দ্বাৰকানাথ ঠাকুৰ
দ্বাৰকানাথ ঠাকুৰ ইংৰাজী: Dwarkanath Tagore (জন্ম ১৭৯৪-১৮৪৬) ব্ৰিটিছ অংশীদাৰসকলৰ সৈতে উদ্যোগ গঠন কৰা প্ৰথম ভাৰতীয় উদ্যোগপতিসকলৰ ভিতৰত এজন আছিল।[1]
তেওঁ ৰামমনি ঠাকুৰৰ পুত্ৰ আছিল আৰু ৰামমনিৰ জ্যেষ্ঠ ভাতৃ ৰামলোচন ঠাকুৰক দত্তক লোৱাৰ বাবে দিয়া হৈছিল। তেওঁ কলিকতাৰ ঠাকুৰ পৰিয়ালৰ বংশধৰ, দেবেন্দ্ৰনাথ ঠাকুৰৰ পিতৃ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককাদেউতাক আছিল।
দ্বাৰকানাথ ঠাকুৰ | |
---|---|
দ্বাৰকানাথ ঠাকুৰ | |
জন্ম | ১৭৯৪ গোবিন্দপুৰ, কলকাতা,বেংগল প্ৰেচিডেন্সি |
মৃত্যু | ১ আগষ্ট, ১৮৪৬ (৫২ বছৰ) লণ্ডন, ইংলেণ্ড, ইউনাইটেড কিংডম |
ৰাষ্ট্ৰীয়তা | বৃটিছ ভাৰত |
পেচা | উদ্যোগপতি |
দাম্পত্যসঙ্গী | দিগম্বৰী দেৱী (বিবাহ ১৮১১ - ১৮৩৯) |
সন্তান | ৩, দেবেন্দ্ৰনাথ ঠাকুৰৰ সৈতে |
পূৰ্বপুৰুষ
সম্পাদনা কৰকদ্বাৰকানাথ ঠাকুৰ কুশাৰী শাখাৰ ব্ৰাহ্মণসকলৰ বংশধৰ আছিল। তেওঁলোকক পিৰালী ব্ৰাহ্মণ বুলি কোৱা হৈছিল। পিৰালী শব্দটো পীৰ আলীৰ পৰা আহিছে। ধাৰণা কৰা হয় যে ঠাকুৰ পৰিয়ালৰ দুজন পূৰ্বপুৰুষে ইছলামৰ সৈতে একেলগে ভোজন কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। সেয়ে তেওঁলোকৰ আত্মীয়সকল হিন্দু সংগঠনৰ দ্বাৰা কলংকিত হৈছিল আৰু "পিৰালি ব্ৰাহ্মণ" নামটো পাইছিল।[2][3]
দ্বাৰকানাথৰ আজোককাক জয়ৰাম ঠাকুৰে এজন ব্যৱসায়ী হিচাপে আৰু চন্দননগৰত ফ্ৰান্স চৰকাৰৰ দেৱান হিচাপে এক বৃহৎ ধন উপাৰ্জন কৰিছিল। অষ্টাদশ শতিকাৰ মাজভাগত ব্ৰিটিছে নতুন ফৰ্ট উইলিয়াম নিৰ্মাণ কৰাৰ সময়ত তেওঁ গোবিন্দপুৰৰ পৰা পাথুৰিয়াঘাটালৈ স্থানান্তৰিত হয়। তেওঁৰ জ্যেষ্ঠ পুত্ৰ নীলমনী ঠাকুৰ (জন্ম ১৭২১ - মৃত্যু ১৭৯১) তেওঁৰ সৰু ভায়েক দৰ্পনাৰায়ণ ঠাকুৰৰ সৈতে বিভেদৰ পিছত তেওঁৰ পত্নী ললিতা দেৱী আৰু পুত্ৰৰ সৈতে পাথুৰিয়াঘাটাত পৈতৃক ঘৰ এৰি যোৱাৰ পিছত জোৰাসাকোৰত বসতি স্থাপন কৰে। নীলমনী ঠাকুৰে জোৰাসাকোৰ ঠাকুৰ বাৰী নিৰ্মাণ কৰিছিল আৰু পাচত এই পৰিয়ালটো বিখ্যাত জোৰাসাকোৰ ঠাকুৰ পৰিয়াল হিছাপে জনাজাত হৈছিল। আনহাতে দৰ্পনাৰায়ণ ঠাকুৰৰ বংশধৰসকল পাথুৰিয়াঘাটা ঠাকুৰ শাখাৰ আছিল।[4]
শৈশৱকাল
সম্পাদনা কৰকনীলমনিৰ নাতি দ্বাৰকানাথ ঠাকুৰৰ জন্ম হৈছিল ১৭৯৪ চনত ৰামমনি ঠাকুৰ আৰু তেওঁৰ পত্নী মেনকা দেৱীৰ ঘৰত। জন্মৰ ঠিক পিছতে তেওঁক ৰামমনিৰ সন্তানহীন ককায়েক ৰামলোচনক ( জন্ম ১৭৫৯ - মৃত্যু ১৮০৭) দত্তক দিয়া হৈছিল। ৰামমোহন সেই সময়ৰ এজন ধনী ব্যক্তি আৰু সংগীতৰ পৃষ্ঠপোষকক আছিল। মেনকা দেৱী দ্বাৰকানাথৰ দত্তক মাতৃ আলোকা সুন্দৰী দেৱীৰ সৰু ভগ্নী আছিল।[5] দ্বাৰকানাথে মিষ্টাৰ শ্বেৰবোৰ্ণৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰিছিল। ১৮০৭ চনত ৰামলোচন মৃত্যু হয়। সেই সময়ত দ্বাৰকানাথ ১৩ বছৰ বয়সৰ নাবালক আছিল। নাবালক দ্বাৰকানাথে বঢ়মপুৰ, উৰিষ্যাৰ সম্পত্তি, আৰু কলিকতাৰ নগৰীয় সম্পত্তিৰ জমিদাৰী চম্ভাৱলগীয়া হয়।[6] দ্বাৰকানাথে ১৮১০ চনত ১৬ বছৰ বয়সত বিদ্যালয় এৰিছিল আৰু প্ৰখ্যাত বেৰিষ্টাৰ ৰবাৰ্ট কাটলাৰ ফাৰ্গুছনৰ অধীনত শিক্ষাগ্ৰহণ কৰিছিল আৰু বেহৰামপুৰ আৰু কটক, কলিকতা আৰু তেওঁৰ সম্পত্তি বিলাক চম্ভালিব লগীয়া হৈছিল।
বিবাহ
সম্পাদনা কৰক১৭ বছৰ বয়সত দ্বাৰকানাথে ১৮১১ চনত যচুৰৰ ওচৰৰ এজন জমিদাৰৰ ৯ বছৰীয়া জীয়ৰী দিগম্বৰী দেৱীক বিয়া কৰায়। তেওঁলোকৰ ৪জন পুত্ৰ আৰু ১জনী কন্যা আছিল। ইয়াৰে তিনিজন সন্তান জীৱিত আছিল -দেবেন্দ্ৰনাথ ঠাকুৰ (জন্ম, ১৮১৭), গিৰিন্দ্ৰনাথ ঠাকুৰ (জন্ম, ১৮২০ -মৃত্যু আৰু নগেন্দ্ৰনাথ ঠাকুৰ (জন্ম,১৮২৯ - মৃত্যু,১৮৫৮)।
দ্বাৰকানাথে এক অপব্যয়ী জীৱনশৈলী যাপন কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁৰ গোঁড়া হিন্দু পত্নীৰ সৈতে তেওঁৰ বিবাহিত জীৱন তিক্ততাৰে ভৰি পৰিছিল। পত্নীয়ে হিন্দু ব্ৰাহ্মণসকলৰ সৈতে তেওঁৰ আচৰণ সম্পৰ্কে পৰামৰ্শ কৰিছিল আৰু অৱশেষত তেওঁ স্বামীৰ সৈতে বাৰ্তালাপ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। যেতিয়াই তেওঁ কোনো ঘৰুৱা বিষয়বোৰৰ বিষয়ে তেওঁৰ স্বামীৰ সৈতে কথা পাতিব লগা হৈছিল, তেওঁ পবিত্ৰ গঙ্গাৰ পানীত গা ধুইছিল। কিছু দিনৰ বাবে এনেদৰে তেওঁ এই কাম অব্যাহত ৰাখিছিল। অৱশ্যে শীতৰ ঠাণ্ডা নিশা এনেদৰে গা ধুই দিগম্বৰী জ্বৰত আক্ৰান্ত হৈ পৰিছিল আৰু ১৮৩৯ চনত ৩৭ বছৰ বয়সত মৃত্যুবৰণ কৰিছিল।[7]
ব্যৱসায়িক জীৱন
সম্পাদনা কৰকদ্বাৰকানাথ ঠাকুৰ এজন পশ্চিমীয়া শিক্ষিত বাঙালী ব্ৰাহ্মণ আৰু কলিকতাৰ এজন নাগৰিক নেতা আছিল যি ব্ৰিটিছ ব্যৱসায়ীসকলৰ সৈতে অংশীদাৰীত্বত বাণিজ্যিক উদ্যোগ- বেঙ্কিং, বীমা আৰু জাহাজ কোম্পানী স্থাপনত এক অগ্ৰণী ভূমিকা পালন কৰিছিল। ১৮২৮ চনত তেওঁ প্ৰথম ভাৰতীয় বেংক সঞ্চালক হয়। ১৮২৯ চনত তেওঁ কলিকতাত ইউনিয়ন বেংক প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰথম এংলো-ইণ্ডিয়ান মেনেজিং এজেঞ্চী (মৰাপাট মিল, কয়লা খনি, চাহ খেতি আদি চলাই থকা ঔদ্যোগিক সংগঠনসমূহ) 'কাৰ, ঠাকুৰ এণ্ড কোম্পানী '[8]সংগঠন কৰাত আগভাগ লৈছিল। ১৮৩২ চনত দ্বাৰকানাথ ঠাকুৰে ভাৰতৰ আটাইতকৈ পুৰণি, সৰ্ববৃহৎ আৰু আটাইতকৈ ধনী কয়লা খনি ৰাণীগঞ্জত এটা কয়লা খনি ক্ৰয় কৰে। [9]অৱশেষত ই বেংগল কয়লা কোম্পানীত পৰিণত হয়। দ্বাৰকানাথ ঠাকুৰৰ কোম্পানীয়ে আজিৰ পশ্চিম বংগ আৰু উৰিষ্যা ৰাজ্যসমূহকে ধৰি ভাৰত আৰু বাংলাদেশত বিয়পি থকা বৃহৎ জমিদাৰী কাম-কাজ চলাই গৈছিল। 'কাৰ, ঠাকুৰ এণ্ড কোম্পানী'য়ে চীনলৈ আফিং ৰপ্তানি কৰাতো নিয়োজিত আছিল।
মৃত্যু
সম্পাদনা কৰক১৮৪৬ চনৰ ১ আগষ্টৰ সন্ধিয়া লণ্ডনৰ ছেইণ্ট জৰ্জ হোটেলত দ্বাৰকানাথ ঠাকুৰৰ মৃত্যু হয়।[10]
৭ আগষ্টৰ 'লণ্ডন মেইল' বাতৰি কাকতত তেওঁৰ মৃত্যুবাৰ্তাত প্ৰকাশ পাইছিল:
ভাৰতৰ সৰ্বোচ্চ ব্ৰাহ্মণ জাতিৰ পৰা অহা তেওঁৰ পৰিয়ালে এটা দীঘলীয়া আৰু সন্দেহহীন বংশানুক্ৰম প্ৰমাণ কৰিব পাৰে। কিন্তু বহুত ভাল ভিত্তিত এই আভিজাত্যৰ বাবেই আমি এতিয়া তেওঁৰ জীৱনৰ পৰ্যালোচনা নকৰোঁ। যিয়েই নহওক, তেওঁৰ দাবীবোৰ উচ্চস্থানত আছে – তেওঁ তেওঁৰ দেশৰ হিতকাৰী আছিল... ভাৰতক লাভান্বিত কৰাৰ সম্ভাৱনা থকা প্ৰতিটো ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ উৎসাহত তেওঁ গুণাগুণৰ সাক্ষ্য দিছিল।[11]
তথ্যৰ উৎস
সম্পাদনা কৰক- ↑ https://archive.org/details/newhistoryofindi0000wolp_i0v9/page/221/mode/1up
- ↑ Thompson, E Jr. (1926), Rabindranath Tagore: Poet and Dramatist, Read, p. 12, ISBN 1-4067-8927-5, "The [Tagores] are Pirili Brahmans [sic]; that is, outcastes, as having supposedly eaten with Musalmans in a former day. No strictly orthodox Brahman would eat or inter-marry with them."
- ↑ Dutta, K.; Robinson, A. (1995). Rabindranath Tagore: The Myriad-Minded Man. Saint Martin's Press. পৃষ্ঠা. 17–18. ISBN 978-0-312-14030-4.
- ↑ James Wyburd Furrell (1882). The Tagore Family: A Memoir. K. Paul, Trench, & Company. পৃষ্ঠা. 17. https://books.google.com/books?id=h3gOAAAAQAAJ&pg=PA17। আহৰণ কৰা হৈছে: 5 April 2017.
- ↑ Chitra Deb (2018). Thakurbarir Bahirmahal. Ananda.
- ↑ Kling, Blair B. (1976). Partner in Empire: Dwarkanath Tagore and the Age of Enterprise in Eastern India. Univ of California Press. পৃষ্ঠা. 15. ISBN 0-520-02927-5. https://books.google.com/books?id=KVBKeqaYeVwC.
- ↑ Chitra Deb. Thakurbarir Andarmahal. Ananda Publishers.
- ↑ Kulke, Hermann; Rothermund, Dietmar (2004). A History of India (4th সম্পাদনা). Routledge. পৃষ্ঠা. 265. ISBN 0-415-32920-5. https://books.google.com/books?id=V73N8js5ZgAC&pg=PA265। আহৰণ কৰা হৈছে: 18 September 2011.
- ↑ Kling, Blair B. (1976). Partner in Empire: Dwarkanath Tagore and the Age of Enterprise in Eastern India. Univ of California Press. পৃষ্ঠা. 94, 101. ISBN 0-520-02927-5. https://books.google.com/books?id=KVBKeqaYeVwC.
- ↑ Wolpert, Stanley (2009). A New History of India (8th সম্পাদনা). Oxford University Press. পৃষ্ঠা. 221. ISBN 978-0-19-533756-3. https://archive.org/details/newhistoryofindi0000wolp_i0v9/page/221/mode/1up.
- ↑ Kripalani, Krishna (1981). Dwarkanath Tagore, A Forgotten Pioneer: A Life. প্ৰকাশক New Delhi, India: National Book Trust, India. পৃষ্ঠা. 246–7. ISBN 978-81-237-3488-0. https://books.google.com/books?id=yoMeAAAAMAAJ.