ ৰজা ৰামকৃষ্ণ চোতৰয়ে সংলাপ আৰু গীত ৰচনা কৰি নাট্য পৰিৱেশনৰ আৰম্ভ কৰিছিল।

জনপ্ৰিয় পৰিৱেশনাসম্পাদনা কৰক

ভক্ত প্ৰহ্লাদৰ আখ্যানৰ ওপৰত ভিত্তি কৰি ভাৰতৰ বিভিন্ন ভাষাত একাধিক চলচ্চিত্ৰ নিৰ্মিত হৈছে। অসমীয়া ভাষাও ইয়াৰ ব্যতিক্ৰম নহয়। ১৯৫৮ চনত ভক্ত প্ৰহ্লাদ নামৰ অসমীয়া বোলছবিখন নিৰ্মিত হৈছিল।

বৰ্ষ নাম ভাষা তথ্যসূত্ৰ
১৯৩২ ভক্ত প্ৰহ্লাদ তেলুগু [10]
১৯৩৯ প্ৰহ্লাদ তামিল [11]
১৯৪১ প্ৰহ্লাদ মালয়ালম [12]
১৯৪২ ভক্ত প্ৰহ্লাদ তেলুগু [10]
১৯৪২ ভক্ত প্ৰহ্লাদ কন্নড়
১৯৪৬ ভক্ত প্ৰহ্লাদ হিন্দী
১৯৫৮ ভক্ত প্ৰহ্লাদ অসমীয়া [13]
১৯৫৮ ভক্ত প্ৰহ্লাদ কন্নড় [14]
১৯৬৭ ভক্ত প্ৰহ্লাদ তেলুগু [10]
১৯৭২ হৰি দৰ্শনঅ হিন্দী [15]
১৯৮৩ ভক্ত প্ৰহ্লাদ কন্নড় [16]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. "vishwakarma - Who is the mother-in-law of Surya?". https://hinduism.stackexchange.com/questions/28876/who-is-the-mother-in-law-of-surya. 
  2. "The story of Prahlada". Ramakrishnavivekananda.info. http://www.ramakrishnavivekananda.info/vivekananda/volume_4/lectures_and_discourses/the_story_of_prahlada.htm. 
  3. পূৰ্ণানন্দ ভূঞা (২০০৭). দশাৱতাৰ: ই আমাক কি শিকায়. প্ৰকাশক গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, অসম. 
  4. Varadaraja V. RamanVariety in Religion And Science: Daily Reflections, iUniverse, 2005, আই.এচ.বি.এন. 0-595-35840-3, p.259
  5. Dimmitt, Cornelia; Johannes Adrianus Bernardus Buitenen (1978). Classical Hindu Mythology: A Reader in the Sanskrit Purāṇas. translated by J. A. Van Buitenen. Temple University Press. পৃষ্ঠা. 312. ISBN 0-87722-122-7. 
  6. P. 452 The Hindu World: An Encyclopedic Survey of Hinduism By Benjamin Walker – Summary
  7. "Lord Vamana Resolves the Universal Conflict". 2008. http://btg.krishna.com/lord-vamana-resolves-universal-conflict. "They begged for his crown. Even though Virochana recognized the demigods' plot, true to his word he parted with his crown and his life as well" 
  8. [1] Archived 8 September 2005 at the Wayback Machine
  9. পূৰ্ণানন্দ ভূঞা (২০২১). শংকৰী সংস্কৃতিৰ আভাস. 
  10. 10.0 10.1 10.2 Narasimham, M. L. (2018-11-23). "The story of a devotee". The Hindu. https://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/the-story-of-a-devotee/article25573960.ece. 
  11. Guy, Randor (2011-08-14). "Prahalada 1939" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/prahalada-1939/article2354913.ece. 
  12. Vijayakumar, B. (2011-04-10). "Prahlada (1941)". The Hindu. https://www.thehindu.com/features/cinema/Prahlada-1941/article14678552.ece. 
  13. মঞ্চলেখা, পৃষ্ঠা ৫৯১, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭. 
  14. Rajadhyaksha, Ashish; Willemen, Paul, eds (1998). Encyclopaedia of Indian Cinema. Oxford University Press. পৃষ্ঠা. 353. ISBN 0-19-563579-5. https://indiancine.ma/texts/indiancine.ma%3AEncyclopedia_of_Indian_Cinema/text.pdf. 
  15. ":: Rajshri Films - Hari Darshan (1972) ::". http://rajshri.com/films/hari-darshan-1972. 
  16. "On Rajkumar birthday, a Top 5 list by grandson" (en ভাষাত). 2019-04-24. https://www.deccanherald.com/metrolife/metrolife-lifestyle/on-rajkumar-birthday-a-top-5-list-by-grandson-730473.html. 

বাহ্যিক সংযোগসম্পাদনা কৰক