ধীৰেন্দ্ৰ নাথ দত্ত (ইংৰাজী: Dhirendra nath Dutta) (১৯১২- ১৯৭২) অসমৰ এজন প্ৰগতিশীল কবিতাৰ বাটকটীয়া কবি। কৃষক,বনুৱা আদি শ্ৰম জীৱী লোকৰ প্ৰতি সহানুভূতি তেওঁৰ কবিতাৰ ঘাই বৈশিষ্ট্য।[1]

ধীৰেন্দ্ৰ নাথ দত্ত
জন্ম ১৯১২
গোলাঘাট কৰুণাটিং বাগিচাত
মৃত্যু অক্টোবৰ ২২, ১৯৭২
যোৰহাট
পেচা কবি
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি কাঠমিস্ত্ৰীৰ ঘৰ

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

ধীৰেন্দ্ৰ নাথ দত্তই গোলাঘাট কৰুণাটিং বাগিচাত১৯১২ চনত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতাক আছিল শৰৎ চন্দ দও আৰু মাক নয়নতৰা।ধীৰেন্দ্ৰ নাথ দত্তৰ দেউতাকৰ ঘৰ আছিল বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত। তাৰপৰা আহি তেওঁ গোলাঘাটত নিগাজিকৈ‌ থাকিবলৈ লয়।তেওঁ দেৰগাঁও হাইস্কুলত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই আনুষ্ঠানিক শিক্ষা সাং কৰে আৰু ঘৰুৱাভাৱে পঢ়িবলৈ লয়।[2]

কৰ্মজীৱন সম্পাদনা কৰক

দেশ আৰু জাতীৰ প্ৰতি থকা সেৱাৰ মনোভাবৰ বাবেই দওই ১৯২৮ চনত সক্ৰিয়ভাবে দেশৰ কামত জপিয়াই পৰে।তেওঁ দুবাৰ জেলতো থাকিব লগা হয়।দহ বছৰ মান আন্দোলনৰ কামত লগাৰ পিছত তেওঁ সাম্যবাদৰ প্ৰতি আকৃষ্ট হয়।জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদশ অনুসৰি আপোচহীনভাৱে কৃষক তথা বনুৱাৰ হকে কাম কৰি যায়।[3]

কবিতা সংকলন সম্পাদনা কৰক

  • অভিযান(১৯৩৬)
  • কাঠমিস্ত্ৰীৰ ঘৰ[4]

মৃত্যু সম্পাদনা কৰক

২২ অক্টোবৰ ১৯৭২ চনত যোৰহাট অসামৰিক চিকিৎসালয়ত ৰক্তক্ষয় ৰোগত কবি ধীৰেন্দ্ৰ নাথ দত্তৰ মৃত্যু হয়।[5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. অসমীয়া কবি‌ আৰু কবিতা,কৰবী ডেকা হাজৰিকা,দ্বিতীয় প্ৰকাশ,২০১১পৃষ্ঠা নং:১১১
  2. সাহিত্য সৌৰভ,পঞ্চম প্ৰকাশ ২০১৬পৃষ্ঠা নং:১১৮
  3. সাহিত্য সৌৰভ,পঞ্চম প্ৰকাশ ২০১৬পৃষ্ঠা নং:১১৮
  4. অসমীয়া কবি‌ আৰু কবিতা,কৰবী ডেকা হাজৰিকা,দ্বিতীয় প্ৰকাশ,২০১১পৃষ্ঠা নং:১১১
  5. অসমীয়া কবি‌ আৰু কবিতা,কৰবী ডেকা হাজৰিকা,দ্বিতীয় প্ৰকাশ,২০১১পৃষ্ঠা নং:১১১