নদিয়া কে পাৰ (১৯৮২ চলচ্চিত্ৰ)
নদিয়া কে পাৰ (ইংৰাজী: Nadiya Ke Paar, হিন্দী: नदिया के पार) হৈছে গোবিন্দ মুনিশৰ দ্বাৰা পৰিচালিত ১৯৮২ চনৰ এখন ভাৰতীয় অবধী ভাষাত নিৰ্মিত ড্ৰামা ফিল্ম৷ চলচ্চিত্ৰখন কেশৱ প্ৰসাদ মিশ্ৰৰ হিন্দী উপন্যাস “কোহৱৰ কী শৰ্ত”ৰ প্ৰথমাৰ্ধৰ ওপৰত আধাৰিত, চলচ্চিত্ৰখন উত্তৰ প্ৰদেশৰ জৌনপুৰত নিৰ্মাণ কৰা হৈছে৷ চলচ্চিত্ৰখনত অভিনয় কৰিছে- শচীন, সাধনা সিং, ইন্দৰ ঠাকুৰ, মিতালী, সবিতা বাজাজ, শীলা ডেভিদ, লীলা মিশ্ৰ আৰু চনী ৰাট৷[1] ছবিখন বক্স অফিচত “চুপাৰ হিট” হয়।[2]
নদিয়া কে পাৰ | |
---|---|
প’ষ্টাৰ | |
পৰিচালক | গোবিন্দ মুনিশ |
ৰচনা | কেশৱ প্ৰসাদ মিশ্ৰ |
ভিত্তি | কোহৱৰ কী শৰ্ত লেখক: কেশৱ প্ৰসাদ মিশ্ৰ |
প্ৰযোজক | তাৰাচন্দ বড়জাত্যা |
অভিনয়ত | শচীন সাধনা সিং |
সংগীত পৰিচালক | ৰবীন্দ্ৰ জৈন |
পৰিবেশক | ৰাজশ্ৰী প্ৰডাকচনছ |
মুক্তি |
১ জানুৱাৰী ১৯৮২ |
দৈৰ্ঘ্য |
১৪৩ মিনিট |
দেশ | ভাৰত |
ভাষা | অবধী ভোজপুৰী |
ৰাজশ্ৰী প্ৰডাকচনে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখন ১৯৮২ চনৰ ১ জানুৱাৰীত মুক্তি লাভ কৰে। চলচ্চিত্ৰখন পিছত ১৯৯৪ চনত ৰাজশ্ৰী প্ৰডাকচনৰ দ্বাৰা “হাম আপকে হে কৌন!” নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।[3] চলচ্চিত্ৰখনক তেলেগু ভাষালৈ “প্ৰেমালয়ম” নামেৰে ডাব কৰা হয়৷
প্লট
সম্পাদনা কৰকচলচ্চিত্ৰখনৰ কাহিনীভাগ কেশৱ প্ৰসাদ মিশ্ৰৰ হিন্দী উপন্যাস “কোহৱৰ কী শৰ্ত”ৰ প্ৰথমাৰ্ধৰ ওপৰত আধাৰিত৷ ইয়াত উত্তৰ প্ৰদেশত বসবাস কৰা এগৰাকী ব্ৰাহ্মণ খেতিয়কক তেওঁৰ দুই ভতিজাৰ সৈতে দেখুওৱা হয়৷ তেওঁৰ বেমাৰ হয়, তেওঁৰ চিকিৎসাৰ বাবে ওচৰৰ গাঁও এখনৰ পৰা বৈদ্য এগৰাকীক মাতিবলৈ তেওঁৰ ভতিজা যায়৷ যেতিয়া খেতিয়কগৰাকী সুস্থ হৈ পৰে তেতিয়া তেওঁ চিকিৎসাৰ বাবে বৈদ্যগৰাকীক দিবলগীয়া খৰচৰ বিষয়ে সুধে; তেতিয়া বৈদ্য গৰাকীয়ে তেওঁৰ জ্যেষ্ঠ জীয়াৰী খেতিয়কৰ জ্যেষ্ঠ ভতিজা গৰাকীৰ সৈতে বিবাহৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু ব্ৰাহ্মণ খেতিয়ক গৰাকীও লগালগ সহমত হয়৷
ওমকাৰ (ইন্দৰ ঠাকুৰ) -ৰ বৈদ্য গৰাকীৰ জ্যেষ্ঠ কন্যা ৰূপা (মিতালী) -ৰ সৈতে বিবাহ সম্পন্ন হয় আৰু সুখী জীৱন-যাপন কৰিবলৈ লয়৷ ৰূপা এটি সন্তান জন্ম দিয়ে৷ ৰূপাৰ ভনী গুঞ্জা (সাধনা সিং) ৰূপাৰ গৰ্ভৱতী অৱস্থাত কামকাজত সহায় কৰিবলৈ সিহঁতৰ ঘৰলৈ আহে আৰু ওমকাৰৰ সৰু ভাই চন্দনৰ সৈতে প্ৰেমত পৰে৷
ৰূপা যেতিয়া সিহঁতৰ প্ৰেমৰ কথা গম পায় তেতিয়া সিহঁতক বিবাহ কৰাই দিয়াত সহায় কৰিম বুলি কথা দিয়ে যদিও এক দুৰ্ঘটনাত তেওঁৰ মৃত্যু হৈ যায়৷ সিহঁতৰ প্ৰেমৰ কথা ৰূপাৰ বাহিৰে সিহঁতৰ পৰিবাৰৰ কোনোৱে গম নাপায়৷ ৰূপাৰ মৃত্যুৰ পিছত খেতিয়ক আৰু বৈদ্য দুয়ো ৰূপাৰ সন্তানৰ পালন পোষণ কৰিবলৈ বুলি গুঞ্জাৰ বিবাহ ওমকাৰৰ সৈতে কৰিবলৈ বিচাৰে৷ যেতিয়া বিবাহ অনুষ্ঠানৰ সকলো কাৰুকাৰ্য সম্পূৰ্ণ হয় তেতিয়া চন্দন আৰু গুঞ্জাৰ প্ৰেম কাহিনী বাহিৰলৈ আহে৷ অৱশেষত গুঞ্জা আৰু চন্দনৰ সৰ্বসন্মতি সাপেক্ষে বিবাহ সম্পন্ন হয়৷
অভিনয়ত
সম্পাদনা কৰকঅভিনয়ত | চৰিত্ৰ | তথ্যসূত্ৰ |
শচীন | চন্দন টিৱাৰী; ওমকাৰৰ সৰু ভাই | |
সাধনা সিং | গুঞ্জা টিৱাৰী; বৈদ্যৰ কনিষ্ঠ জীয়াৰী; ৰূপাৰ ভনী; চন্দনৰ প্ৰেয়সী পিছলৈ পত্নী | |
মিতালী | ৰূপা; বৈদ্যৰ জ্যেষ্ঠ কন্যা; গুঞ্জাৰ ডাঙৰ ভনী; ওমকাৰৰ পত্নী; চন্দনৰ নবৌ | |
বিষ্ণু কুমাৰ | বৈদ্য জী; ৰূপা আৰু গুঞ্জাৰ পিতৃ | |
লীলা মিশ্ৰ | কাকী | |
ইন্দৰ ঠাকুৰ | ওমকাৰ; চন্দনৰ জ্যেষ্ঠ ভাতৃ | |
ৰাম মোহন | খেতিয়ক; ওমকাৰ আৰু চন্দনৰ খুৰা | |
শীলা শৰ্মা | ৰাজ্জো; চন্দনৰ প্ৰতি দুৰ্বলতা থকা চন্দনৰ শৈশৱৰ লগৰী |
সংগীত
সম্পাদনা কৰকচলচ্চিত্ৰখনৰ সংগীত ৰচনা ৰবীন্দ্ৰ জৈনৰ। চলচ্চিত্ৰখনত থকা গীত বোৰৰ ভিতৰত “কৌন দিশা মে লেকে চলা ৰে বটোহিয়া”, “যোগী জী ধীৰে ধীৰে” আদি অধিক জনপ্ৰিয়৷
নদিয়া কে পাৰৰ গীতৰ তালিকা | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | কণ্ঠশিল্পী | দৈৰ্ঘ্য | |||||||
1. | "যোগী জী ধীৰে ধীৰে" | হেমলতা, যোশপাল সিং চন্দ্ৰানী মুখাৰ্জী | ০৮:১৪ | |||||||
2. | "কৌন দিশা মে লেকে চলা ৰে বটোহিয়া" | হেমলতা আৰু যোশপাল সিং | ০৬:৪৪ | |||||||
3. | "জব তক পুৰে না হো ফীৰ সাথ" | হেমলতা আৰু সংগীবৃন্দ | ০৫:৫১ | |||||||
4. | "সাঁচী কহে তোৰে অৱন সে" | যোশপাল সিং | ০৫:০৫ | |||||||
5. | "গুঞ্জা ৰে চন্দন" | সুৰেশ ৱাডকৰ আৰু হেমলতা | ০৫:০৯ | |||||||
6. | "জব তক পুৰে না হো ফীৰ সাথ (Sad)" | হেমলতা আৰু সংগীবৃন্দ | ০১:৩৪ | |||||||
মুঠ দৈৰ্ঘ্য: |
৩২:২৭ |
পৰৱৰ্তী ঘটনা
সম্পাদনা কৰক“এয়াৰ ইণ্ডিয়া ফ্লাইট ১৮২” ৰ দুৰ্ঘটনাত ওমকাৰৰ চৰিত্ৰত অভিনয় কৰা ইন্দৰ ঠাকুৰৰ মৃত্যু হয়।[3]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Nadiya Ke Paar : Complete Cast and Crew details
- ↑ "Top Earners 1982". 2 January 2010. Archived from the original on 2 January 2010. https://web.archive.org/web/20100102005947/http://boxofficeindia.com/showProd.php?itemCat=188&catName=MTk4Mg==। আহৰণ কৰা হৈছে: 1 February 2021.
- ↑ 3.0 3.1 "Hum Aapke Hain Koun @ 20: Lesser Known Facts". The Times of India. 5 August 2015. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/hum-aapke-hain-koun-20-lesser-known-facts/photostory/39670204.cms। আহৰণ কৰা হৈছে: 14 July 2021.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- নদিয়া কে পাৰ (১৯৮২ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- নদিয়া কে পাৰ সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য