ধৰণী বৰ্মণ

অভিনেতা, অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজক


ধৰণী বৰ্মন(১৯২৬ - ২০১৭) অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী অভিনেতা, পৰিচালক আৰু প্ৰযোজক আছিল। নলবাৰী জিলাৰ চামতাত জন্ম গ্ৰহণ কৰা বৰ্মণে সুৰদেৱী থিয়েটাৰৰ জন্ম দিয়ে। চিৰাজ,চম্বলৰ অভিশাপ আদি নাটত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা বৰ্মণ সংগীত নাটক একাডেমী বঁটা লাভ কৰা ভ্ৰাম্যমাণৰ প্ৰথম ব্যক্তি। ২০০৪ চনত নেচনেল কালচাৰেল য়ুথ ফেষ্টিভেল , কলিকতা আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা ফল্গু উৎসৱত তেওঁক মঞ্চসূৰ্য উপাধি প্ৰদান কৰা হয়।

মঞ্চসূৰ্য ধৰণী বৰ্মণ
জন্ম ৯ জানুৱাৰী, ১৯২৬
চামতা, নলবাৰী, অসম
মৃত্যু ২৮ জানুৱাৰী, ২০১৭
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা কটন কলেজিয়েট
পেচা অভিনেতা, প্ৰযোজক
দাম্পত্যসঙ্গী অবলা ডেকা
বঁটা, সন্মান, পুৰস্কাৰ আদি সংগীত নাটক একাডেমী
মঞ্চসূৰ্য উপাধি

চমু জীৱনী

সম্পাদনা কৰক

১৯২৬ চনৰ ৯ জানুৱাৰীত নলবাৰী জিলাৰ চামতাত ধৰণী বৰ্মণৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল জাতিৰাম বৰ্মন আৰু মাতৃ সুৰদেৱী বৰ্মণ। চামতা মিলন প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰা বৰ্মণে গুৱাহাটী কটন কলেজিয়েট হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ কলিকতাৰ ছিটি কলেজত নাম ভৰ্ত্তি কৰে যদিও সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত শিক্ষা অৰ্ধসমাপ্ত কৰি উভতি আহে। ১৯৪৯ চনত তেওঁ সৰ্থেবাৰীৰ অবলা ডেকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[1]

অভিনয় জীৱন

সম্পাদনা কৰক

ধৰণী বৰ্মণে প্ৰথমতে গুৱাহাটীৰ পাণবজাৰত দেউতাকৰ কাপোৰৰ দোকান ‘জে বৰ্মণ এণ্ড ছন্স’ত কৰ্মজীৱন আৰম্ভ কৰে যদিও পিছত নিজাকৈ কাঠৰ ব্যৱসায় আৰম্ভ কৰে। ১৯৫৩ চনত বৰ্মণৰ নেতৃত্বত ধৰ্মপুৰ শিল্পী সংঘ নামৰ এটি সাংস্কৃতিক অনুষ্ঠানৰ জন্ম হয়।[2] সেই সময়ত পিয়লি ফুকন নাটত নাম ভূমিকাত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে। ধৰ্মপুৰ শিল্পী সংঘই নিবেদন কৰা এই নাটখন নলবাৰী অঞ্চলত অনুষ্ঠিত হোৱা প্ৰথম টিকট কটা থিয়েটাৰ আছিল। ১৯৬০ চনত তেওঁ সদানন্দ লহকৰ প্ৰযোজিত নটৰাজ অপেৰাত নিয়মীয়া অভিনয় শিল্পী হিচাপে যোগদান দিয়ে। সেই নাট্যদলত থাকিয়ে তেওঁ কালাপাহাৰ, কুৰূক্ষেত্ৰৰ আগে, ভক্তৰ আহ্বান, ধৰ্মৰ বলি আদি নাটত অভিনয় কৰে। ১৯৬৩ চনত আৰম্ভ হোৱা অচ্যুত লহকৰনটৰাজ থিয়েটাৰত বৰ্মণে ঘাই অভিনেতা হিচাপে কাম কৰে। প্ৰথম বৰ্ষত তেওঁ হাইদৰ আলী নাটত নাম ভূমিকাত, জেৰেঙাৰ সতী নাটত গদাপাণি আৰু ভোগজৰাত লক্ষ্মী সিংহৰ ভূমিকাত অভিনয় কৰে। ১৯৬৪ চনত ধৰণী বৰ্মণে মাতৃৰ স্মৃতিত সুৰদেৱী নাট্য সংঘ নামৰ নাট্যদলৰ জন্ম দিয়ে আৰু ১৯৬৬ চনত নাট্যদলটিক সুৰদেৱী থিয়েটাৰ নাম দি পূৰ্নাংগ থিয়েটাৰলৈ ৰূপান্তৰিত কৰা হয়। সুৰদেৱী থিয়েটাৰৰ প্ৰথমবৰ্ষত বিষ্ণু ৰাভাই পৰিচালক তথা অভিনেতা হিচাপে অংশগ্ৰহণ কৰিছিল।[3] ১৯৭৬ চনত শিক্ষিত যুৱক-যুৱতীক সংস্থাপন দিবলৈ তেওঁ সুৰদেৱী শিল্পী তীৰ্থ গঠন কৰে। ১৯৭৯ চনত তেওঁৰ অভিভাৱকত্বত পুত্ৰ হিৰণ্য বৰ্মনৰ প্ৰযোজনাত বিষ্ণুজ্যোতি থিয়েটাৰৰ জন্ম হয়। ১৯৭৭ চনত পত্নী অবলা বৰ্মনৰ প্ৰযোজনাত অসমৰ প্ৰথম মহিলা ভ্ৰাম্যমাণ থিয়েটাৰ মুন থিয়েটাৰৰ জন্ম হয়। এই দলটিৰ নাট্যকাৰ-পৰিচালিকা আছিল পুষ্পা দেৱী। এই নাট্যদলটি এবছৰলৈহে কাৰ্যকৰী হৈ থাকে। ১৯৮৪ চনত পুত্ৰ ৰবীন দেৱবৰ্মণৰ প্ৰযোজনাত ৰংঘৰ নামৰ আন এটি নাট্যদল গঠন হয়। ১৯৯৬ চনত তেওঁ অসম নাট্য সন্মিলনৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। সেই বছৰতে অসম নাট্য সন্মিলনে নিৰ্মাণ কৰা সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা নামৰ টেলিনাটখনত তেওঁ এটা সৰু ভূমিকাত অভিনয় কৰে। সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে নিৰ্মাণ কৰা নৰকাসুৰ ছবিখনতো তেওঁ অভিনয় কৰে। ২০০৬ চনত অশীতিপৰ অৱস্থাত তেওঁ চামতাত চিৰাজ নাটত নাম ভূমিকাত অভিনয় কৰে। এই নাটখন ৰবীন্দ্ৰ ভৱনতো মঞ্চস্থ কৰা হয়। ২০০৭ চনত চিৰাজ নাটখন পুনৰ তেজপুৰবাণ ৰঙ্গমঞ্চ, নলবাৰী আৰু চামতাত মঞ্চস্থ হয়।[4]

উল্লেখযোগ্য নাট

সম্পাদনা কৰক

ধৰণী বৰ্মণে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য নাট হ'ল-

  • চম্বলৰ অভিশাপ
  • চিৰাজ
  • পিয়লি ফুকন
  • জেৰেঙাৰ সতী
  • ৰঞ্জিত সিংহ
  • ভক্তৰ আহ্বান
  • ভোগজৰা
  • সম্ৰাট অশোক

  • হৰিশ্চন্দ্ৰ
  • দেৱী অন্নপূৰ্ণা
  • কালাপাহাৰ
  • ৰক্ষকুমাৰ
  • কোহিনুৰ
  • কুৰূক্ষেত্ৰৰ আগে
  • ধৰ্মৰ বলি
  • কুশল কোঁৱৰ

সামাজিক জীৱন

সম্পাদনা কৰক

অভিনয়ৰ উপৰিও ধৰণী বৰ্মণে বিভিন্ন সামাজিক দিশত অৰিহণা আগবঢ়াইছে। ১৯৫৩ চনত তেওঁৰ উদ্যোগত অসমৰ দ্বিতীয়খন মঞ্চবিহু চামতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়।[3] তদুপৰি স্বাধীনতা আন্দোলনৰ সময়ত বিষ্ণু ৰাভা, তৰুণ সেন ডেকা আদিৰে সৈতে তেওঁ চোতালে চোতালে সভা অনুষ্ঠিত কৰি মানুহক সজাগ কৰিছিল। আশীৰ দশকৰ বিদেশী বহিষ্কাৰ কৰা আন্দোলনতো তেওঁ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। চামতা অঞ্চলৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান যেনে কামৰূপ কলেজ, চামতা খণ্ড উন্নয়ন কাৰ্যালয় আদি নিৰ্মাণৰ বাবে তেওঁ ভূমি দান কৰিছিল। ১৯৮৫ চনত তেওঁ অসম গণ পৰিষদৰ সদস্য হৈ ধৰ্মপুৰৰ সমষ্টিৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ নেতৃত্বত চামতাত বোমটিম নামৰ এটা ফুটবল দল গঠন হৈছিল। পিছলৈ এই দলটি বিজয় টিম নামেৰে বিখ্যাত হয়।

২০১৭ চনৰ ২৮ জানুৱাৰীত তেওঁ মৃত্যুবৰণ কৰে।

বঁটা আৰু সন্মান

সম্পাদনা কৰক
  • ২০০৬ চনত সংগীত নাটক একাডেমী বঁটা লাভ। এই বঁটা লাভ কৰা তেওঁ ভ্ৰাম্যমাণৰ প্ৰথম শিল্পী
  • ২০০৪ চনত নেচনেল কালচাৰেল য়ুথ ফেষ্টিভেল,কলকাতা আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা ফল্গু উৎসৱত মঞ্চসূৰ্য উপাধি লাভ।
  • ২০০৯ চনৰ ২৪ আগষ্টত নলবাৰী জিলা সাহিত্য সভাৰ পৰা নলবাৰী ৰত্ন উপাধি লাভ
  • ২০১২ চনত অসম নাট্য সন্মিলনৰ পৰা শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা বঁটা লাভ
  • ২০১৫ চনত অসম চৰকাৰৰ পৰা সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা লাভ
  • ২০১৬ চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ পৰা ভবেন বৰুৱা বঁটা লাভ।[1]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 "জীৱন মঞ্চ এৰি অজান দেশলৈ গুচি গ'ল মঞ্চসূৰ্য". দৈনিক অসম. ২৯ জানুৱাৰী. http://www.assamtribune.com/scripts/spd.asp?id=2017/jan2917/BigPage6.jpg। আহৰণ কৰা হৈছে: 19 April 2020. [সংযোগবিহীন উৎস]
  2. "Dharani Barman". https://sangeetnatak.gov.in/sna/citation_popup.php?id=968&at=2। আহৰণ কৰা হৈছে: 19 April 2020. 
  3. 3.0 3.1 ৰমণী বৰ্মণ (৯ ফেব্ৰুৱাৰী, ২০১৭). "ৰংগমঞ্চৰ সফল নাযক মঞ্চসূৰ্য ধৰণী বৰ্মণ". দৈনিক অসম. পৃষ্ঠা ৪. http://www.assamtribune.com/scripts/dainiknew.asp?id=feb0917/Page4। আহৰণ কৰা হৈছে: 19 April 2020. [সংযোগবিহীন উৎস]
  4. অতুল মজুমদাৰ (১০ ফেব্ৰুৱাৰী, ২০১৭). "মঞ্চসূৰ্যৰ চিৰ আলোকময় জীৱন-যাত্ৰা". দৈনিক অসম. http://www.assamtribune.com/scripts/spd.asp?id=2017/feb1017/BigPage18.jpg। আহৰণ কৰা হৈছে: 19 April 2020. [সংযোগবিহীন উৎস]