দ্য আছাম ট্ৰিবিউন

(দ্য আচাম ট্ৰিবিউনৰ পৰা পুনঃনিৰ্দেশিত)


দ্য আছাম ট্ৰিবিউন (ইংৰাজী: The Assam Tribune) গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত এখন দৈনিক ইংৰাজী বাতৰি কাকত। ভাৰতউত্তৰ পূৰ্বাঞ্চলত দ্য আছাম ট্ৰিবিউন-য়েই হৈছে সৰ্বাধিক প্ৰচলিত দৈনিক ইংৰাজী বাতৰি কাকত। ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে ৰাধাগোবিন্দ বৰুৱাই বাতৰি কাকতখনৰ জন্ম দিয়ে। কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল লক্ষ্মীনাথ ফুকন।[2]

দ্যা আছাম ট্ৰিবিউন
প্ৰকাৰ দৈনিক বাতৰিকাকত
ফৰমেট ডাঙৰ পৃষ্ঠা(ব্ৰডশ্বীট)
সম্পাদক প্ৰধান প্ৰফুল্ল গোবিন্দ বৰুৱা
প্ৰতিষ্ঠা ৪ আগষ্ট, ১৯৩৯[1]
ভাষা ইংৰাজী
মুখ্য কাৰ্যালয় গুৱাহাটী
ভগ্নী কাকত দৈনিক অসম
অসম বাণী
ৱেবছাইট www.assamtribune.com

প্ৰথম অৱস্থাত কেৱল গুৱাহাটীৰ পৰা প্ৰকাশিত দ্য আছাম ট্ৰিবিউন বৰ্তমান গুৱাহাটী আৰু ডিব্ৰুগড়, এই দুই ঠাইৰ পৰা একেসময়তে প্ৰকাশিত হয়। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এই কাকতখনকেই শ্ৰেষ্ঠতম বুলি বিবেচনা কৰা হয়। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ অঞ্চলত এই কাকতখনৰ বৃহৎসংখ্যক পঢ়ুৱৈ আছে।[3][4]

দ্য আছাম ট্ৰিবিউনৰ বৰ্তমানৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱা। প্ৰফুল্ল গোবিন্দ বৰুৱা ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ। দ্য আছাম ট্ৰিবিউনৰ বৰ্তমানৰ কাৰ্যবাহী সম্পাদক পি জে বৰুৱা।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Deepali Barua (1994). Urban History of India: A Case Study. Mittal Publications. পৃষ্ঠা. 127–. ISBN 978-81-7099-538-8. https://books.google.com/books?id=MzjyHi4LEQAC&pg=PA127. 
  2. "A glorious journey". The Assam Tribune. Archived from the original on 5 July 2018. https://web.archive.org/web/20180705151850/http://www.assamtribune.com/scripts/mdetails.asp?id=nov2914%2Fcity050। আহৰণ কৰা হৈছে: 5 July 2018. 
  3. "Presence of media in Assam:". Mediaware Infotech Pvt. Ltd. April 12, 2013. Archived from the original on 2013-11-18. https://web.archive.org/web/20131118063259/http://www.mediaware-infotech.com/newsletter/Assam/media1.htm। আহৰণ কৰা হৈছে: 2013-04-12. 
  4. Sumantha Rathore, afaqs!, New Delhi, (March 21, 2011). "IRS 2010 Q4: Dailies lose readers in Assam". afaqs.com. afaqs.com. http://www.afaqs.com/news/story/29999_IRS-2010-Q4:-Dailies-lose-readers-in-Assam। আহৰণ কৰা হৈছে: 2013-04-12. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

সম্পাদনা কৰক