দ্য হিন্দু হৈছে দ্য হিন্দু গ্ৰুপৰ মালিকানাধীন এখন ইংৰাজী ভাষাৰ ভাৰতীয় দৈনিক কাকত। ইয়াৰ মুখ্য কাৰ্যালয় তামিলনাডুৰ চেন্নাইত অৱস্থিত। ১৮৭৮ চনত ই সাপ্তাহিক হিচাপে আৰম্ভ হয়, আৰু ১৮৮৯ চনৰ পৰা দৈনিক কাকত হিচাপে প্ৰচলন আৰম্ভ হয়।[2] ই অভিলেখ গঢ়া ভাৰতীয় কাকতসমূহৰ ভিতৰত অন্যতম,[3][4] আৰু দ্য টাইমছ অৱ ইণ্ডিয়াৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বাধিক প্ৰচাৰিত ইংৰাজী ভাষাৰ বাতৰি কাকত। ২০১৮ চনৰ মাৰ্চ মাহলৈকে ভাৰতৰ ১১খন ৰাজ্যৰ ২১খন ঠাইৰ পৰা দ্য হিন্দু প্ৰকাশ পাইছে।

দ্য হিন্দু
প্ৰকাৰ দৈনিক কাকত
ফৰমেট বহল পৃষ্ঠা
গৰাকী
  • দ্য হিন্দু গ্ৰুপ
  • কস্তুৰী এণ্ড ছন্স্ লিমিটেড
প্ৰতিষ্ঠাপক জি সুব্ৰমণিয়া আয়াৰ
প্ৰকাশক এন ৰবি
সম্পাদক সুৰেশ নামবাথ
প্ৰতিষ্ঠা ২০ ছেপ্টেম্বৰ ১৮৭৮; ১৪৫ বছৰ আগত (1878-09-20)
ভাষা
মুখ্য কাৰ্যালয় চেন্নাই, তামিল নাডু, ভাৰত
চাৰ্কোলেচন ১,৪১৫,৭৯২ (দৈনিক)[1]
ISSN 0971-751X
OCLC নম্বৰ 13119119
ৱেবছাইট thehindu.com

১৯০৫ চনত এছ কস্তুৰী ৰংগ আয়েংগাৰে দ্য হিন্দুক মূল প্ৰতিষ্ঠাপকসকলৰ পৰা ক্ৰয় কৰাৰ পাছৰে পৰা ই এখন পৰিয়াল-চালিত কাকত হিচাপে পৰিগণিত হৈ আহিছে। এতিয়া আয়েংগাৰৰ বংশধৰসকলৰ হাতত যৌথভাৱে ইয়াৰ মালিকীস্বত্ব আছে। "কস্তুৰী পৰিয়াল" বুলি পৰিচিত আয়েংগাৰৰ বংশধৰসকলে কোম্পানীটোৰ পৰিচালক হিচাপে কাম কৰে। এই গোটটোৰ বৰ্তমানৰ অধ্যক্ষ হৈছে আয়েংগাৰৰ প্ৰপৌত্ৰী মালিনী পাৰ্থসাৰথি।[5] এছ. ৱৰদৰাজনে কাকতখনৰ সম্পাদনাৰ দায়িত্ব লোৱা প্ৰায় দুটা বছৰ বাদ দিলে আন সকলো সময়ত কাকতখনৰ সম্পাদকীয় পদবোৰ পৰিয়ালৰ সদস্যৰ হাতত আছিল বা তেওঁলোকৰ নিৰ্দেশনাত চলিছিল।[6]

ইতিহাস সম্পাদনা কৰক

প্ৰাৰম্ভিক বছৰসমূহ সম্পাদনা কৰক

১৮৭৮ চনৰ ২০ ছেপ্টেম্বৰত মাদ্ৰাজত চাৰিজন আইন ছাত্ৰ আৰু দুজন শিক্ষকৰে গঠিত ট্ৰিপ্লিকেন ছিক্স নামেৰে জনাজাত এটা গোটৰ যোগেৰে এখন সাপ্তাহিক কাকত হিচাপে দ্য হিন্দুৱে প্ৰতিষ্ঠা লাভ কৰিছিল। সেই ছাত্ৰকেইজন আছিল-  টি.টি. ৰংগাচাৰ্য্য, পি. ভি. ৰংগাচাৰ্য্য, ডি. কেশৱ ৰাও পণ্টুলু, এন. চুব্বাৰাও পণ্টুলু, আৰু তেওঁলোকক নেতৃত্ব দিছিল জি. সুব্ৰমনিয়া আয়াৰ (তাঞ্জোৰ জিলাৰ এগৰাকী বিদ্যালয়ৰ শিক্ষক) আৰু পাচাইয়াপ্পা মহাবিদ্যালয়ৰ প্ৰবক্তা এম. বীৰাৰাঘৱচাৰ্য্যই।[7] মাদ্ৰাজ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ পদৰ বাবে ছাৰ টি মুথুস্বামী আয়াৰৰ প্ৰচাৰ অভিযানক সমৰ্থন কৰাৰ বাবে আৰু এংলো-ইণ্ডিয়ান প্ৰেছে তেওঁৰ বিৰুদ্ধে চলোৱা প্ৰচাৰক প্ৰতিহত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা দ্য হিন্দু আছিল ব্ৰিটিছ ৰাজৰ নীতিসমূহৰ প্ৰতিবাদৰ বাবে স্থাপিত সেই সময়ৰ অন্যতম কাকত। উদ্বোধনী সংখ্যাৰ প্ৰায় ১০০ কপি জৰ্জটাউনৰ শ্ৰীনিধি প্ৰেছত ঋণ লোৱা এটা টকা আৰু বাৰ অনা ধনেৰে ছপা কৰা হৈছিল। সুব্ৰমণিয়া আয়াৰ কাকতখনৰ প্ৰথম সম্পাদক আৰু বীৰ ৰাঘৱাচাৰ্য্য প্ৰথম পৰিচালন সঞ্চালক হৈছিল।

প্ৰথমতে শ্ৰীনিধি প্ৰেছৰ পৰা এই কাগজখন ছপা কৰা হৈছিল যদিও পিছলৈ স্কটিছ প্ৰেছলৈ স্থানান্তৰ কৰা হয়। তাৰ পিছত পুনৰ মাইলাপ'ৰৰ দ্য হিন্দু প্ৰেছলৈ স্থানান্তৰ কৰা হয়। সাপ্তাহিক কাকত হিচাপে আৰম্ভ হোৱা এই কাকতখন ১৮৮৩ চনত ত্ৰি-সাপ্তাহিক, আৰু ১৮৮৯ চনত সন্ধিয়া প্ৰকাশিত দৈনিক কাকত হৈ পৰে।কাকতখনৰ এটা কপিৰ মূল্য আছিল চাৰি অনা। ১৮৮৩ চনৰ ৩ ডিচেম্বৰত কাৰ্যালয়সমূহ ১০০ মাউণ্ট ৰোডৰ ভাড়াতীয়া চৌহদলৈ স্থানান্তৰ কৰা হয়। ৰাজহুৱা গ্ৰাহক সেৱা আৰম্ভ হোৱা নাছিল বাবে ঋণ লোৱা মূলধনেৰে স্থাপন কৰা "দ্য নেচনেল প্ৰেছ" নামৰ নিজা ছপাশালত কাকতখনৰ ছপা আৰম্ভ হৈছিল। ১৮৯২ চনত এই ভৱনটো দ্য হিন্দুৰ নিজা হৈ পৰিছিল, যেতিয়া ভিজিয়ানাগৰমৰ মহাৰাজ পুছাপতি আনন্দ গজাপতি ৰাজুৱে দ্য নেচনেল প্ৰেছক এই ভৱনটোৰ বাবে আৰু প্ৰয়োজনীয় সম্প্ৰসাৰণৰ বাবে ঋণ যোগান ধৰিছিল। ১৮৮৭ চনত যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন মাদ্ৰাজত অনুষ্ঠিত হয়, তেতিয়াৰ পৰা কাকতখনত ৰাষ্ট্ৰীয় বাতৰিৰ প্ৰচাৰ যথেষ্ট বৃদ্ধি পায়। ইয়াৰ ফলত ১৮৮৯ চনৰ ১ এপ্ৰিলৰ পৰা কাকতখন এখন সন্ধিয়াৰ দৈনিক কাকত হিচাপে প্ৰচলন আৰম্ভ হৈছিল।

কস্তুৰী পৰিয়াল সম্পাদনা কৰক

১৮৯৮ চনৰ অক্টোবৰ মাহত বীৰৰাঘৱচাৰিয়াৰ আৰু সুব্ৰমণিয়া আয়াৰৰ মাজত থকা অংশীদাৰিত্ব ভংগ হৈছিল। আয়াৰে কাকতখন ত্যাগ কৰিছিল আৰু বীৰৰাঘৱচাৰিয়াৰ একমাত্ৰ মালিক হৈ পৰিছিল। তেওঁ চি কৰুণাকাৰ মেননক সম্পাদক হিচাপে নিযুক্তি দিছিল। কিন্তু কুৰি শতিকাৰ আৰম্ভণিৰ পৰা দ্য হিন্দুৰ দুঃসাহসিকতা হ্ৰাস পাবলৈ ধৰিলে, আৰু ইয়াৰ প্ৰচলনো হ্ৰাস পাবলৈ ধৰিলে। ইয়াৰ প্ৰচলন সংখ্যা ৮০০ কপিলৈ হ্ৰাস পোৱাৰ সময়ত একমাত্ৰ মালিকজনে কাকতখন বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল। ক্ৰেতাজন আছিল ১৮৯৫ চনৰ দ্য হিন্দুৰ আইনী উপদেষ্টা এছ কস্তুৰী ৰংগ আয়েংগাৰ।[8] আয়েংগাৰ এজন ৰাজনৈতিকভাৱে অভিলাষী অধিবক্তা আছিল, যিয়ে কৰ্মসূত্ৰে কুম্বকোনামৰ গাঁৱৰ পৰা কইম্বাটুৰলৈ, আৰু তাৰ পৰা মাদ্ৰাজলৈ প্ৰব্ৰজন কৰিছিল। ১৯২৩ চনত আয়েংগাৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ কস্তুৰী শ্ৰীনিবাসন দ্য হিন্দুৰ পৰিচালন সম্পাদক, আৰু ১৯৩৪ চনৰ ফেব্ৰুৱাৰী মাহত মুখ্য সম্পাদক হৈছিল। কস্তুৰী ৰংগ আয়েংগাৰৰ বংশধৰ কস্তুৰী পৰিয়ালে তেতিয়াৰ পৰা কোম্পানীটোৰ মালিকীস্বত্ব নিজৰ অধীনত ৰাখিছে, আৰু কাকতখনৰ জীৱনকালৰ অধিকাংশ সময় ধৰি শীৰ্ষ সম্পাদকীয় পদসমূহত অধিস্থিত হৈ আহিছে।

যুটীয়া পৰিচালন সঞ্চালক এন মুৰালীয়ে ২০০৩ চনৰ জুলাই মাহত কৈছিল, "এয়া সঁচা যে আমাৰ পাঠকসকলে আমাৰ কিছুমান প্ৰতিবেদন আংশিক আৰু বস্তুনিষ্ঠতাৰ অভাৱ বুলি অভিযোগ কৰি আহিছে। কিন্তু ই পাঠকৰ বিশ্বাসৰ ওপৰতো নিৰ্ভৰ কৰে।"[9] ২৭ জুন ২০০৩ চনত "বাতৰি আৰু মতামতসমূহত গুণগত মান আৰু বস্তুনিষ্ঠতা ৰক্ষা আৰু শক্তিশালী কৰাৰ বাবে গাঁথনি আৰু অন্যান্য ব্যৱস্থাসমূহ উন্নত কৰা"ৰ দায়িত্বৰ সৈতে এন ৰামক মুখ্য সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ "প্ৰতিযোগিতামূলক পৰিৱেশৰ সৈতে সংগতি ৰাখি সম্পাদনা কাঠামো আৰু কাৰ্য্যসমূহ পুনৰ্গঠন কৰা"ৰ বাবে কৰ্তৃত্ব লাভ কৰিছিল।[10] ২০০৩ চনৰ ৩ আৰু ২৩ ছেপ্টেম্বৰত পাঠকৰ চিঠিৰ স্তম্ভত সম্পাদকীয় লেখাসমূহ পক্ষপাতমূলক বুলি পাঠকৰ পৰা সঁহাৰি পোৱা গৈছিল।[11][12] ২০০৩ চনৰ আগষ্ট মাহত এটা সম্পাদকীয়ত পৰ্যবেক্ষণ কৰা হৈছিল যে কাকতখন ‘সংবাদ প্ৰতিবেদন হিচাপে সম্পাদনাকৰণ’ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে; আৰু এই ধাৰাটোক প্ৰতিৰোধ কৰা, পেছাদাৰী সুস্থ সীমাৰেখা পুনৰুদ্ধাৰ কৰা, আৰু কাকতখনৰ দ্বাৰা প্ৰচাৰিত সংবাদসমূহত বস্তুনিষ্ঠতা আৰু বাস্তৱতা শক্তিশালী কৰাৰ বাবে এক সংকল্প প্ৰকাশ কৰিছিল।[13]

পৰিচালনা সম্পাদনা কৰক

বিগত সময়ছোৱাত কস্তুৰী ৰংগ আয়েংগাৰ পৰিয়ালে সাধাৰণতে সম্পাদনা আৰু ব্যৱসায়িক কাৰ্য্যকলাপৰ লগতে পৰিষদতো তেওঁলোকৰ উপস্থিতিৰ জৰিয়তে দ্য হিন্দু চলাই আহিছে। ১৯৬৫ চনৰ পৰা ১৯৯১ চনলৈ জি কস্তুৰী, ১৯৯১ চনৰ পৰা ২০০৩ চনলৈ এন ৰবি, আৰু ২০০৩ চনৰ ২৭ জুনৰ পৰা ২০১১ চনৰ ১৮ জানুৱাৰীলৈকে তেওঁৰ ভাতৃ এন ৰামে কাকতখনৰ মুৰব্বীৰ দায়িত্ব পালন কৰিছিল।[14]

২০১০ চনৰ তথ্যমতে, কস্তুৰী এণ্ড ছন্সৰ পৰিষদত ১২ গৰাকী পৰিচালক আছে।[15]

সম্পাদকসকল সম্পাদনা কৰক

 
দ্য হিন্দুৰ মুখ্য কাৰ্য্যালয় কস্তুৰী বিল্ডিংছৰ সন্মুখভাগৰ দৃশ্য
  • জি সুব্ৰমণিয়া আয়াৰ (১৮৭৮–১৮৯৮)
  • চি কৰুণাকাৰ মেনন (১৮৯৮–১৯০৫)
  • এছ কস্তুৰী ৰংগ আয়েংগাৰ (১৯০৫–১৯২৩)
  • এছ ৰংগস্বামী আয়েংগাৰ (১৯২৩–১৯২৬)
  • কে শ্ৰীনিবাসন (১৯২৬–১৯২৮)
  • এ ৰংগস্বামী আয়েংগৰ (১৯২৮–১৯৩৪)
  • কে শ্ৰীনিবাসন (১৯৩৪–১৯৫৯)
  • এছ পাৰ্থসাৰথি (১৯৫৯–১৯৬৫)
  • জি কস্তুৰী (১৯৬৫–১৯৯১)
  • এন ৰবি (১৯৯১–২০০৩)
  • এন ৰাম (২০০৩–২০১২)
  • সিদ্ধাৰ্থ বৰডৰাজন (২০১২–২০১৩)[16][17]
  • এন ৰবি (২০১৩–২০১৫)[18]
  • মালিনী পাৰ্থসাৰথি (২০১৫–২০১৬)[19][20]
  • মুকুন্দ পদ্মনাভন (২০১৬–২০১৯)[21]
  • সুৰেশ নাম্বাথ (২০১৯–বৰ্তমান)[22]

অনলাইন উপস্থিতি সম্পাদনা কৰক

১৯৯৫ চনত দ্য হিন্দুৰ ৱেবছাইট মুকলি কৰা হৈছিল। দ্য হিন্দু আছিল ৱেবছাইট মুকলি কৰা ভাৰতৰ প্ৰথমখন সংবাদ পত্ৰ।[23]

২০০৯ চনৰ ১৫ আগষ্টত ১৩০ বছৰীয়া কাকতখনে ইয়াৰ পুনৰ্নিৰ্মিত ৱেবছাইটৰ বিটা সংস্কৰণ beta.thehindu.com যোগে মুকলি কৰে। ৱেবছাইটটো মুকলি কৰাৰ পিছত এইটোৱেই আছিল ইয়াৰ প্ৰথম পুনৰ নিৰ্মাণ। ২০১০ চনৰ ২৪ জুনত ৱেবছাইটটোৰ বিটা সংস্কৰণ www.thehindu.co.in ত সম্পূৰ্ণৰূপে মুকলি হয়।[24]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Highest Circulated daily Newspapers (language wise)". Audit Bureau of Circulations. http://www.auditbureau.org/files/JD%202019%20Highest%20Circulated%20(across%20languages).pdf। আহৰণ কৰা হৈছে: 5 January 2020. 
  2. "About Us News". The Hindu. http://www.thehindu.com/aboutus/। আহৰণ কৰা হৈছে: 15 May 2018. 
  3. Drèze, Jean; Sen, Amartya (21 February 1991). The Political Economy of Hunger: Volume 1: Entitlement and Well-being. Clarendon Press. ISBN 9780191544460. https://books.google.com/books?id=BkhHC6AgRrgC&q=%22newspaper+of+record%22+%22the+hindu%22+-thehindu.com&pg=PA163. 
  4. Bald, Vivek; Chatterji, Miabi; Reddy, Sujani; Vimalassery, Manu (22 July 2013). The Sun Never Sets: South Asian Migrants in an Age of U.S. Power. NYU Press. ISBN 978-0814786437. https://books.google.com/books?id=OSW8fg7zr8gC&q=%22newspaper+of+record%22+%22the+hindu%22&pg=PA185. 
  5. Arun Ram (14 July 2003), "N.Ram's appointment as first editor-in-chief of The Hindu trigger rumors about family rift", India Today, https://www.indiatoday.in/magazine/society-the-arts/media/story/20030714-n-ram-appointed-editor-of-the-hindu-newspaper-by-kasturi-and-sons-board-792437-2003-07-14, "The Hindu Group of Publications is family owned (Kasturi & Sons) and the shares are held equally (25 per cent) by broadly four groups of the progenies of K. Gopalan and K. Sreenivasan (sons of S. Kasturi Ranga Iyengar)." 
  6. Konikkara & Nileena 2021, "The Hindu was wholly the possession of the Kasturi family by this time. After Kasturi Ranga Iyengar’s death, in 1923, the editorship was passed on to family members.... In mid 2011, Varadarajan became the first person from outside the family to hold the role in the newspaper’s history... Besides being chairperson, Parthasarathy is also the director of editorial strategy for The Hindu."
  7. Ramnath, M.S.; Jayshankar, Mitu (22 April 2010). "The Hindu board room becomes a battlefield". Forbes India. Archived from the original on 22 June 2019. https://web.archive.org/web/20190622154613/http://www.forbesindia.com/article/boardroom/the-hindu-board-room-becomes-battlefield/12462/0. 
  8. "Navigation News - Frontline". http://www.frontline.in/navigation/?type=static&page=flonnet&rdurl=fl2020/stories/20031010005512800.htm. 
  9. Venkatachari Jagannathan (1 July 2003). "Change of guard". domain-b.com. http://www.domain-b.com/companies/companies_k/kasturi_sons/20030701_change_of_guard.htm. 
  10. "The job of a reporter is to write news, not to comment". 11 November 2005. Archived from the original on 17 March 2006. https://web.archive.org/web/20060317091805/http://www.prdomain.com/feature/feature_details.asp?id=119&area=J&typ=A। আহৰণ কৰা হৈছে: 20 April 2006.  An interview with N. Ram, editor-in-chief of The Hindu
  11. "Opinion – Letters to the Editor". 3 September 2003. Archived from the original on 10 March 2007. https://web.archive.org/web/20070310174924/http://www.hinduonnet.com/2003/09/03/stories/2003090302701002.htm. 
  12. "Opinion – Letters to the Editor". 23 September 2003. Archived from the original on 10 March 2007. https://web.archive.org/web/20070310174944/http://www.hinduonnet.com/2003/09/23/stories/2003092300861002.htm। আহৰণ কৰা হৈছে: 20 August 2022. 
  13. "The Hindu". 27 August 2003. Archived from the original on 10 March 2007. https://web.archive.org/web/20070310174913/http://www.hinduonnet.com/2003/08/27/stories/2003082700621000.htm. 
  14. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Outlook 2010 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  15. Archna Shukla (25 March 2010). "Battle for control breaks out in The Hindu very divided family". The Indian Express. http://www.indianexpress.com/news/battleforcontrolbreaksoutinthehinduverydividedfamily/595373/0. 
  16. "N. Ram to step down as editor-in-chief of The Hindu". http://www.livemint.com/2012/01/09180625/N-Ram-to-step-down-as-editor.html. 
  17. "Siddharth on Twitter". Twitter. https://twitter.com/svaradarajan/status/392258645586493440। আহৰণ কৰা হৈছে: 14 May 2016. 
  18. "Changes at the Helm: Editorial and Business". The Hindu (Chennai, India). 21 October 2013. http://www.thehindu.com/news/national/changes-at-the-helm-editorial-and-business/article5257829.ece?homepage=true. 
  19. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; ReferenceC নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  20. "Malini Parthasarathy is the Editor of The Hindu". The Hindu. 20 January 2015. http://www.thehindu.com/news/national/change-at-the-helm-at-the-hindu/article6805809.ece. 
  21. "Mukund Padmanabhan is Editor of The Hindu; Raghavan Srinivasan becomes Business Line Editor". The Hindu. 23 March 2016. http://www.thehindu.com/news/mukund-padmanabhan-is-editor-of-the-hindu-raghavan-srinivasan-becomes-business-line-editor/article8390017.ece?homepage=true. 
  22. "Editorial transition". The Hindu. March 2019. https://www.thehindu.com/news/national/editorial-transition/article26401002.ece. 
  23. "In its 20th year, The Hindu website wins major award". The Hindu. 26 February 2015. https://www.thehindu.com/news/national/in-its-20-year-the-hindu-website-wins-major-award/article6937451.ece. 
  24. "Our new website goes fully live on 29 June". The Hindu. 23 June 2010. Archived from the original on 26 June 2010. https://web.archive.org/web/20100626110341/http://www.hindu.com/2010/06/23/stories/2010062362190100.htm.