নটৰাজ থিয়েটাৰ হৈছে প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰবৰপেটা জিলাপাঠশালা নগৰত ১৯৬৩ চনত এই ভ্ৰাম্যমাণ নাট্যদলটো গঢ় লৈ উঠিছিল। ১৯৫৯ চনত পাঠশালাত সদানন্দ লহকৰে গঠন কৰা 'নটৰাজ অপেৰা' নামৰ যাত্ৰাদলটোক আদিপৰ্ব হিচাপে লৈয়ে অচ্যুত লহকৰে নটৰাজ থিয়েটাৰ গঢ় দিছিল[1]

নটৰাজ থিয়েটাৰ
ঠিকনা পাঠশালা, বৰপেটা জিলা, অসম
চহৰ বৰপেটা
দেশ ভাৰত
স্বতাধিকাৰী অচ্যুত লহকৰ
মুঠ সক্ৰিয় সময় ১৯৬৩ চন - ২০০৩ চন
অন্যান্য নাম নটৰাজ চিনে থিয়েটাৰ

ঐতিহাসিক বিৱৰণ

সম্পাদনা কৰক

নটৰাজ থিয়েটাৰৰ স্ৰষ্টা অচ্যুত লহকৰৰ পিতৃ গৌৰীকান্ত লহকৰ ব্যৱসায়ী আছিল। তেওঁৰ মূল ব্যৱসায় আছিল যাত্ৰাপাৰ্টীত ব্যৱহৃত সাজ-পাৰ, বাদ্যযন্ত্ৰ আদিৰ দোকান। স্বাভাৱিকতে তেওঁলোকৰ ঘৰলৈ বিভিন্ন শিল্পীৰ আহ-যোৱা হৈছিল আৰু অচ্যুত লহকৰ আৰু সদা লহকৰ তেওঁলোকৰ সান্নিধ্যলৈ আহিছিল। বজালী হাইস্কুলৰ প্ৰধান শিক্ষক ভৃগুপতি দত্ত আৰু শিক্ষক ধৰণিধৰ গোস্বামীৰ অনুপ্ৰেৰণাত অচ্যুত লহকৰ শিশু শিল্পীৰূপে সমাদৰ লাভ কৰিলেও তেওঁ মূলতঃ আকৃষ্ট হৈছিল মঞ্চৰ কাম-কাজৰ প্ৰতিহে। কলিকতাৰ পৰা ঘূৰি আহি যেতিয়া সদা লহকৰে আৰম্ভ কৰা 'নটৰাজ অপেৰা' দেখিলে, তেওঁ খুব আনন্দ পালে আৰু ইয়াক আৰু অধিক উন্নতকৰণৰ কাৰণে চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰি দিলে। ফলস্বৰূপে ১৯৬৩ চনত 'নটৰাজ থিয়েটাৰ'ৰ জন্ম হ'ল[1]

জন্ম-কাহিনী

সম্পাদনা কৰক

১৯৫৯ চনত পাঠশালাত সদানন্দ লহকৰে এক আধুনিক আৰু ব্যতিক্ৰমী যাত্ৰাপাৰ্টী নটৰাজ অপেৰা গঠন কৰে। এই দলটিয়ে ৰাজ্যৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰিছিল। ১৯৬০ চনত ই সম্পূৰ্ণ ভ্ৰাম্যমাণ পৰ্যায়লৈ ৰূপান্তৰিত হয় আৰু এই ভ্ৰাম্যমাণ যাত্ৰা ১৯৬২ চনলৈ বাহাল থাকে। পৰিৱৰ্তিত সমাজে 'নটৰাজ অপেৰা'ৰ এই ভ্ৰাম্যমাণ যাত্ৰাক আকোঁৱালি লৈছিল। 'নটৰাজ অপেৰা'ৰ এই কাম-কাজ দেখি অচ্যুত লহকৰে যাত্ৰাপাৰ্টীৰ এই ভ্ৰাম্যমাণ ৰূপটো আৰু কলিকতা, বোম্বাই আদি চহৰৰ থিয়েটাৰৰ ৰূপটো মিহলাই ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপ দিয়াৰ বাবে চিন্তা কৰিলে। সেয়েহে চুইচ টিপিয়েই ষ্টেজত মাইক, ৰঙা-নীলা লাইট আদি জ্বলাই তেওঁ চমক দিয়াৰ চেষ্টা কৰিব ধৰিলে। লগতে শিল্পীসকলক আৰ্থিক সুৰক্ষা দিয়া আৰু নাট্য শিল্পক আধূলিকতা প্ৰদান কৰাৰ বাবে অচ্যুত লহকৰে ১৯৬৩ চনত 'নটৰাজ অপেৰা'ক নতুনত্ব প্ৰদান কৰি 'নটৰাজ থিয়েটাৰ'ৰ জন্ম দিয়ে। [1]

ভ্ৰাম্যমাণ থিয়েটাৰ আখ্যা

সম্পাদনা কৰক

নটৰাজ থিয়েটাৰে যদিও প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ হিচাপে নাট্যপৰ্ব আৰম্ভ কৰিছিল, প্ৰথম অৱস্থাত কিন্তু কোনেও ইয়াক ভ্ৰাম্যমাণ থিয়েটাৰ হিচাপে কব বিচৰা নাছিল। ১৯৬৩-৬৪ বৰ্ষত গুৱাহাটীৰ জজ খেলপথাৰত গুৱাহাটী টাউন ক্লাৱৰ সাহায্যাৰ্থে নটৰাজক নিমন্ত্ৰণ কৰি অনা হৈছিল আৰু ইয়াতেই নটৰাজে পৰিৱেশন কৰা নাট উপভোগ কৰি সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱে নটৰাজক 'নটৰাজ ভ্ৰাম্যমাণ থিয়েটাৰ' হিচাপে আখ্যা দিছিল। নাটক চোৱাৰ দ্বিতীয় দিনাখন তেওঁ নিজৰ বাতৰি কাকতত এনেদৰে বাতৰি পৰিৱেশন কৰিছিল- "যাৰ নিজৰ শব্দ যন্ত্ৰ আছে, বৈদ্যুতিক কৌশল প্ৰয়োগ কৰা যন্ত্ৰপাতি আছে , নিজা মঞ্চ আছে, নিজা প্ৰেক্ষাগৃহ আছে, আনকি গাঁত খন্দাৰ পৰা কেৰাহি, বাল্টি সকলো আছে গতিকে এনে একক আৰু অনন্য থিয়েটাৰ পৃথিৱীৰ আন ঠাইত নাই বুলিয়েই বিশ্বৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ বুলি নামকৰণ কৰা হ'ল । "[1]

প্ৰথম বছৰৰ নাট্য পৰিক্ৰমা

সম্পাদনা কৰক

১৯৬৩ চনৰ ২ অক্টোবৰ তাৰিখে পাঠশালা হৰিমন্দিৰ প্ৰাঙ্গনত নটৰাজ থিয়েটাৰে প্ৰথম নাট মঞ্চস্থ কৰে। হৰিমন্দিৰ প্ৰাঙ্গনৰ অস্থায়ী মঞ্চত ভ্ৰাম্যমাণ থিয়েটাৰে মঞ্চস্থ কৰা প্ৰথমখন নাটক আছিল ফণী শৰ্মাৰ "ভোগজৰা"। এনেদৰে ভ্ৰাম্যমাণ থিয়েটাৰে পাঠশালাৰ পৰা ৰাজ্যৰ সকলো প্ৰান্তলৈ বিয়পি পৰিল। [1]

ৰঙ্গমঞ্চ

সম্পাদনা কৰক

প্ৰথম বৰ্ষত ভ্ৰাম্যমাণৰ ৰঙ্গমঞ্চখন চনন্ত (ট্ৰলী) আছিল। ঠেলি দিয়া ষ্টেজ বা ৰিভলভিং ষ্টেজৰ বিশেষত্ব আছিল এয়ে যে এখন মঞ্চত নাট চলি থকা সময়ত আনখন ষ্টেজত ছেটটো সজোৱা থাকে। ড্ৰপ পৰিলেই পূৰ্বৰ ষ্টেজখনক ঠেলা মাৰি আঁতৰাই আনখন ষ্টেজক আগৰখনৰ ঠাইত ৰখা হয়। ড্ৰপ আৰু আঁৰ কাপোৰৰৰ আঁৰত ষ্টেজৰ ছেটিং চলি থাকে বাবে দৰ্শকে ইয়াৰ একো উমঘাম নাপায়। ফলত নাটৰ মঞ্চায়নত কোনো যতি নপৰে আৰু কোনো ধৰণৰ বিৰতি নোলোৱাকৈ ধাৰাবাহিকভাৱে নাট চলি থাকে।

প্ৰথম বৰ্ষৰ প্ৰেক্ষাগৃহ

সম্পাদনা কৰক

প্ৰথম বৰ্ষৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ হলটো আজিৰ তুলনাত 'V' আকৃতিৰ আছিল। যিহেতু প্ৰথম বৰ্ষত ষ্টেজ এখনহে আছিল, সেয়েহে হলটোৰ সমুখ ভাগটো ৪০ ফুটমান বহল আছিল আৰু পিছলৈ ই 'V' আকৃতিত সম্প্ৰসাৰিত হৈছিল। সেই হিচাপত একেবাৰে পিছমূৰটো দীঘলে ৯০ ৰপৰা ১০০ ফুটমান হৈছিলগৈ।

একেদৰে চকীৰ ক্ষেত্ৰতো টিনৰ বা প্লাষ্টিকৰ চকী নাছিল। তাৰ পৰিৱৰ্তে কাঠৰ ফ'ল্ডিং চকীৰ ব্যৱস্থা কৰা হৈছিল। আনহাতে প্ৰাৰম্ভিক বৰ্ষত নটৰাজ থিয়েটাৰৰ প্ৰেক্ষাগৃহত কোনো গেলাৰীৰ ব্যৱস্থা নাছিল।

প্ৰথম বৰ্ষৰ নাটসমূহ

সম্পাদনা কৰক

নটৰাজ থিয়েটাৰত মঞ্চস্থ হোৱা প্ৰথম বৰ্ষৰ নাটসমূহ আছিল -

ক] উত্তম বৰুৱাৰ 'জেৰেঙাৰ সতী'
খ] ফণী শৰ্মাৰ 'ভোগজৰা'
গ] অতুল চন্দ্ৰ হাজৰিকাৰ 'টিকেন্দ্ৰজিৎ'
ঘ] 'হায়দৰ আলি'

প্ৰথম বৰ্ষত মঞ্চস্থ কৰা আটাইকেইখন নাটকেই বিশেষকৈ হাইদৰ আলি আৰু জেৰেঙাৰ সতী নাটক দুখনে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

প্ৰথম বৰ্ষৰ কৰ্মকৰ্তাসকল

সম্পাদনা কৰক

অচ্যুত লহকৰ আৰু সদা লহকৰৰ যুটীয়া প্ৰযোজনাত গঠন হোৱা নটৰাজ থিয়েটাৰৰ প্ৰথম বৰ্ষৰ বিভিন্ন কৰ্মকৰ্তাসকল আছিল এনে ধৰণৰ-

প্ৰথম বৰ্ষৰ কৰ্মকৰ্তাসকল
বৰ্ষ নাম
প্ৰযোজনা অচ্যুত লহকৰ আৰু সদা লহকৰ
উপদেষ্টা বিষ্ণু ৰাভা, ডাঃ কৃষ্ণকান্ত লহকৰ, ধৰণী গোস্বামী
নাট্য পৰিচালনা চন্দ্ৰ চৌধুৰী
নৃত্য পৰিচালনা কালৱণ্ত সিং, ৰবীন দাস
যন্ত্ৰসংগীত পৰিচালনা প্ৰভাত শৰ্মা, চন্দ্ৰ চৌধুৰী
পৰিকল্পনা অচ্যুত লহকৰ
কলা পৰিকল্পনা আদ্য শৰ্মা
ৰূপাঙ্কন আদ্য শৰ্মা, গজেন বৰুৱা, ত্ৰৈলোক্য দত্ত
সহযোগী প্ৰমোদ ৰায়
আলোক পৰিচালনা অচ্যুত লহকৰ
আলোক নিয়ন্ত্ৰণ তুষাৰ দাসগুপ্ত, ৰজনী দাস
স্থিৰচিত্ৰ ৰাজেন চৌধুৰী
স্মাৰক নগেন শৰ্মা, মঞ্জিল বৰদলৈ
শব্দযন্ত্ৰ নিয়ন্ত্ৰণ পৰেশ শৰ্মা, জীতেন দাস
দৃশ্য সজ্জা নিয়ন্ত্ৰণ সৰ্বেশ্বৰ দাস
সহযোগী হৰিচৰণ পাটগিৰী, বসন্ত গায়ন, কলা দাস, দধি পাটগিৰী, গঙ্গা দাস, বাবুল দাস, উপেন দাস, মাণিক ডেকা, ভবেন তালুকদাৰ
প্ৰচাৰ অক্ষয় পাটগিৰী আৰু কৃষ্ণ ৰয়

প্ৰথম বৰ্ষৰ শিল্পীসকল

সম্পাদনা কৰক

১৯৬৩-৬৪ বৰ্ষত নটৰাজে প্ৰথম বৰ্ষৰ নাট মঞ্চস্থ কৰিছিল। এই বৰ্ষৰ বিভিন্ন শিল্পীসকল আছিল এনেধৰণৰ -

প্ৰথম বৰ্ষৰ কৰ্মকৰ্তাসকল
কলা শিল্পীসকলৰ নাম
অভিনয় চন্দ্ৰ চৌধুৰী, জ্যোৎস্না দেৱী, অনুপমা ভট্টাচাৰ্য, ভোলা কটকী, নেত্ৰকমল বৰঠাকুৰ, জীতেন পাল, বনিতা বৰঠাকুৰ, মঞ্জিল বৰদলৈ, ধৰণী বৰ্মন, বলদেৱ শইকীয়া, সদা লহকৰ, ৰুদ্ৰ চৌধুৰী, হৰেণ ডেকা, স্বৰ্ণলতা বৰা, অক্ষয় পাটগিৰী, কৃষ্ণ বৰুৱা, নগেন শৰ্মা, প্ৰাণেশ্বৰ কাকতি, কৃষ্ণ ৰয়, খগেন বৰ্মন, মুকুল দাস, উদয় দাস আদি।
নৃত্য খগেন (নাউ) বৰ্মন, স্বৰ্ণ বৰা, জয়হৰি দাস, উদয় দাস, মুকুল দাস, বীণা বৰঠাকুৰ, পৱিত্ৰী কাকতি আৰু ভূপেন দাস।
যন্ত্ৰ গোপী দাস, লীলা শইকীয়া, মুনীন্দ্ৰ বৰকটকী, জয়হৰি দাস, ৰাজকৃষ্ণ বাঢ়ৈ, ৰজনী দাস, উদয় দাস, কান্তেশ্বৰ দাস, উপেন্দ্ৰ বৰ্মন আৰু চন্দ্ৰ চৌধুৰী।
কণ্ঠশিল্পীসকল ৰাজকৃষ্ণ বাঢ়ৈ। ৰাজকৃষ্ণ বাঢ়ৈয়ে প্ৰথম বছৰটিত পুৰুষ আৰু মহিলা উভয় কণ্ঠৰ গীতবোৰত কণ্ঠদান কৰিছিল।

পৰৱৰ্তী বৰ্ষৰ কাৰ্যকলাপ

সম্পাদনা কৰক

বজালীৰ সন্তান হৰেণ দাসৰ "ডায়মণ্ড চাৰ্কাচ'ৰ গেলাৰীৰ ধাৰণাৰ পৰা অচ্যুত লহকৰে ভ্ৰাম্যমাণ থিয়েটাৰতো গেলাৰীৰ পৰিকল্পনা কৰে আৰু তৃতীয় নাট্যবৰ্ষৰ পৰা নটৰাজ থিয়েটাৰত গেলাৰীৰ প্ৰৱৰ্তন কৰে। ১৯৬৩ চনৰ পৰা ২০০৩ চনলৈ সুদীৰ্ঘ কাল অসমৰ বিভিন্ন প্ৰান্তত নাট মঞ্চস্থ কৰা নটৰাজ থিয়েটাৰে বহুকেইখন নাট নিবেদন কৰিছে। তাৰে ভিতৰত 'বেউলা', 'অঙ্গাৰ', 'জেৰেঙাৰ সতী', 'নন্দদুলাল', 'আনাৰকলি', 'বন্দীতা', 'খনা', 'সতি-সাবিত্ৰী', 'বিপ্লৱ ১৮৫৭', 'চোৰাব ৰুস্তম', 'বিক্ৰমাদিত্য', 'অজেয় ভিয়েটনাম', 'ভৰত মিলন' আদি প্ৰধান। ১৯৬৮-৬৯ বৰ্ষত নটৰাজ থিয়েটাৰে নটৰাজ চিনে থিয়েটাৰ পদ্ধতি আৰম্ভ কৰিছিল। ১৯৭৭-৭৮ বৰ্ষত নটৰাজ থিয়েটাৰে বিহাৰ, মধ্যপ্ৰদেশ আদিলৈও নাট মঞ্চস্থ কৰিবলৈ ওলাই গৈছিল।[1]

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 কিশোৰ কুমাৰ কলিতা (লেখক), কিশোৰ কুমাৰ কলিতা আৰু ড॰ ৰনজিৎ ডেকা (সম্পাদক), পাঠশালা, আনন্দৰাম বৰুৱা একাডেমী প্ৰকাশন, পাঠশালা, পৃষ্ঠা ১৫৯ -ৰ পৰা উল্লিখিত , ডিচেম্বৰ, ২০১১

বাহ্যিক সংযোগ

সম্পাদনা কৰক
  1. অচ্যুত লহকৰৰ সৈতে এটা সাক্ষাৎকাৰ[সংযোগবিহীন উৎস], উৎস: আমি অসমীয়া ৱেবছাইট