Naitō Torajirō (Japanese: 内藤 虎次郎?, ২৭ আগষ্ট, ১৮৬৬ – ২৬ জুন, ১৯৩৪), সাধাৰণতে Naitō Konan ( নামেৰে জনাজাত内藤 湖南?), এজন জাপানী ইতিহাসবিদ আছিল। [1] নাইটো কোনন চীনত বৌদ্ধিক চৰ্চা কৰা প্ৰথম জাপানী লোক। নাইটো কোননৰ লিখনিয়ে বিশ্বৰ অন্যান্য লেখকক প্ৰভাৱান্বিত কৰিছিল। জাপানচীনৰ বিষয়ে চৰ্চাৰ এক দীঘলীয়া ঐতিহ্য আছিল। নাইটোই নিজৰ কামৰ বাবে পশ্চিমীয়া ইতিহাস লিখনিৰ (Historiography) নতুন কৌশল তথা নিজৰ সাংবাদিক জীৱনৰ অভিজ্ঞতা প্ৰয়োগ কৰিছিল। তেওঁ ১৯০৭-ত কিউটো বিশ্ববিদ্যালয়ত প্ৰাচ্য অধ্যয়ন বিভাগ প্ৰতিষ্ঠা কৰাত সহায় কৰে। চীনাৰণ (Shinaron-চীনত, ১৯১৪) নামৰ গ্ৰন্থত তেওঁ যুক্তি দৰ্শাইছিল যে গণতান্ত্ৰিক চৰকাৰৰ জৰিয়তে চীনচুং ৰাজবংশৰ (৯৬০-১২৭৯) পৰা চলি অহা অভিজাত শ্ৰেণীৰ নিয়ন্ত্ৰণ আৰু কেন্দ্ৰীভূত শাসন ওফৰোৱাৰ পথ লাভ কৰিব পাৰি। তেওঁ কৈছিল যে সংস্কাৰৰ জৰিয়তে স্থানীয় সমাজক পুনৰজীৱন দিবৰ বাবে সেইটোৱেই পথ। তেওঁ চীন ইতিহাসত এনে শক্তিৰ সন্ধান পায়, যাৰ সহায়ত চীনআধুনিক আৰু গণতান্ত্ৰিক শক্তিৰূপে প্ৰতিষ্ঠা কৰিব পাৰি। তেওঁৰ মতে জাপানে চীন দেশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। কিন্তু তেওঁ চীন জাতীয়তাবাদী শক্তিৰ প্ৰতি উচ্চ মনোভাৱ পোষণ কৰা নাছিল। </ref> [2]

নাইটো কোনন

নাইটো কোনন নিজ বাসভৱনত, এপ্ৰিল ৯, ১৯৩৪
জন্ম ২৭ আগষ্ট, ১৮৬৬
Kazuno, Akita, Japan
মৃত্যু ২৬ জুন, ১৯৩৪ (৬৭ বছৰ)
জাপান Kamo, Kyoto, Empire of Japan
সমাধিস্থল টকিঅ' Hgbb

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Jeffrey N. Wasserstrom (16 June 2016). আধুনিক চীনৰ অক্সফৰ্ড ইলাষ্ট্ৰেটেড হিষ্ট্ৰী. OUP Oxford. পৃষ্ঠা. 5. ISBN 978-0-19-150671-0. https://books.google.com/books?id=bWVnDAAAQBAJ. 
  2. বুৰঞ্জী (বিশ্ব ইতিহাসৰ কিছু বিষয়). অসম বুক ডিপো. ২০১৩. পৃষ্ঠা. ২০৯.