উত্তৰ আমেৰিকা
উত্তৰ আমেৰিকা (ইংৰাজী: North America; স্পেনীছ: América del Norte বা Norteamérica; ফৰাচী: Amérique du Nord; ওলন্দাজ: Noord-Amerika; পাপিয়ামেন্টো: Nort Amerika; গ্ৰীণলেণ্ডিক: Amerika Avannarleq) পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ।[3] মহাদেশখন পৃথিৱীৰ উত্তৰ আৰু পশ্চিম গোলাৰ্ধত অৱস্থিত। ইয়াৰ উত্তৰত উত্তৰ মহাসাগৰ, পূৱত উত্তৰ আটলাণ্টিক মহাসাগৰ, দক্ষিণ-পূৱত কেৰিবীয় সাগৰ, আৰু দক্ষিণ আৰু পশ্চিমৰ প্ৰশান্ত মহাসাগৰ অৱস্থিত। ইয়াৰ দক্ষিণ-পূৱত দক্ষিণ আমেৰিকা মহাদেশে অৱস্থান কৰিছে। উত্তৰ আমেৰিকাৰ মাটিকালি ২,৪৭,০৯,০০০ বৰ্গ কিমি, যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ৪.৮% আৰু ভূ-ভাগৰ ১৬.৫%। ২০০৮ চনৰ পিয়ল অনুসৰি এই মহাদেশৰ জনসংখ্যা হৈছে প্ৰায় ৫২ কোটি। মাটিকালিৰ দিশৰ পৰা উত্তৰ আমেৰিকা এছিয়া আৰু আফ্ৰিকা মহাদেশৰ পাছতে তৃতীয় বৃহত্তম আৰু জনসংখ্যাৰ ফালৰপৰা এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ পাছতে চতুৰ্থ বৃহত্তম মহাদেশ। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজী: The Americas) বুলা হয়।
![]() | |
মাটিকালি | 24,709,000 km2 (9,540,000 sq mi) |
---|---|
জনসংখ্যা | 528,720,588 (2008, চতুৰ্থ) |
জনঘনত্ব | 22.9/km2 (59.3/sq mi)[1] |
বাসিন্দা | উত্তৰ আমেৰিকান, আমেৰিকান[2] |
দেশসমূহ | 23 (তালিকা) |
অধীনস্থ অঞ্চলসমূহ | 25 (তালিকা) |
ভাষাসমূহ | ইংৰাজী, স্পেনিছ, ফৰাচী, গ্ৰীণলেণ্ডিক আৰু বহুতো |
সময় অঞ্চলসমূহ | UTC-10 ৰ পৰা UTC±0 লৈ |
বৃহত্তম নগৰসমূহ | তালিকা |
ৰাষ্ট্ৰসমূহসম্পাদনা কৰক
অঞ্চলসমূহসম্পাদনা কৰক
এই অংশত সাৰ্বভৌমত্ব নথকা, কিন্তু ওপৰত উল্লিখিত ৰাষ্ট্ৰসমূহৰ অংশ নোহোৱা অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
পৰাধীন অঞ্চলসম্পাদনা কৰক
|
|
আন অঞ্চলসম্পাদনা কৰক
চহৰসমূহসম্পাদনা কৰক
জনসংখ্যা অনুসৰি উত্তৰ আমেৰিকাৰ বৃহত্তম নগৰসমূহ:
- মেক্সিকো চহৰ (মেক্সিকো)
- নিউয়ৰ্ক (আমেৰিকা যুক্তৰাষ্ট্ৰ)
- লচ এঞ্জেলচ (আমেৰিকা যুক্তৰাষ্ট্ৰ)
- চেণ্টো ডমিংগো (ডোমেনিকান প্ৰজাতন্ত্ৰ)
- চিকাগো (আমেৰিকা যুক্তৰাষ্ট্ৰ)
- টৰোণ্টো (কানাডা)
- হাভানা (কিউবা)
- হিউষ্টন (আমেৰিকা যুক্তৰাষ্ট্ৰ)
- মণ্টৰিয়েল (কানাডা)
- এক্টেপেক দি মৰেলোচ (মেক্সিকো)
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ উত্তৰ আমেৰিকাৰ এই জনঘনত্ব ইয়াৰ কেবল স্থলভাগ 23,090,542 km2 -ক বিবেচনা কৰি গণনা কৰা হৈছে।
- ↑ "American". Merriam-webster.com. http://www.merriam-webster.com/dictionary/American। আহৰণ কৰা হৈছে: 2011-10-31.
- ↑ "United Nations Statistics Division- Standard Country and Area Codes Classifications (M49)". United Nations Statistics Division. http://unstats.un.org/unsd/methods/m49/m49regin.htm#ftnb.
বহিঃসংযোগসম্পাদনা কৰক
- UN Statistics Division: Composition of macro geographical (continental) regions, geographical sub-regions, and selected economic and other groupings
- GeoHive: The population of continents, regions and countries
- Houghton Mifflin Company, "North America"
- Council on Hemispheric Affairs
- Consortium for North American Higher Education Collaboration
- Crystal Reference Encyclopedia, "North America"