ধ্ৰুৱ ৰাথী

ভাৰতীয় ইউটিউবাৰ

ধ্ৰুৱ ৰাথী(ইংৰাজী: Dhruv Rathee) হৈছে এগৰাকী ভাৰতীয় ইউটিউবাৰ আৰু ছ'ছিয়েল মিডিয়াৰ সমাজকৰ্মী।[3]তেওঁ ৰাজনৈতিক ভাষ্যকাৰ হিচাপে জনাজাত।[4][5][6][7]

ধ্ৰুৱ ৰাথী
ব্যক্তিগত তথ্য
জীৱিকা ইউ টিউবাৰ[1]
ধৰ্ম হিন্দু নাস্তিকতা, হিন্দু[2]
ৱেবপৃষ্ঠা dhruvrathee.com
ইউটিউবৰ তথ্য
চেনেলসমূহ Dhruv Rathee
Dhruv Rathee Vlogs
অৱস্থান জাৰ্মানী
চাবস্ক্ৰাইবাৰৰ সংখ্যা Dhruv Rathee: 4.২১ মিলিয়ন
Dhruv Rathee Vlogs: ৫,১৮,০০০
১,০০,০০০ চাবস্ক্ৰাইবাৰ
১০,০০,০০০ চাবস্ক্ৰাইবাৰ

শিক্ষা সম্পাদনা কৰক

ধ্ৰুৱ ৰাথীয়ে হাৰিয়ানাৰ পৰা নিজৰ স্কুলীয়া শিক্ষা সমাপ্ত কৰে। পৰৱৰ্তী সময়ত তেওঁ জাৰ্মানীৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী অৰ্জন কৰে। জাৰ্মানীৰ পৰা তেওঁ পুনৰ-নৱীকৰণৰ শক্তিতো স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।[8][2]

কৰ্মজীৱন সম্পাদনা কৰক

২০১৪ চনত ধ্ৰৱ ৰাথীয়ে নিজৰ চেনেলত এটা মিউজিক ভিডিঅ' মুকলি কৰে। ভিডিঅ'টোৰ নাম আছিল-"BJP Exposed: Lies Behind The Bullshit"(। ) এই ভিডিঅ'টো তেওঁ নৰেন্দ্ৰ মোদীৰ চৰকাৰক উদ্দেশ্যি নিৰ্মাণ কৰিছিল। ২০১৬ চনত ৰাথীয়ে অনলাইনত নিজৰ স্থিতি দৃশ্যমান কৰি তোলে। সেই সময়ত অজয় ছেহৰাৱট নামৰ ইউ টিউবাৰজনে অৰবিন্দ কেজৰিৱালৰ "দুৰ্বল প্ৰশাসন-ব্যৱস্থাৰ" বিৰুদ্ধে মন্তব্য কৰিছিল। ৰাথীয়ে কৈছিল যে- "যেতিয়া অজয় ছেহৰাৱটৰ ভিডিঅ'টোত থকা তথ্যসমূহৰ সত্যতা নিৰ্ণয় নকৰাকৈ বহুতো মানুহে ভিডিঅ'টো শ্বেয়াৰ কৰিছিল, তেতিয়া মই প্ৰকৃত অনুসন্ধানৰ জৰিয়তে সত্যক সমুখলৈ অনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলোঁ। " (When I saw people sharing Ajay Sehrawat’s videos without checking the facts, I realised the need to present actual research in front of them so that they understand the truth." ৰাথীয়ে ভাৰতীয় জনতা পাৰ্টি আৰু তেওঁলোকৰ প্ৰশাসনযন্ত্ৰটোক উদ্দেশ্যি নিজৰ সমালোচনা অব্যাহত ৰাখে, কিন্তু কেজৰিৱালৰ চৰকাৰৰ কৰ্মব্যৱস্থাক স্বীকৃতি দিয়ে।[9]

২০১৬ চনৰ উৰী আক্ৰমণ, ২০১৬ চনৰ ভাৰতীয় বিমুদ্ৰাকৰণ আদিকে ধৰি একাধিক ৰাজনৈতিক বিষয়ত ৰাথীয়ে তথ্যনিৰ্ভৰ ভিডিঅ' ধাৰাবাহিকভাৱে নিজৰ চেনেলত মুক্তি দি থাকে। "ফেক নিউজ"ক কটাক্ষ কৰাৰ উদ্দেশ্যে তেওঁ পি নিউজ নামৰ আন এটা ব্যংগধৰ্মী অনুষ্ঠানো আৰম্ভ কৰে। এই অনুষ্ঠানত তেওঁ বিজেপি আৰু হিন্দুত্ববাদী ৰাজনীতিক সমালোচনা কৰে। তেওঁ দ্য ধ্ৰুৱ ৰাথী শ্বো নামৰ আন এটা চিৰিজ আৰম্ভ কৰে, য'ত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিশ্লেষণাত্মক সমালোচনা আগবঢ়াই যায়।[9]

২০১৭ চনৰ পৰা তেওঁ দ্য প্ৰিণ্টত মন্তব্যনিৰ্ভৰ স্তম্ভ লিখি আহিছে।[10]

ভাষ্য সম্পাদনা কৰক

২০২০ চনৰ মাৰ্চ মাহত, ৰাথীয়ে দাবী তোলে যে, মোদীয়ে আদানী গ্ৰুপক ১,৭০,০০০ হেক্টৰ ঘন অৰণ্যৰ মাটি বিক্ৰী কৰিছে।[11]

২০২০ চনৰ জুন মাহৰ এটা ভিডিঅ'ত ৰাথীয়ে "ব্লেক লাউভছ মেটাৰ" আন্দোলনটোক পক্ষপাতিত্বমূলক বুলি আখ্যা দিয়ে আৰু এই আন্দোলনে কৃষ্ণাংগসকলক অগ্ৰাধিকাৰ দিছে বুলি মন্তব্য কৰে। তেওঁ এই আন্দোলনটোক নাৰীবাদী আন্দোলনৰ লগত তুলনা কৰে।[12][13]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "The Year Indian Comedians Took Politics Seriously". The Wire. https://thewire.in/culture/year-comedians-took-politics-seriously. 
  2. 2.0 2.1 "From 'practising Hindu atheist' to 'All Lives Matter': Who exactly is Dhruv Rathee?" (en ভাষাত). Free Press Journal. https://www.freepressjournal.in/india/from-practising-hindu-atheist-to-all-lives-matter-who-exactly-is-dhruv-rathee। আহৰণ কৰা হৈছে: 9 June 2020. 
  3. "'Fake news' friend arrested". www.telegraphindia.com. https://www.telegraphindia.com/india/39-fake-news-39-friend-arrested/cid/1340345। আহৰণ কৰা হৈছে: 2020-07-08. 
  4. "Poulami Nag to Dhruv Rathee: The YouTubers India subscribes to" (en ভাষাত). The Indian Express. 26 May 2019. https://indianexpress.com/article/express-sunday-eye/fun-facts-and-you-youtubers-bhuvan-bam-bb-ki-vines-dhruv-rathee-ramit-verma-poulami-nag-5744397/। আহৰণ কৰা হৈছে: 9 June 2020. 
  5. "#BBCRiverStories: बिहार की राजनीति में कितनी अहम है जाति?" (hi ভাষাত). BBC News हिंदी. 2019-03-28. https://www.bbc.com/hindi/india-47730613. 
  6. "WATCH: Popular YouTuber breaks down Delhi political standoff between Arvind Kejriwal and L-G Anil Baijal - Politics News, Firstpost". Firstpost. 2018-06-19. https://www.firstpost.com/politics/watch-popular-youtuber-breaks-down-delhi-political-standoff-between-arvind-kejriwal-and-l-g-anil-baijal-4540331.html। আহৰণ কৰা হৈছে: 2020-07-08. 
  7. "Gauri Lankesh's Final Editorial: 'In the Age of False News'". The Wire. https://thewire.in/communalism/gauri-lankesh-final-editorial-fake-news। আহৰণ কৰা হৈছে: 2020-07-08. 
  8. Krishnan, Murali (17 June 2019). "Space for media freedom rapidly shrinking in India: Dhruv Rathee". Deutsche Welle. Archived from the original on 26 June 2020. https://www.dw.com/en/space-for-media-freedom-rapidly-shrinking-in-india-dhruv-rathee/a-49232009। আহৰণ কৰা হৈছে: 26 July 2020. 
  9. 9.0 9.1 Ghosh, Devarsi. "Meet Dhruv Rathee, the 23-year-old YouTuber whose videos are infuriating Modi’s admirers". Scroll.in. https://scroll.in/magazine/878470/meet-dhruv-rathee-the-23-year-old-youtuber-who-is-fighting-the-right-wing-one-video-at-a-time। আহৰণ কৰা হৈছে: 9 June 2020. 
  10. "Dhruv Rathee, Author at ThePrint". ThePrint. https://theprint.in/author/dhruv-rathee/। আহৰণ কৰা হৈছে: 9 June 2020. 
  11. Halarnkar, Samar. "In an ancient land, a forest’s impending destruction threatens India’s future". Scroll.in. https://scroll.in/article/917537/in-an-ancient-land-a-forests-impending-destruction-threatens-indias-future। আহৰণ কৰা হৈছে: 9 June 2020. 
  12. "Slammed for saying 'All Lives Matter', Dhruv Rathee compares 'liberals to BJP supporters'" (en ভাষাত). Free Press Journal. https://www.freepressjournal.in/india/slammed-for-saying-all-lives-matter-dhruv-rathee-compares-liberals-to-bjp-supporters। আহৰণ কৰা হৈছে: 9 June 2020. 
  13. Gupta, Dyuti (8 June 2020). "Dhruv Rathee And The Privileged's Perspective on Black Lives". SheThePeople TV. Archived from the original on 9 June 2020. https://web.archive.org/web/20200609093046/https://www.shethepeople.tv/top-stories/opinion/dhruv-rathee-and-the-privilegeds-perspective-on-black-lives/। আহৰণ কৰা হৈছে: 9 June 2020.