ধঁপাত
ধঁপাত (ইংৰাজী: Tobacco) হৈছে ধঁপাত গছৰ পাত সংৰক্ষণ কৰি তৈয়াৰ কৰা এক প্ৰকাৰৰ দ্ৰব্য। ধঁপাত গছৰ আদি নিবাস উত্তৰ আৰু দক্ষিণ আমেৰিকা। ধঁপাত গছৰ শুকান পাতক ধঁপাত বোলা হয়। ধঁপাত গছ ১২-১৮ ইঞ্চি ওখ হয়। ধঁপাত এবিধ নিচাজাতীয় পদাৰ্থ। ধঁপাত চিগাৰেট, বিড়ি, চুৰট, হোকা, আদি বিভিন্ন পদ্ধতিৰ দ্বাৰা ধুমপান কৰা হয়। ধুমপানৰ উপৰিও ধঁপাত বিভিন্ন প্ৰকাৰে সেৱন কৰা হয়, যেনে চোবাই (জৰ্দা, ছাদা, হিচাপে পান বা তামোলৰ লগত খোৱা হয়), ওঠৰ ফাঁকত গুঁজি (যেনে খৈনি), বা নাকত ভৰাই (নসি)।
ধঁপাতৰ মূল নিচাজাতীয় উপাদান হৈছে নিক'টিন। নিক'টিন এক প্ৰকাৰৰ স্নায়ুবিষ (নিউৰ'টক্সিন), যি এক ধৰণৰ এচিটাইলক'লিন সংগ্ৰাহকৰ ওপৰত কাৰ্য কৰে। কিন্তু ধঁপাতৰ ধোৱাত নিক'টিনৰ বাদেও নানা কেঞ্চাৰসৃষ্টিকাৰী পদাৰ্থ থাকে, যেনে বেঞ্জ'পাইৰিণ ইত্যাদি বহুচক্ৰী এৰ'মেটিক যৌগ। ধঁপাত অত্যন্ত বিষাক্ত পদাৰ্থ, এটা চিগাৰেটত যিমানখিনি ধঁপাত থাকে, সেইখিনি যদি প্ৰত্যক্ষভাৱে শৰীৰত প্ৰৱেশ কৰে, তেন্তে দ্ৰুত মৃত্যু অনিবাৰ্য। ধুমপানৰ ফলত ধীৰে ধীৰে আয়ু কমি আহি থাকে। কেৱল কেঞ্চাৰৰ প্ৰৱণতাই নহয়, ইয়াক হৃদৰোগৰ কাৰক বুলি গণ্য কৰা হয়।
নামকৰণসম্পাদনা কৰক
ধঁপাতৰ ইংৰাজী ‘Tobacco’ শব্দটো স্পেনিছ "tabaco" শব্দৰ পৰা আহৰণ কৰা হৈছে।[1] ইয়াক, ১৪১০ চনলৈকে এক ধৰণৰ স্পেনিছ আৰু ইটালিয়ান শব্দ ঔষধি উদ্ভিদ বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। [2]
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ধঁপাত প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
চিত্ৰ আৰু মিডিয়া কমন্সত | |
মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
বা-বাতৰি ৱিকিসংবাদত | |
উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
কিতাপ, লিখনি আদি ৱিকিউৎসত | |
পাঠ্যপুথি ৱিকিগ্ৰন্থত |
- International Tobacco Growers' Association
- Natural Resources Conservation Service Plant Sheet - Wild tobacco
- Ottoman Back Archives and Research Centre
- Questions on European Union partial ban on some smokeless tobacco products (i.e. snus)
- Scientists Search for Healthy Uses for Tobacco
- Timeline of tobacco history
- The European tobacco growers website
- The Legacy Tobacco Documents Library
- UCSF Tobacco Industry Videos Collection
- CDC - Smoking and Tobacco Use Fact Sheet
- TobReg - WHO Study Group on Tobacco Product Regulation
- - Statistics and general information about the effects of secondhand-smoke
- Medicinal history http://www.ncbi.nlm.nih.gov/pmc/articles/PMC1079499