বাণ ৰঙ্গমঞ্চ
অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ সাংস্কৃতিক সাধনাৰ অন্যতম ঐতিহ্যমণ্ডিত কেন্দ্ৰ বাণ ৰঙ্গমঞ্চ। এই মঞ্চক বাণ ষ্টেজ আৰু বাণ থিয়েটাৰ বুলিও জনা যায়। অসমৰ ভালেকেইগৰাকী বৰণ্যে শিল্পী, কলা-কুশলী তথা নাট্যকাৰৰ সাংস্কৃতিক জীৱনৰ শুভাৰম্ভ বাণ ৰঙ্গমঞ্চতেই হৈছিল। কেইজনমান উল্লেখযোগ্য ব্যক্তি হ’ল সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, ড° ভূপেন হাজৰিকা, পদ্মনাথ গোহাঞিবৰুৱা, নকুল চন্দ্ৰ ভূঞা প্ৰমূখ্যে অনেক মহান শিল্পীয়ে এই মঞ্চতেই সাংস্কৃতিক সাধনা কৰিছিল।
বাণ ৰঙ্গমঞ্চ Baan Theatre | |
---|---|
![]() পুৰণি বাণ ৰঙ্গ মঞ্চ | |
প্ৰতিষ্ঠা | ১৯০৬ |
অৱস্থিতি | তেজপুৰ, অসম |
প্ৰকাৰ | সাংস্কৃতিক ক্ষেত্ৰ |
ইতিহাসসম্পাদনা কৰক
বাণ থিয়েটাৰ প্ৰথমে তেজপুৰৰ কলিবাৰীৰ এডোখৰ ত্ৰিকোণীয়া ভূমিত ১৯০৬ চনত স্থাপন কৰা হৈছিল৷ সেই সময়ত “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ পৃষ্ঠপোষকতাত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক পদ অলংকৃত কৰিছিল পদ্মনাথ গোহাঞিদেৱে৷ প্ৰথম অৱস্থাত সমিতিৰ কাৰ্যক্ৰম আৰম্ভ কৰিবলৈ অস্হায়ীভাৱে এখন সমিতি গঠন কৰি নিয়মাবলী প্ৰস্তুত কৰা হৈছিল৷ অনুষ্ঠিত বাণ থিয়েটাৰত ১৯০৬ চনত অনুষ্ঠিত কৰা ‘কৰ্ণবধ’ ভাওনাৰে বাণ ৰঙ্গমঞ্চৰ শুভাৰম্ভ কৰা হৈছিল৷ পাছত ১৯০৭ চনত দূৰ্গাপূজাৰ সপ্তমীৰ নিশা পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা ‘বাণৰজা’ নাটকৰে বাণ থিয়েটাৰৰ নাট নিবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷[1]
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ গণ অধিকাৰ, দেওবৰীয়া বিশেষ, গুৱাহাটী প্ৰকাশন, দেওবাৰ, ১৯ ফেব্ৰুৱাৰী, ২০১২, লেখক: হেমন্ত কুমাৰ নাথ, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ, এক অৱলোকন৷
ৱিকিমিডিয়া কমন্সত Baan thatre সম্পৰ্কীয় মিডিয়া ফাইল আছে। |